--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ 'পাঠান' ছবিখনকলৈ বিতৰ্কৰ অৱসান ঘটা নাই।  এইবাৰ জনপ্ৰিয় গায়ক অভিজিতে সেই বিতৰ্কৰ জুইত ঘিউ ঢালিছে। তেওঁ 'পাঠান' চলচ্চিত্ৰখনৰ দ্বিতীয় গান 'ঝুমে জো পাঠান'কলৈ  আপত্তি দৰ্শাইছে৷

অভিজিতে 'পাঠান'  চলচ্চিত্ৰখনৰ 'বেচৰম' গানটো শুনিছে। অৱশ্যে তেওঁ ছবি খনৰ 'ঝুমে জো পাঠান' শীৰ্ষক দ্বিতীয় টো গানকলৈ  আপত্তি কৰিছে৷  ছ'চিয়েল মিডিয়াত অনুৰাগীসকলে প্ৰস্তুত কৰা  এটা ভিডিঅ' শ্বেয়াৰ কৰি অভিজিতে লিখিছে, 'শ্বাহৰুখ খান এতিয়া বৃদ্ধ হৈছে। মই ভাবো এতিয়া শ্বাহৰুখে নিজৰ সন্মানৰ প্ৰতি গুৰুত্ব দিয়া  উচিত। এনে গান আৰু নৃত্য  তেওঁৰ সৈতে খাপ খোৱা নাই। '৷  অভিজিত ইয়াতে ক্ষান্ত নাথাকি দীপিকা পাডুকনক টুকডে টুকডে গেঙৰ ৰাণী বুলিও অভিহিত কৰে৷  অভিজিতে কয়, "শ্বাহৰুখে এই টুকডে দলটোৰ ৰাণীৰ সৈতে নৃত্য কৰাৰ প্ৰয়োজন কি আছিল ?"



শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত 'পাঠান' চেঞ্চৰ বোৰ্ডৰ স্কেনাৰৰ অধীনত আছে। সমগ্ৰ দেশতে বিতৰ্ক চলি থকা ছবিখন এইবাৰ চেঞ্চৰ বোৰ্ডৰ ৰোশতো পৰিব পাৰে। চেঞ্চৰ ব'ৰ্ড অৱ ইণ্ডিয়াৰ অধ্যক্ষ প্ৰসূন যোশীৰ মতে, বেচৰম গানটোত কেৱল দীপিকাৰ বিকিনিয়েই নহয়, পাঠান চলচ্চিত্ৰখনত বহুতো দৃশ্য আছে যাক বাদ দিব লাগিব।

তেওঁ কয় "পাঠানক শেহতীয়াকৈ সকলো বিতৰ্কৰ অন্ত পেলাবলৈ চিবিএফচিৰ ওচৰত দাখিল কৰা হৈছিল। সমিতিখনে ছবিখনত কিছু পৰিৱৰ্তন কৰিছে, যাৰ ভিতৰত আছে বেচৰম গানটো। সংশোধনৰ পিছত মুক্তিৰ আগতে ছবিখন পুনৰ পৰিষদৰ ওচৰত দাখিল কৰিবলৈও কোৱা হৈছে। "
১২ নৱেম্বৰত 'পাঠান' 'বেচৰম ৰং'  গীতৰ ভিডিঅ’  মুকলি কৰা হৈছিল। তেতিয়াৰে পৰা গীতটিকলৈ  বিতৰ্ক আৰম্ভ হৈছে। বয়কট পাঠান' সামাজিক মাধ্যমত ট্ৰেণ্ডিং  হৈ আছে। গানটোত অশালীনতাৰ অভিযোগ উত্থাপিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক