--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ মধ্যপ্ৰদেশৰ মাণ্ডছৌৰত এগৰাকী যুৱতী ফিজিঅ’থেৰাপিষ্টে  আত্মহত্যা কৰাৰ ঘটনাই আলোড়ণৰ  সৃষ্টি কৰিছে।  আত্মহত্যাৰ পূৰ্বে  যুৱতীগৰাকীয়ে ৮ পৃষ্ঠাৰ ছুইচাইড নোট লিখি থৈ গৈছে। প্ৰেমত বিশ্বাসঘাতকতাৰ বাবেই তেওঁ  আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে। মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে  ৮ পৃষ্ঠাৰ চুইচাইড নোট লিখি থৈ গৈছে।  পত্ৰ খন তেওঁ নিজৰ ইনষ্টাগ্ৰাম পেজতো আপলোড কৰিছে। ছুইচাইড নোটত লিখা আছে - 'গুডবাই প্ৰতাৰক পৃথিৱী আৰু প্ৰতাৰক  মানুহ।' বিদায় মোৰ প্ৰেম.. তোমাৰ বাবে মই মোৰ প্ৰাণ আহুতি দিলোঁ। মই তোমাক কৈছিলো যে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। এই সকলোবোৰৰ পিছতো তুমি মোক মাৰিলা। মন্দছৌৰৰ পিপলীয়ামণ্ডী নগৰৰ নিবাসী ড০ আশু মেঘৱালৰ মৃত্যুৰ পিছত বৃহস্পতিবাৰে ভীম সেনাৰ কৰ্মীৰ সৈতে ক্ষুব্ধ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃতদেহ ঘাইপথত ৰাখি পথ অৱৰোধ কৰে। পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ আত্মহত্যাৰ বাবে প্ৰেমিকক জগৰীয়া কৰি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।


মৃত যুৱতীগৰাকীয়ে  ফিজিঅ’থেৰাপিষ্টৰ পাঠ্যক্ৰম কৰি আছিল। ছ’চিয়েল মিডিয়া একাউণ্টৰ এটা পোষ্টত তেওঁ পিতৃক উদ্দেশ্যি ক্ষমা বিচাৰিছিল। তেওঁ লিখিছিল- 'মোক ক্ষমা কৰি দিয়ক পাপা'। আনহাতে, দ্বিতীয়টো পোষ্টত জিতেন্দ্ৰ নাগদাই তেওঁক  প্ৰেমত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তৃতীয়টো পোষ্টত যুৱকজনৰ সৈতে ১০খন ফটো আপলোড কৰিছিল।

যুৱতীগৰাকীৰ পৰিয়ালে জনোৱা মতে দুয়োজনেই দীৰ্ঘদিন ধৰি লিভ-ইন ৰিলেচনত আছিল যদিও ৫ মাহ পূৰ্বে যুৱকজনে আন কাৰোবাক বিয়া কৰায়। যাৰ বাবে ছোৱালীজনী দুখী হৈ পৰিছিল আৰু আত্মহত্যাৰ পথ বাছি লৈছিল। যুৱকজনে কৈছিল-মই মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰি তোমাক বিয়া কৰাম।  সোমবাৰে নিশা ৩ বজাৰ পৰা ৮ বজালৈ দুয়ো একেলগে থাকিছিল যদিও ৰাতি জিতেন্দ্ৰৰ সৰু ভায়েকে আহি দুয়োকে গালি-গালাজ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু