--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশপ্ৰীত বুমৰাহ কেতিয়া খেলপথাৰলৈ ঘূৰি আহিব? ক্ৰিকেটানুৰাগীসকলৰ মাজত এই লৈ ব্যাপক চৰ্চা চলি আছে। কিন্তু এতিয়াও নিশ্চিত নহয় তাৰকাগৰাকীৰ প্ৰত্যাৱৰ্তন। মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল খেলিব পাৰিব বুলি আশা কৰা হৈছে।

আঘাতৰ বাবে এতিয়া বাংগালোৰস্থিত নেশ্যনেল ক্ৰিকেট একাডেমীত আছে বুমৰাহ। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসকে তেওঁৰ যত্ন লৈছে। তেওঁলোকৰ পৰামৰ্শ মানি চলি আছে বুমৰাহে। বুমৰাহক কেইবাবাৰো জাতীয় দললৈ মাতি অনা হৈছিল যদিও শেষত তেওঁক একাডেমীয়ে খেলিবলৈ দিয়া নাছিল। ফলত তেওঁৰ খেলপথাৰলৈ উভতি অহাটো বাৰে বাৰে পিছুৱাই গৈছে। বিচিচিআইয়ে এতিয়াও বুমৰাহক লৈ দৃঢ় সিদ্ধান্ত ল’বলৈ ইচ্ছুক নহয়।

দেশৰ অন্যতম শ্ৰেষ্ঠ বলাৰজনক যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখা পোৱা নাই। বহুতে ভাবিছিল যে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট বা এদিনীয়া শৃংখলাত খেলিব পাৰিব। কিন্তু এনচিএই তেওঁক খেলিবলৈ অনুমোদন নিদিলে। ভাৰতীয় ব’ৰ্ডৰ সূত্ৰ অনুসৰি, বুমৰাহে যোৱা ১০ দিনত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত কেইখনমান অনুশীলন মেচ খেলিছে। অৱশ্যে এতিয়াও তেওঁক প্ৰতিযোগিতামূলক মেচ খেলিবলৈ দিয়া হোৱা নাই।

এনচিএৰ চিকিৎসকে তেওঁক পৰ্যবেক্ষণত ৰাখিছে। প্ৰায় প্ৰতিদিনে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদন ব’ৰ্ডৰ বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে। প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহিলেও বুমৰহৰ ওপৰত অধিক হেঁচা দিব নিবিচাৰে ব’ৰ্ডৰ চিকিৎসকে। এদিনত তেওঁ কিমান কাম কৰিব সেইটো নিৰ্দিষ্ট কৰি দিয়া হৈছে। ব’ৰ্ডেও এতিয়া বুমৰাহক বেছি হেঁচা নিদিব বিচাৰে।

অহা অক্টোবৰ মাহত এদিনীয়া বিশ্বকাপ। ইয়াৰ পূৰ্বে জুন মাহত ৰোহিত শৰ্মাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ সম্ভাৱনা আছে। ব’ৰ্ডে এই দুখন প্ৰতিযোগিতাত বুমৰাহ সম্পূৰ্ণ সুস্থ হোৱাটো বিচাৰে। গতিকে তেওঁ মুম্বাইৰ হৈ আই পি এল খেলিলেও থাকিব কিছু সীমাৱদ্ধতা। বুমৰাই কি মেচ খেলিব, মেচ এখনত কিমান আৰু কেনেধৰণৰ প্ৰচেষ্টা কৰিব পাৰিব — এই সকলোবোৰ এনচিএৰ বিশেষজ্ঞই ঠিক কৰি দিব। বুমৰাহ আৰু মুম্বাই ইণ্ডিয়ানছ কৰ্তৃপক্ষই তেনেকৈয়ে চলিব লাগে। অৱশ্যে পাঁচবাৰৰ আই পি এল চেম্পিয়ন দলৰ স্বাৰ্থ যাতে অক্ষুণ্ণ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক