--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই বছৰ বহু চেলিব্ৰিটি বিবাহপাশত আৱদ্ধ হ’ল আনহাতে কিছুমান কাপল পৃথক হ’ল। দিশা পাটানী-টাইগাৰ শ্ৰফৰ পৰা আৰম্ভ কৰি অনন্যা-ঈশানলৈকে বিচ্ছেদৰ খবৰে অনুৰাগীসকলক স্তম্ভিত কৰি তুলিছিল।

জানো আহক এই বছৰটোত কোন কোন পৃথক হ’ল-
खत्म हुई एक प्रेम कहानी
১) দিশা পাটানি আৰু টাইগাৰ শ্ৰফঃ দিশা পাটানি আৰু টাইগাৰ শ্ৰফৰ মাজত বিচ্ছেদ ঘটিছে। যদিও দুয়োজনে সম্পৰ্কটো কোনোদিন নিজমুখে ৰাজহুৱা কৰা নাছিল আৰু ব্ৰেকআপৰ বিষয়েও মুকলিকৈ একো কোৱা নাছিল। খবৰ অনুসৰি দিশাই কমিটমেণ্ট বিচৰাৰ বিপৰীতে টাইগাৰে এই মুহূৰ্তত বিয়া হ’ব নিবিচাৰে। গতিকে তেওঁলোক আঁতৰি গ’ল। সম্প্ৰতি দিশাৰ নামটো এগৰাকী বিশেষ বন্ধুৰ সৈতে জড়িত হৈ পৰিছে।
बिग बॉस में बनी दोनों की जोड़ी
২) শমিতা শ্বেট্টী আৰু ৰাকেশ বাপতঃ বিগ বছ হাউচত গঠন হৈছিল ৰাকেশ বাপত আৰু শমিতা শ্বেট্টীৰ যুটি। শ্ব’ শেষ হোৱাৰ পিছতো তেওঁলোকৰ সম্পৰ্ক কেইবামাহো ধৰি চলিছিল। শমিতাৰ পৰিয়ালৰ সৈতেও কেইবাবাৰো দেখা গৈছিল ৰাকেশক। কিন্তু এতিয়া দুয়োৰে মাজত বিচ্ছেদ হ’ল।
ब्रेकअप के बाद अब कर चुकी हैं  सगाई
৩) দিব্যা আগৰৱাল আৰু বৰুণ সুদঃ দিৱ্যা আগৰৱাল আৰু বৰুণ সুদে যেতিয়া তেওঁলোকৰ ইনষ্টাগ্ৰামত ব্ৰেকআপ পোষ্ট এটা শ্বেয়াৰ কৰিছিল, তেতিয়া মানুহে পঢ়ি আচৰিত হৈছিল। দুয়োজনেই ইজনে সিজনৰ অতি ঘনিষ্ঠ আছিল, মানুহে তেওঁলোকৰ বিচ্ছেদ হজম কৰিব পৰা নাছিল। আনহাতে আচৰিত কথাটো হ’ল যে ব্ৰেকআপৰ মাত্ৰ কেইমাহমানৰ পিছতহে দিব্যাই তেওঁৰ সংগীক বিচাৰি পাইছিল আৰু তেওঁৰ এংগেজমেণ্টো হৈছে।
इसी साल हुआ दोनों का ब्रेकअप
৪) অনন্যা পাণ্ডে আৰু ঈশান খট্টৰঃ খালীপিলিত একেলগে দেখা পোৱা অনন্যা পাণ্ডে আৰু ঈশান খট্টৰেও এইবাৰ বিচ্ছেদ ঘটালে। যদিও দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্কক মানি লোৱা নাছিল, কিন্তু তথাপিও তেওঁলোকৰ ডেটিঙৰ খবৰ সকলোতে বিয়পি পৰিছিল। এনে পৰিস্থিতিত তেওঁলোকৰ বিচ্ছেদক ​​লৈ বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।
नितिश भारद्वाज-स्मिता
৫) নীতিশ ভৰদ্বাজ-স্মিতা- ‘মহাভাৰত’ৰ কৃষ্ণ খ্যাত নীতিশ ভৰদ্বাজেও এইবাৰ তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰে। নীতিশে কেইবাটাও সাক্ষাৎকাৰত কয় যে তেওঁ ২০১৯ চনত মুম্বাইৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰিছিল। নীতিশ আৰু স্মিতাই বিবাহৰ ১২ বছৰৰ পিছত ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লয়।
सोहेल खान-सीमा सजदेह
৬) সোহেইল খান-সীমা সাজদেহ- ছলমান খানৰ ভাতৃ ছোহেইল খান আৰু সীমা সাজদেহেও এইবাৰ তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে অনুৰাগীক অৱগত কৰে। দুয়োৰে এই সিদ্ধান্তও চাঞ্চল্যকৰ আছিল কাৰণ দুয়োজনে বিবাহৰ ২৪ বছৰৰ পাছত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল। বিবাহ বিচ্ছেদৰ কথা কওঁতে সীমাই এটা সাক্ষাৎকাৰত কৈছিল- ‘মই মোৰ জীৱনৰ এনে এটা পৰ্যায় পাইছো যে মই কাকো গুৰুত্ব নিদিওঁ, এতিয়া মই আগবাঢ়িব লাগিব। সেইবাবেই মই এই সিদ্ধান্ত লৈছিলো।
Honey Singh and Shalini Talwar officially divorced, singer pays Rs 1 crore  alimony to ex-wife | Hindi Movie News - Times of India
৭) হনী সিং আৰু শালিনী তলৱাৰঃ হনী সিং আৰু শালিনী তলৱাৰৰো বিবাহ বিচ্ছেদ হয়। ২০১১ চনত প্ৰেমিকা শালিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জনপ্ৰিয় ৰেপাৰ হনী সিং।
धनुष-ऐश्वर्या
৮) ধনুশ আৰু ঐশ্বৰ্যঃ ২০২২ চনত আটাইতকৈ চাঞ্চল্যকৰ বিবাহ বিচ্ছেদ হৈছিল ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য আৰু ধনুশৰ মাজত। এই খবৰটো ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে সকলোতে হুলস্থুলৰ সৃষ্টি হৈছিল। ২০২২ চনৰ আৰম্ভণিতে অৰ্থাৎ ১৭ জানুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ আহিল আৰু সকলোৱে স্তম্ভিত হৈ পৰিল। বিবাহৰ ১৮ বছৰ পিছত দুয়োজনে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক