--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰী মাহৰ ৩ দিন বিনামূলীয়াকৈ তাজমহল চোৱাৰ সুযোগ পাব। সম্ৰাট শ্বাহজাহানৰ ৩৬৯ সংখ্যক উৰছত ৮ ফেব্ৰুৱাৰীত তাজমহলত আন্তঃধৰ্মীয় সম্প্ৰীতিৰ প্ৰতীক ১৫৬০ মিটাৰ (৫১৪৮ ফুট) দীঘল ৰঙীন হিন্দুস্তানী চাদৰ আগবঢ়োৱা হ’ব। উৰ্ছত প্ৰতিবাৰেই চাদৰৰ দৈৰ্ঘ্য বৃদ্ধি পায়। শেষৰ উৰ্ছত ১৪৮০ মিটাৰ দীঘল চাদৰ এখন আগবঢ়োৱা হৈছিল।

৬ ফেব্ৰুৱাৰীত বিয়লি ২ বজাত গুছল ৰীতি-নীতিৰে অনুষ্ঠিত হ’ব শ্বাহজাহানৰ উৰছ। অহা ৭ ফেব্ৰুৱাৰীত দুপৰীয়া ২ বজাত চন্দন আগবঢ়োৱা হ’ব। অহা ৮ ফেব্ৰুৱাৰীত বেডশ্বীটৰ লগতে অনুৰাগীৰ সুবিধা প্ৰদান কৰা হ’ব। তিনিওটা দিনতে সমাধিস্থলত কাৱালী আৰু অন্তিম দিনা আগফালৰ চোতালত খাদ্য বিতৰণ কৰা হ’ব।

খুদ্দাম-ই-ৰোজা কমিটীৰ অধ্যক্ষ হাজী তাহিৰুদ্দিন তাহিৰে কয় যে তিনি দশক পূৰ্বে ৰঙীন হিন্দুস্তানী চাদৰ আগবঢ়োৱাৰ কাম আৰম্ভ হৈছিল। সেই সময়ত ১০০ মিটাৰ দীঘল চাদৰ এখন লগোৱা হৈছিল।

শ্বাহজাহানৰ উৰছৰ সময়ত মূল সমাধিস্থলৰ বেছমেণ্টত অৱস্থিত শ্বাহজাহান আৰু মমতাজৰ সমাধিসমূহ পৰ্যটকৰ বাবে মুকলি কৰা হয়। অধীক্ষক প্ৰত্নতত্ত্ববিদ ড০ ৰাজকুমাৰ পেটেলে কয় যে ৬ আৰু ৭ ফেব্ৰুৱাৰীত বিয়লি ২ বজাৰ পৰা সূৰ্যাস্তলৈকে আৰু ৮ ফেব্ৰুৱাৰীত সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে পৰ্যটকক তাজমহলত বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু