--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৬ ফেব্ৰুৱাৰীত গোৱা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’ উদ্বোধন কৰিব। পুৱা প্ৰায় ১০:৪৫ বজাত তেওঁ ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ উদ্বোধন কৰিব। তাৰ পিছত, বিয়লি প্ৰায় ২:৪৫ বজাত তেওঁ ‘বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতা অৰ্জন কৰাত প্ৰধানমন্ত্ৰীয়ে সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে ‘ভাৰত শক্তি সপ্তাহ ২০২৪’ শীৰ্ষক কাৰ্যক্ৰমটো ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গোৱাত অনুষ্ঠিত হ'ব। ই হ'ব ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি সমগ্ৰ শক্তিখণ্ডৰ মূল্য-শৃংখলাক একত্ৰিত কৰিব, আৰু ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যৰ বাবে অনুঘটক হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছখণ্ডৰ গোলকীয় প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হ’ব।

‘ষ্টাৰ্টআপ’সমূহক উৎসাহিত কৰা, প্ৰশিক্ষণ  দিয়া আৰু সেইসমূহক শক্তি মূল্য-শৃংখলাত একত্ৰিত কৰাটো ‘ভাৰত শক্তি সপ্তাহ ২০২৪’-ৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য হ'ব। ইয়াত বিভিন্ন দেশৰ প্ৰায় ১৭ গৰাকী শক্তি মন্ত্ৰী, ৩৫,০০০ৰৰো অধিক অংশগ্ৰহণকাৰী আৰু ৯০০ ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যক্ৰমত - কানাডা, জাৰ্মানী, নেডাৰলেণ্ড, ৰাছিয়া, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যৰ ৬টা ‘পেভিলিয়ন’ থাকিব। ভাৰতীয় ‘এমএছএমই’সমূহে শক্তিখণ্ডত নেতৃত্ব দি থকা উদ্ভাৱনী সমাধানসমূহ প্ৰদৰ্শন কৰাৰ বাবে এটা বিশেষ ‘মে’ক ইন ইণ্ডিয়া পেভিলিয়ন’ৰো আয়োজন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক