--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰী মাহৰ ৩ দিন বিনামূলীয়াকৈ তাজমহল চোৱাৰ সুযোগ পাব। সম্ৰাট শ্বাহজাহানৰ ৩৬৯ সংখ্যক উৰছত ৮ ফেব্ৰুৱাৰীত তাজমহলত আন্তঃধৰ্মীয় সম্প্ৰীতিৰ প্ৰতীক ১৫৬০ মিটাৰ (৫১৪৮ ফুট) দীঘল ৰঙীন হিন্দুস্তানী চাদৰ আগবঢ়োৱা হ’ব। উৰ্ছত প্ৰতিবাৰেই চাদৰৰ দৈৰ্ঘ্য বৃদ্ধি পায়। শেষৰ উৰ্ছত ১৪৮০ মিটাৰ দীঘল চাদৰ এখন আগবঢ়োৱা হৈছিল।

৬ ফেব্ৰুৱাৰীত বিয়লি ২ বজাত গুছল ৰীতি-নীতিৰে অনুষ্ঠিত হ’ব শ্বাহজাহানৰ উৰছ। অহা ৭ ফেব্ৰুৱাৰীত দুপৰীয়া ২ বজাত চন্দন আগবঢ়োৱা হ’ব। অহা ৮ ফেব্ৰুৱাৰীত বেডশ্বীটৰ লগতে অনুৰাগীৰ সুবিধা প্ৰদান কৰা হ’ব। তিনিওটা দিনতে সমাধিস্থলত কাৱালী আৰু অন্তিম দিনা আগফালৰ চোতালত খাদ্য বিতৰণ কৰা হ’ব।

খুদ্দাম-ই-ৰোজা কমিটীৰ অধ্যক্ষ হাজী তাহিৰুদ্দিন তাহিৰে কয় যে তিনি দশক পূৰ্বে ৰঙীন হিন্দুস্তানী চাদৰ আগবঢ়োৱাৰ কাম আৰম্ভ হৈছিল। সেই সময়ত ১০০ মিটাৰ দীঘল চাদৰ এখন লগোৱা হৈছিল।

শ্বাহজাহানৰ উৰছৰ সময়ত মূল সমাধিস্থলৰ বেছমেণ্টত অৱস্থিত শ্বাহজাহান আৰু মমতাজৰ সমাধিসমূহ পৰ্যটকৰ বাবে মুকলি কৰা হয়। অধীক্ষক প্ৰত্নতত্ত্ববিদ ড০ ৰাজকুমাৰ পেটেলে কয় যে ৬ আৰু ৭ ফেব্ৰুৱাৰীত বিয়লি ২ বজাৰ পৰা সূৰ্যাস্তলৈকে আৰু ৮ ফেব্ৰুৱাৰীত সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে পৰ্যটকক তাজমহলত বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement