--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ 'পাঠান' ছবিখনকলৈ বিতৰ্কৰ অৱসান ঘটা নাই।  এইবাৰ জনপ্ৰিয় গায়ক অভিজিতে সেই বিতৰ্কৰ জুইত ঘিউ ঢালিছে। তেওঁ 'পাঠান' চলচ্চিত্ৰখনৰ দ্বিতীয় গান 'ঝুমে জো পাঠান'কলৈ  আপত্তি দৰ্শাইছে৷

অভিজিতে 'পাঠান'  চলচ্চিত্ৰখনৰ 'বেচৰম' গানটো শুনিছে। অৱশ্যে তেওঁ ছবি খনৰ 'ঝুমে জো পাঠান' শীৰ্ষক দ্বিতীয় টো গানকলৈ  আপত্তি কৰিছে৷  ছ'চিয়েল মিডিয়াত অনুৰাগীসকলে প্ৰস্তুত কৰা  এটা ভিডিঅ' শ্বেয়াৰ কৰি অভিজিতে লিখিছে, 'শ্বাহৰুখ খান এতিয়া বৃদ্ধ হৈছে। মই ভাবো এতিয়া শ্বাহৰুখে নিজৰ সন্মানৰ প্ৰতি গুৰুত্ব দিয়া  উচিত। এনে গান আৰু নৃত্য  তেওঁৰ সৈতে খাপ খোৱা নাই। '৷  অভিজিত ইয়াতে ক্ষান্ত নাথাকি দীপিকা পাডুকনক টুকডে টুকডে গেঙৰ ৰাণী বুলিও অভিহিত কৰে৷  অভিজিতে কয়, "শ্বাহৰুখে এই টুকডে দলটোৰ ৰাণীৰ সৈতে নৃত্য কৰাৰ প্ৰয়োজন কি আছিল ?"



শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত 'পাঠান' চেঞ্চৰ বোৰ্ডৰ স্কেনাৰৰ অধীনত আছে। সমগ্ৰ দেশতে বিতৰ্ক চলি থকা ছবিখন এইবাৰ চেঞ্চৰ বোৰ্ডৰ ৰোশতো পৰিব পাৰে। চেঞ্চৰ ব'ৰ্ড অৱ ইণ্ডিয়াৰ অধ্যক্ষ প্ৰসূন যোশীৰ মতে, বেচৰম গানটোত কেৱল দীপিকাৰ বিকিনিয়েই নহয়, পাঠান চলচ্চিত্ৰখনত বহুতো দৃশ্য আছে যাক বাদ দিব লাগিব।

তেওঁ কয় "পাঠানক শেহতীয়াকৈ সকলো বিতৰ্কৰ অন্ত পেলাবলৈ চিবিএফচিৰ ওচৰত দাখিল কৰা হৈছিল। সমিতিখনে ছবিখনত কিছু পৰিৱৰ্তন কৰিছে, যাৰ ভিতৰত আছে বেচৰম গানটো। সংশোধনৰ পিছত মুক্তিৰ আগতে ছবিখন পুনৰ পৰিষদৰ ওচৰত দাখিল কৰিবলৈও কোৱা হৈছে। "
১২ নৱেম্বৰত 'পাঠান' 'বেচৰম ৰং'  গীতৰ ভিডিঅ’  মুকলি কৰা হৈছিল। তেতিয়াৰে পৰা গীতটিকলৈ  বিতৰ্ক আৰম্ভ হৈছে। বয়কট পাঠান' সামাজিক মাধ্যমত ট্ৰেণ্ডিং  হৈ আছে। গানটোত অশালীনতাৰ অভিযোগ উত্থাপিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু