--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২২ চনটোত ১০ টা প্ৰাকৃতিক দুৰ্যোগে বিশ্বক জোকাৰি গ’ল। বনজুই, বানপানী, ভূমিকম্পৰ দৰে ঘটনা সংঘটিত হ’ল এই বছৰটোত। এই সকলোবোৰৰ বাবে জলবায়ু পৰিৱৰ্তন দায়ী, যাৰ বাবে বানপানী, ঘূৰ্ণীবতাহ, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ দৰে প্ৰাকৃতিক দুৰ্যোগ দেখিবলৈ পোৱা গ’ল। 

২০২২ চনৰ ১০টা প্ৰাকৃতিক দুৰ্যোগ

১) আফগানিস্তানৰ বান- ২০২২ চনৰ আগষ্ট মাহৰ ভিতৰত আফগানিস্তানত প্ৰচণ্ড বৰষুণ হৈছিল। এই বৰষুণ এই দেশৰ বাবে বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ল। আফগানিস্তানৰ এই বানপানী আৰু ভূমিস্খলনত কমেও ১৮২ জন লোকে প্ৰাণ হেৰুৱালে। কেৱল এয়াই নহয়, দুমাহ পূৰ্বে আফগানিস্তানত ডাঙৰ ভূমিকম্পও হৈছিল। 

২) পূব আফ্ৰিকাত খৰাং - পূব আফ্ৰিকাৰ বেছিভাগ অঞ্চলেই তীব্ৰ খৰাঙৰ কবলত পৰিছে। খৰাং পৰিস্থিতি ইমানেই ভয়াৱহ যে ৰাষ্ট্ৰসংঘই ইয়াক "চল্লিশ বছৰতকৈও অধিক সময়ৰ আটাইতকৈ বেয়া খৰাং" বুলি অভিহিত কৰিছে। এই খৰাং পৰিস্থিতিৰ বাবে লাখ লাখ মানুহৰ ওপৰত অনাহাৰৰ বিপদ ওলমি আছে। হিচাপ অনুসৰি বৰ্তমানৰ খৰাং পৰিস্থিতি ইমানেই ভয়াৱহ যে প্ৰতি ৩৬ ছেকেণ্ডৰ মূৰে মূৰে এজন ব্যক্তিৰ মৃত্যু হৈছে।

৩) ব্ৰাজিলৰ ভূমিস্খলন- ২০২২ চন আৰম্ভ হোৱাৰ দুমাহৰ পাছত ব্ৰাজিলৰ পেট্ৰ’পলিছ চহৰত ধাৰাষাৰ বৰষুণ হয়। বানপানীআৰু ভূমিস্খলনৰ ফলত কমেও ২৩৩ জন লোকে প্ৰাণ হেৰুৱায়। এসময়ত দেশখনৰ সাম্ৰাজ্যবাদী যুগত ব্ৰাজিলৰ সম্ৰাটসকলৰ গ্ৰীষ্মকালীন প্ৰিয় বাসস্থান পেট্ৰ’পলিছ যোৱা কেইমাহমান ধৰি বিধ্বংসী বানপানীৰ কবলত পৰিছে।

৪) ইণ্ডোনেছিয়াৰ ভূমিকম্প- চলিত বৰ্ষৰ ২১ নৱেম্বৰত পশ্চিম ইণ্ডোনেছিয়াৰ চিয়ানজুৰ চহৰত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পত কমেও ৩৩৪ জন লোকৰ মৃত্যু হৈছিল। প্ৰশান্ত মহাসাগৰীয় "ৰিং অৱ ফায়াৰ"ত ইয়াৰ অৱস্থানৰ বাবে ইণ্ডোনেছিয়াত ভূমিকম্প সঘনাই হয়।

৫) অসমৰ বানপানী– ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমত বাৰিষা কালত বানপানী আৰু ভূমিস্খলনত কমেও ১৯২ জন লোকৰ মৃত্যু হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে সাধাৰণতে সদায় গতিপথ সলনি কৰি খেতি-পথাৰ আৰু গাঁও ধ্বংস কৰে যদিও শেহতীয়া বছৰবোৰত এই নদীৰ দ্বাৰা ধ্বংসৰ ভয়াৱহতা বৃদ্ধি পাইছে।

৬) দক্ষিণ আফ্ৰিকাৰ বানপানী-এপ্ৰিলৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ পূব কেপৰ কিছু অঞ্চলত প্ৰচণ্ড বৰষুণ হৈছিল। এই অঞ্চলসমূহত দেশৰ তৃতীয় জনবহুল চহৰ ডাৰবানৰ কিছু অংশ বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয়। এই ভয়াৱহ দুৰ্যোগত প্ৰায় ৪৬১ জন লোকৰ মৃত্যু হয়। এই শোকাৱহ দুৰ্ঘটনাৰ কেইবামাহো পিছতো ৭০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে আৰু হাজাৰ হাজাৰ লোকে স্থায়ী ঘৰ নোহোৱাকৈ বিচৰণ কৰি আছে।

৭) পাকিস্তানৰ বানপানী- ২০২২ চনৰ জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত পাকিস্তানৰ এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ বানপানীয়ে হাজাৰ হাজাৰ ঘৰ বুৰাই পেলাইছিল আৰু কমেও ১৭৩৯ জন লোকৰ মৃত্যু হৈছিল। স্থানীয় বিষয়াসকলে বানপানী সম্পূৰ্ণৰূপে হ্ৰাস পাবলৈ ৬ মাহ সময় লাগিব পাৰে।

৮) ছোমালিয়াৰ খৰাং- ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে ছোমালিয়াক ভৱিষ্যতে জলবায়ুৰ প্ৰভাৱৰ বিৰুদ্ধে নিজকে শক্তিশালী কৰাত সহায় কৰিবলৈ আৰু বৰ্তমানৰ দুৰ্ভিক্ষৰ দৰে সংকটৰ বিৰুদ্ধে যুঁজিবলৈ অধিক খৰচৰ আহ্বান জনাইছে। ৪০ বছৰৰ ভিতৰত ছোমালিয়াত হোৱা আটাইতকৈ দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ ফলত হোৱা দুৰ্ভিক্ষত ৭১ লাখ লোকৰ মৃত্যু হৈছে। 

৯) কংগো বানপানী- কংগোৰ ৰাজধানী কিনছাছাত ব্যাপক বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০ৰ ওপৰত। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে যদিও কোনো লোকক জীৱিত অৱস্থাত পোৱা যাব বুলি চৰকাৰ আশাবাদী নহয়। কংগোৰ স্বাস্থ্যমন্ত্ৰী লিজা নেম্বালেম্বাই সংবাদ মাধ্যমৰ আগত কয় যে নিৰুদ্দেশ হৈ থকা লোকসকল জীয়াই থকাৰ কোনো আশা নাই।

১০) হাৱাইৰ আগ্নেয়গিৰি উদগীৰণ- হাৱাইত থকা বিশ্বৰ সৰ্ববৃহৎ আগ্নেয়গিৰি মাউনা ল’য়াই ৩৮ বছৰ ধৰি শান্ত হৈ থকাৰ পাছত ২০২২ চনৰ ২৭ নৱেম্বৰত উদগীৰণ হয়। ইয়াৰ লাভাই অঞ্চলটোৰ যথেষ্ট ক্ষতিসাধন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি