--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশপ্ৰীত বুমৰাহ কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব? ক্ৰিকেটানুৰাগীসকলৰ মাজত এই লৈ ব্যাপক চৰ্চা চলি আছে। কিন্তু এতিয়াও নিশ্চিত নহয় তাৰকাগৰাকীৰ প্ৰত্যাৱৰ্তন। মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল খেলিব পাৰিব বুলি আশা কৰা হৈছে।

আঘাতৰ বাবে এতিয়া বাংগালোৰস্থিত নেশ্যনেল ক্ৰিকেট একাডেমীত আছে বুমৰাহ। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসকে তেওঁৰ যত্ন লৈছে। তেওঁলোকৰ পৰামৰ্শ মানি চলি আছে বুমৰাহে। বুমৰাহক কেইবাবাৰো জাতীয় দললৈ মাতি অনা হৈছিল যদিও শেষত তেওঁক একাডেমীয়ে খেলিবলৈ দিয়া নাছিল। ফলত তেওঁৰ খেলপথাৰলৈ উভতি অহাটো বাৰে বাৰে পিছুৱাই গৈছে। বিচিচিআইয়ে এতিয়াও বুমৰাহক লৈ দৃঢ় সিদ্ধান্ত ল’বলৈ ইচ্ছুক নহয়।

দেশৰ অন্যতম শ্ৰেষ্ঠ বলাৰজনক যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখা পোৱা নাই। বহুতে ভাবিছিল যে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট বা এদিনীয়া শৃংখলাত খেলিব পাৰিব। কিন্তু এনচিএই তেওঁক খেলিবলৈ অনুমোদন নিদিলে। ভাৰতীয় ব’ৰ্ডৰ সূত্ৰ অনুসৰি, বুমৰাহে যোৱা ১০ দিনত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত কেইখনমান অনুশীলন মেচ খেলিছে। অৱশ্যে এতিয়াও তেওঁক প্ৰতিযোগিতামূলক মেচ খেলিবলৈ দিয়া হোৱা নাই।

এনচিএৰ চিকিৎসকে তেওঁক পৰ্যবেক্ষণত ৰাখিছে। প্ৰায় প্ৰতিদিনে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদন ব’ৰ্ডৰ বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে। প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহিলেও বুমৰহৰ ওপৰত অধিক হেঁচা দিব নিবিচাৰে ব’ৰ্ডৰ চিকিৎসকে। এদিনত তেওঁ কিমান কাম কৰিব সেইটো নিৰ্দিষ্ট কৰি দিয়া হৈছে। ব’ৰ্ডেও এতিয়া বুমৰাহক বেছি হেঁচা নিদিব বিচাৰে।

অহা অক্টোবৰ মাহত এদিনীয়া বিশ্বকাপ। ইয়াৰ পূৰ্বে জুন মাহত ৰোহিত শৰ্মাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ সম্ভাৱনা আছে। ব’ৰ্ডে এই দুখন প্ৰতিযোগিতাত বুমৰাহ সম্পূৰ্ণ সুস্থ হোৱাটো বিচাৰে। গতিকে তেওঁ মুম্বাইৰ হৈ আই পি এল খেলিলেও থাকিব কিছু সীমাৱদ্ধতা। বুমৰাই কি মেচ খেলিব, মেচ এখনত কিমান আৰু কেনেধৰণৰ প্ৰচেষ্টা কৰিব পাৰিব — এই সকলোবোৰ এনচিএৰ বিশেষজ্ঞই ঠিক কৰি দিব। বুমৰাহ আৰু মুম্বাই ইণ্ডিয়ানছ কৰ্তৃপক্ষই তেনেকৈয়ে চলিব লাগে। অৱশ্যে পাঁচবাৰৰ আই পি এল চেম্পিয়ন দলৰ স্বাৰ্থ যাতে অক্ষুণ্ণ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু