--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমান দিনে আইচিচিৰ টেষ্ট ৰেংকিঙত বিশ্বৰ এক নম্বৰ বলাৰ আছিল পেট কামিন্স। অষ্ট্ৰেলিয়াৰ পেচাৰগৰাকীক এতিয়া চেৰাই গ’ল জেমছ এণ্ডাৰছন আৰু ৰবিচন্দ্ৰন অশ্বিনে।

৩০ বছৰ বয়সত ইংলেণ্ডৰ ফাষ্ট বলাৰ জেমছ এণ্ডাৰছনে টেষ্টত এক নম্বৰ বলাৰ হিচাপে পৰিগণিত হৈছে। দ্বিতীয় স্থানত থকা অশ্বিনৰ বয়স ৩৬ বছৰ। কামিন্স তৃতীয় স্থানত আছে।

যোৱা সপ্তাহত নিউজিলেণ্ডৰ বিৰুদ্ধে এণ্ডাৰছনে ৭টা উইকেট দখল কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ পাঁচবাৰ টেষ্টত এক নম্বৰ স্থান লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে ২০১৬ চনত। সেইবাৰ এণ্ডাৰছনে ষ্টুয়াৰ্ট ব্ৰড আৰু ৰবিচন্দ্ৰন অশ্বিনক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰে।

উল্লেখ্য যে এণ্ডাৰছনে ২০০৩ চনৰ পৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছে। আইচিচিৰ ৰেংকিঙত শেষবাৰৰ বাবে শীৰ্ষস্থান দখল কৰিছিল ২০১৮ চনত। পাঁচ মাহ ধৰি তেওঁ সেই স্থানত অধিষ্ঠিত আছিল।

এণ্ডাৰছনে ১৭৮খন টেষ্ট মেচ খেলিছিল। ৬৮২ টা উইকেট দখল কৰিছে এতিয়ালৈকে। ১৯৪ খন এদিনীয়া মেচ খেলি  ২৬৯টা উইকেট দখল কৰিছিল। টেষ্ট ক্ৰিকেটত নিয়মীয়াকৈ খেলা সত্ত্বেও এণ্ডাৰছনক শেষবাৰৰ বাবে ২০১৫ চনত এদিনীয়া ক্ৰিকেটত দেখা গৈছিল।

আধুনিক ক্ৰিকেটত ৪০ বছৰ বয়সত এক নম্বৰ স্থান দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণতি হৈছে এণ্ডাৰছন। ইয়াৰ পূৰ্বে বাৰ্ট আইৰনমংগাৰ আছিল প্ৰথম স্থানত থকা আটাইতকৈ বয়সীয়াল খেলুৱৈ। ৫০ বছৰ বয়সত তেওঁ এক নম্বৰত স্থান লাভ কৰে। যদিও সেইটো ১৯৩৩ চনৰ কথা।

১৯৩৬ চনত ক্লেৰী গ্ৰিমেট এক নম্বৰ বলাৰ হিচাপে পৰিগণিত হয়। তেতিয়া তেওঁৰ বয়স আছিল ৪৪ বছৰ। ১৯২৯ চনত টাইচ ফ্ৰীমেন প্ৰথম নম্বৰত স্থান লাভ কৰে। সেই সময়ত তেওঁৰ বয়স আছিল ৪১ বছৰ। ৪০ বছৰ ৯ মাহ বয়সত ছিডনী বাৰ্নছে এক নম্বৰত স্থান লাভ কৰে। ১৯১৪ চনত তেওঁ শীৰ্ষস্থান দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক