--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মধ্যপ্ৰাচ্যৰ দেশ উজবেকিস্তানৰ পৰা পোহৰলৈ আহিছে এক বেদনাদায়ক খবৰ। উজবেকিস্তানত ভাৰতীয় কাহৰ চিৰাপ খাই মৃত্যু হৈছে ১৮টা শিশুৰ। উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে মৃত্যু হোৱা ১৮টা শিশুৱে ভাৰতীয় কোম্পানী এটাৰ কাহৰ চিৰাপ সেৱন কৰিছিল। এই কোম্পানীটোৰ নাম Doc-1 Max syrup। এই কাহৰ চিৰাপ ভাৰতীয় ঔষধ কোম্পানী মেৰিয়ান বায়’টেক লিমিটেডে তৈয়াৰ কৰিছিল। লেবটো পৰীক্ষা কৰি দেখা গ’ল যে চিৰাপটোত লেতেৰা ইথিলিন গ্লাইকল আছে।

 ১৮টা শিশুৰ মৃত্যুক লৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ টুইট-

এই সমগ্ৰ বিষয়ক লৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰিছে। জয়ৰাম ৰমেশে টুইট কৰি লিখিছে, ‘মেড ইন ইণ্ডিয়া কাহৰ চিৰাপ অতি মাৰাত্মক। ইয়াৰ পূৰ্বে গাম্বিয়াত এনে ঘটনা ঘটি ৭০টা শিশুৰ মৃত্যু হৈছিল। এতিয়া উজবেকিস্তানত এই চিৰাপৰ ফলত ১৮টা শিশুৰ মৃত্যু হৈছে। মোডী চৰকাৰে অনতিপলমে এই ঔষধ কোম্পানীক নিয়ন্ত্ৰণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব উচিত।

 মেৰিয়ান বায়’টেকে এই চিৰাপ তৈয়াৰ কৰিছিল-

উজবেকিস্তানত ১৮টা শিশুৰ মৃত্যুক লৈ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে Doc-1 Max syrup কাহৰ চিৰাপ চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰা হৈছিল। উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ২১টা শিশুৱে উশাহ-নিশাহৰ সমস্যাত ভুগিছিল।কাহৰ চিৰাপ Doc-1 Max syrup খাইছিল যাৰ বাবে ইয়াৰে ১৮জনৰ মৃত্যু হয়।

 উজবেকিস্তানৰ বিষয়াসকলৰ সৈতে কথা পাতিছে WHOয়ে-

ভাৰতীয় কাকতখনে প্ৰকাশ কৰা তথ্য অনুসৰি উজবেকিস্তানৰ বিষয়াসকলৰ সৈতে ‘বিশ্ব স্বাস্থ্য সংস্থা’ই আলোচনাত মিলিত হৈছে। শিশুকেইটাৰ মৃত্যুৰ তদন্ত অব্যাহত আছে। কিন্তু Doc-1 Maxৰ উৎপাদন কোম্পানী মেৰিয়ান বায়’টেক আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়ত এতিয়াও কোনো মুখ খোলা নাই। বছৰৰ আৰম্ভণিতে গাম্বিয়াত ৭০টা শিশুৰ মৃত্যুৰ খবৰ আহিছিল আৰু ইয়াৰ লগতো ভাৰতীয় দৰবৰ কাৰণ থকা বুলি কোৱা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ