--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অন্ধবিশ্বাসৰ ফলত ভাৰতৰ বহুলোকে প্ৰাণ হেৰুৱাই আহিছে। তেনে এক ঘটনা মধ্য প্ৰদেশৰ চিংৰাউলি জিলাত সংঘটিত হৈছে। অন্ধবিশ্বাসৰ বাবেই এজন ব্যক্তিৰ জীৱন চিৰদজিনৰ বাবে  হেৰাই গৈছে। এই চাঞ্চল্যকৰ ঘটনাটো জিলাখনৰ চিত্ৰাংগী আৰক্ষী থানা অঞ্চলৰ সুদা গাঁৱত ঘটিছে। গুনিয়া নামৰ এজন তান্ত্ৰিকক সুদা গাঁৱত  জৰা-ফুকা কৰিবলৈ মাতি অনা হৈছিল।

তান্ত্ৰিক জনে  ৰামচন্দ্ৰ পানীকা নামৰ এজন অসুস্থ ব্যক্তিক ৰোগৰ পৰা মুক্ত কৰিবলৈ জৰা-ফুকা কৰিছিল। তান্ত্ৰিকজনে ৰামচন্দ্ৰ পানীকাক মূৰ তললৈ কৰি সেৱা কৰিবলৈ কৈছিল।  লোকজনে মূৰ তললৈ কৰি সেৱা কৰাৰ লগে লগে তান্ত্ৰিকে  তীক্ষ্ণ অস্ত্ৰে   তেওঁৰ ডিঙিত আঘাত কৰিছিল।ফলত লোকজনৰ মূৰতে দেহৰ পৰি বিচ্ছিন্ন হৈ পৰে। ৰামচন্দ্ৰৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ ঘটনা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে তাত সমবেত লোকসকল। 
  
 ঘটনাটো সংঘটিত কৰিয়েই  গুনিয়া নামৰ তান্ত্ৰিকজনে  তেওঁৰ  নিজৰ গাওঁ গাৰ্ডিলৈ পলাই যায়। ঘটনাসন্দৰ্ভত খবৰ পোৱাৰ পিছতে  চিত্ৰাংগী আৰক্ষী থানাৰ আৰক্ষী  ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ  কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। একে সময়তে আৰক্ষীৰ এটা দল অভিযুক্তৰ  ঘৰত উপস্থিত হৈভণ্ড তান্ত্ৰিক জনক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত তান্ত্ৰিক জন  মৃত ৰামচন্দ্ৰ পানীকাৰৰ আত্মীয় হ’ব পাৰে। ৰামচন্দ্ৰৰ স্বাস্থ্যৰ কেইবাদিনো ধৰি অৱনতি ঘটিছিল। তেওঁৰ জৰা-ফুকা কৰিবলৈ  ৰামচন্দ্ৰৰ ডাঙৰ ভায়েকৰ পুত্ৰই গুনিয়াক মাতিবলৈ গাৰ্ডিলৈ গৈছিল । কোৱা হৈছে যে অগ্নিকুণ্ডৰ  সন্মুখত তান্ত্ৰিক  গুনিয়াই নৈবেদ্য হিচাপে সুৰা  গ্ৰহণ আগবঢ়াইছিল  আৰু পিছত সেই সুৰা  পান কৰিছিল। তাৰ পিছতেই তান্ত্ৰিক জনে ৰামচন্দ্ৰক বলি দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু