--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৬ ফেব্ৰুৱাৰীত গোৱা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’ উদ্বোধন কৰিব। পুৱা প্ৰায় ১০:৪৫ বজাত তেওঁ ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰিব। তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত তেওঁ ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতা অৰ্জন কৰাত প্ৰধানমন্ত্ৰীয়ে সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ শীৰ্ষক কাৰ্যক্ৰমটো ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গোৱাত অনুষ্ঠিত হ'ব। ই হ'ব ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি সমগ্ৰ শক্তিখণ্ডৰ মূল্য-শৃংখলাক একত্ৰিত কৰিব, আৰু ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে অনুঘটক হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছখণ্ডৰ গোলকীয় প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হ’ব।

‘ষ্টাৰ্টআপ’সমূহক উৎসাহিত কৰা, প্ৰশিক্ষণ  দিয়া আৰু সেইসমূহক শক্তি মূল্য-শৃংখলাত একত্ৰিত কৰাটো ‘ভাৰত শক্তি সপ্তাহ ২০২৪’-ৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব। ইয়াত বিভিন্ন দেশৰ প্ৰায় ১৭ গৰাকী শক্তি মন্ত্ৰী, ৩৫,০০০ৰৰো অধিক অংশগ্ৰহণকাৰী আৰু ৯০০ ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যক্ৰমত - কানাডা, জাৰ্মানী, নেডাৰলেণ্ড, ৰাছিয়া, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যৰ ৬টা ‘পেভিলিয়ন’ থাকিব। ভাৰতীয় ‘এমএছএমই’সমূহে শক্তিখণ্ডত নেতৃত্ব দি থকা উদ্ভাৱনী সমাধানসমূহ প্ৰদৰ্শন কৰাৰ বাবে এটা বিশেষ ‘মে’ক ইন ইণ্ডিয়া পেভিলিয়ন’ৰো আয়োজন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু