--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ মধ্যপ্ৰদেশৰ মাণ্ডছৌৰত এগৰাকী যুৱতী ফিজিঅ’থেৰাপিষ্টে  আত্মহত্যা কৰাৰ ঘটনাই আলোড়ণৰ  সৃষ্টি কৰিছে।  আত্মহত্যাৰ পূৰ্বে  যুৱতীগৰাকীয়ে ৮ পৃষ্ঠাৰ ছুইচাইড নোট লিখি থৈ গৈছে। প্ৰেমত বিশ্বাসঘাতকতাৰ বাবেই তেওঁ  আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে। মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে  ৮ পৃষ্ঠাৰ চুইচাইড নোট লিখি থৈ গৈছে।  পত্ৰ খন তেওঁ নিজৰ ইনষ্টাগ্ৰাম পেজতো আপলোড কৰিছে। ছুইচাইড নোটত লিখা আছে - 'গুডবাই প্ৰতাৰক পৃথিৱী আৰু প্ৰতাৰক  মানুহ।' বিদায় মোৰ প্ৰেম.. তোমাৰ বাবে মই মোৰ প্ৰাণ আহুতি দিলোঁ। মই তোমাক কৈছিলো যে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। এই সকলোবোৰৰ পিছতো তুমি মোক মাৰিলা। মন্দছৌৰৰ পিপলীয়ামণ্ডী নগৰৰ নিবাসী ড০ আশু মেঘৱালৰ মৃত্যুৰ পিছত বৃহস্পতিবাৰে ভীম সেনাৰ কৰ্মীৰ সৈতে ক্ষুব্ধ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃতদেহ ঘাইপথত ৰাখি পথ অৱৰোধ কৰে। পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ আত্মহত্যাৰ বাবে প্ৰেমিকক জগৰীয়া কৰি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।


মৃত যুৱতীগৰাকীয়ে  ফিজিঅ’থেৰাপিষ্টৰ পাঠ্যক্ৰম কৰি আছিল। ছ’চিয়েল মিডিয়া একাউণ্টৰ এটা পোষ্টত তেওঁ পিতৃক উদ্দেশ্যি ক্ষমা বিচাৰিছিল। তেওঁ লিখিছিল- 'মোক ক্ষমা কৰি দিয়ক পাপা'। আনহাতে, দ্বিতীয়টো পোষ্টত জিতেন্দ্ৰ নাগদাই তেওঁক  প্ৰেমত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তৃতীয়টো পোষ্টত যুৱকজনৰ সৈতে ১০খন ফটো আপলোড কৰিছিল।

যুৱতীগৰাকীৰ পৰিয়ালে জনোৱা মতে দুয়োজনেই দীৰ্ঘদিন ধৰি লিভ-ইন ৰিলেচনত আছিল যদিও ৫ মাহ পূৰ্বে যুৱকজনে আন কাৰোবাক বিয়া কৰায়। যাৰ বাবে ছোৱালীজনী দুখী হৈ পৰিছিল আৰু আত্মহত্যাৰ পথ বাছি লৈছিল। যুৱকজনে কৈছিল-মই মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰি তোমাক বিয়া কৰাম।  সোমবাৰে নিশা ৩ বজাৰ পৰা ৮ বজালৈ দুয়ো একেলগে থাকিছিল যদিও ৰাতি জিতেন্দ্ৰৰ সৰু ভায়েকে আহি দুয়োকে গালি-গালাজ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ