--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূব, উত্তৰ আৰু মধ্য ভাৰতৰ বহু ঠাইত গৰমৰ সংহাৰ  অব্যাহত আছে। গ্ৰীষ্ম প্ৰবাহত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে  দেশত  ৫৪ জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিৰ মাজতে বহু ৰাজ্যত  পুনৰ ধূলিৰ ধুমুহা অহাৰ আশংকা আছে। শুকুৰবাৰে উত্তৰ প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীত  বজ্ৰপাতৰ সম্ভাৱনা আছে। কাইলৈ ​​অৰ্থাৎ শনিবাৰেও উত্তৰ প্ৰদেশত ধূলিৰ ধুমুহাৰ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালকৈ বতৰ বিজ্ঞান বিভাগে দেওবাৰলৈকে উত্তৰ-পশ্চিম ভাৰতৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।

 বৃহস্পতিবাৰে বিহাৰৰ ঔৰংগাবাদত দুঘণ্টাত গৰমত ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে। গুৰুতৰভাৱেঅসুস্থ অৱস্থাত  প্ৰায় ৩৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বিহাৰত তাপমাত্ৰা ৪৫  ডিগ্ৰীলৈ বৃদ্ধি পায়। ফলত হিটষ্ট্ৰোকত আক্ৰান্ত হৈ লোক কেইজনৰ মৃত্যু ঘটে।

বিহাৰৰ বক্সাৰ জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে । প্ৰথমে চিক্ৰৌল আৰক্ষী থানা অঞ্চলৰ পথৰ কাষৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । স্থানীয় লোকসকলে জনোৱা অনুসৰি অত্যধিক গৰমৰ বাবে যুৱকজনৰ মৃত্যু হয় ।বুধবাৰে নিশা নৱানগৰ আৰক্ষী থানা অঞ্চলত এজন বিএমপি জোৱানৰ মৃত্যু হয় ৷ বৃহস্পতিবাৰে ইটাৰহি পি এইছ চিৰ এজন কৰ্মচাৰীক সদৰ চিকিৎসালয়লৈ অনা হৈছিল, য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল ।আৰক্ষী অধীক্ষক মনীষ কুমাৰে কোৱা অনুসৰি, বি এম পি জোৱানজনক গোৰ্খা ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল । মাৰ্চ পাচৰ যাত্ৰাৰ সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । যাৰ পিচত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে তেতিয়া তেওঁক মৃত বুলি ঘোষণা কৰে ৷একেদৰে ৰোহতাছত এজন উপ-পৰিদৰ্শকসহ তিনিজন লোকৰ মৃত্যু হয় ৷ ৰোহতাছৰ ডেহৰী পুলিচ লাইনত উপ-পৰিদৰ্শক দেৱনাথ ৰামৰ হিটষ্ট্ৰোকৰ ফলত মৃত্যু হয় । কৰঘৰ বৰহাৰী বজাৰত গৰমৰ ফলত এজন বৃদ্ধ লোকৰ মৃত্যু হয় । চাচাৰামৰ নগৰ আৰক্ষী থানাৰ কালী স্থানৰ ওচৰত হিটষ্ট্ৰোকৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয় ।ভোজপুৰত  গৰমৰ ফলত তিনিজন লোকৰ মৃত্যু হয় । গজৰাজগঞ্জ, বৰহাৰা আৰু জগদীশপুৰৰ পৰা গ্ৰীষ্মপ্ৰবাহৰ ফলত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।নালন্দা  জিলাখনত যোৱা ২৪  ঘণ্টাত তিনিজনে গৰমৰ ফলত প্ৰাণ হেৰুৱাইছে ।  

পশ্চিম চম্পাৰণত গৰমৰ প্ৰকোপত দুজন লোকৰ মৃত্যু হৈছে । চানপতিয়া আৰক্ষী থানা অঞ্চলৰ মহানাকুলিত এজন ৪০ বছৰীয়া অচিনাক্ত ব্যক্তিৰ মৃত্যু হয় । আনহাতে ৰামনগৰৰ মাজৰা গাঁৱত ১৬  বছৰীয়া ল’ৰাৰ  মৃত্যু হয় ।মুঠতে ২৪ ঘণ্টাৰ ভিতৰতে কেৱল বিহাৰতে গৰমৰ বাবে ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে, ওড়িশাৰ ৰৌৰকেলাত সংঘটিত অগ্নিকাণ্ডত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। একে কাৰণতে ঝাৰখণ্ডৰ পালমৌ আৰু ৰাজস্থানত ৫ জন লোকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশৰ চুলতানপুৰত ১ জন লোকৰ মৃত্যু। ইয়াৰ পূর্বে দিল্লীত হিট ষ্ট্ৰ’কত বিহাৰৰ দ্বাৰভঙাৰ বাসিন্দা এগৰাকী ৪০ বছৰীয়া যুৱকৰ মৃত্যু হয়৷  গৰমৰ ফলত দেশত  মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে  ৫৪ জন লোকৰ মৃত্যু হয়।

কিছুদিন পূৰ্বে দিল্লীয়ে দেশৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতাৰ অভিলেখ গঢ়িছিল। তাত তাপমাত্ৰা ৫২.৩ ডিগ্ৰী চেলছিয়াছ হৈছিলগৈ। কেৱল সেয়াই নহয়, ৰাজস্থান, হাৰিয়ানাৰ  কেইবাঠাইতো উষ্ণতাই ৫০ ডিগ্ৰী অতিক্ৰম কৰিছে। ‘অগ্নি দৌৰ’ত বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ দৰে ৰাজ্যও বহু পিছ পৰি থকা নাই। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি