--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মধ্যপ্ৰাচ্যৰ দেশ উজবেকিস্তানৰ পৰা পোহৰলৈ আহিছে এক বেদনাদায়ক খবৰ। উজবেকিস্তানত ভাৰতীয় কাহৰ চিৰাপ খাই মৃত্যু হৈছে ১৮টা শিশুৰ। উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে মৃত্যু হোৱা ১৮টা শিশুৱে ভাৰতীয় কোম্পানী এটাৰ কাহৰ চিৰাপ সেৱন কৰিছিল। এই কোম্পানীটোৰ নাম Doc-1 Max syrup। এই কাহৰ চিৰাপ ভাৰতীয় ঔষধ কোম্পানী মেৰিয়ান বায়’টেক লিমিটেডে তৈয়াৰ কৰিছিল। লেবটো পৰীক্ষা কৰি দেখা গ’ল যে চিৰাপটোত লেতেৰা ইথিলিন গ্লাইকল আছে।

 ১৮টা শিশুৰ মৃত্যুক লৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ টুইট-

এই সমগ্ৰ বিষয়ক লৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰিছে। জয়ৰাম ৰমেশে টুইট কৰি লিখিছে, ‘মেড ইন ইণ্ডিয়া কাহৰ চিৰাপ অতি মাৰাত্মক। ইয়াৰ পূৰ্বে গাম্বিয়াত এনে ঘটনা ঘটি ৭০টা শিশুৰ মৃত্যু হৈছিল। এতিয়া উজবেকিস্তানত এই চিৰাপৰ ফলত ১৮টা শিশুৰ মৃত্যু হৈছে। মোডী চৰকাৰে অনতিপলমে এই ঔষধ কোম্পানীক নিয়ন্ত্ৰণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব উচিত।

 মেৰিয়ান বায়’টেকে এই চিৰাপ তৈয়াৰ কৰিছিল-

উজবেকিস্তানত ১৮টা শিশুৰ মৃত্যুক লৈ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ পাইছে। এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে Doc-1 Max syrup কাহৰ চিৰাপ চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰা হৈছিল। উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ২১টা শিশুৱে উশাহ-নিশাহৰ সমস্যাত ভুগিছিল।কাহৰ চিৰাপ Doc-1 Max syrup খাইছিল যাৰ বাবে ইয়াৰে ১৮জনৰ মৃত্যু হয়।

 উজবেকিস্তানৰ বিষয়াসকলৰ সৈতে কথা পাতিছে WHOয়ে-

ভাৰতীয় কাকতখনে প্ৰকাশ কৰা তথ্য অনুসৰি উজবেকিস্তানৰ বিষয়াসকলৰ সৈতে ‘বিশ্ব স্বাস্থ্য সংস্থা’ই আলোচনাত মিলিত হৈছে। শিশুকেইটাৰ মৃত্যুৰ তদন্ত অব্যাহত আছে। কিন্তু Doc-1 Maxৰ উৎপাদন কোম্পানী মেৰিয়ান বায়’টেক আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়ত এতিয়াও কোনো মুখ খোলা নাই। বছৰৰ আৰম্ভণিতে গাম্বিয়াত ৭০টা শিশুৰ মৃত্যুৰ খবৰ আহিছিল আৰু ইয়াৰ লগতো ভাৰতীয় দৰবৰ কাৰণ থকা বুলি কোৱা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ