--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অন্ধবিশ্বাসৰ ফলত ভাৰতৰ বহুলোকে প্ৰাণ হেৰুৱাই আহিছে। তেনে এক ঘটনা মধ্য প্ৰদেশৰ চিংৰাউলি জিলাত সংঘটিত হৈছে। অন্ধবিশ্বাসৰ বাবেই এজন ব্যক্তিৰ জীৱন চিৰদজিনৰ বাবে  হেৰাই গৈছে। এই চাঞ্চল্যকৰ ঘটনাটো জিলাখনৰ চিত্ৰাংগী আৰক্ষী থানা অঞ্চলৰ সুদা গাঁৱত ঘটিছে। গুনিয়া নামৰ এজন তান্ত্ৰিকক সুদা গাঁৱত  জৰা-ফুকা কৰিবলৈ মাতি অনা হৈছিল।

তান্ত্ৰিক জনে  ৰামচন্দ্ৰ পানীকা নামৰ এজন অসুস্থ ব্যক্তিক ৰোগৰ পৰা মুক্ত কৰিবলৈ জৰা-ফুকা কৰিছিল। তান্ত্ৰিকজনে ৰামচন্দ্ৰ পানীকাক মূৰ তললৈ কৰি সেৱা কৰিবলৈ কৈছিল।  লোকজনে মূৰ তললৈ কৰি সেৱা কৰাৰ লগে লগে তান্ত্ৰিকে  তীক্ষ্ণ অস্ত্ৰে   তেওঁৰ ডিঙিত আঘাত কৰিছিল।ফলত লোকজনৰ মূৰতে দেহৰ পৰি বিচ্ছিন্ন হৈ পৰে। ৰামচন্দ্ৰৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ ঘটনা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে তাত সমবেত লোকসকল। 
  
 ঘটনাটো সংঘটিত কৰিয়েই  গুনিয়া নামৰ তান্ত্ৰিকজনে  তেওঁৰ  নিজৰ গাওঁ গাৰ্ডিলৈ পলাই যায়। ঘটনাসন্দৰ্ভত খবৰ পোৱাৰ পিছতে  চিত্ৰাংগী আৰক্ষী থানাৰ আৰক্ষী  ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ  কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। একে সময়তে আৰক্ষীৰ এটা দল অভিযুক্তৰ  ঘৰত উপস্থিত হৈভণ্ড তান্ত্ৰিক জনক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত তান্ত্ৰিক জন  মৃত ৰামচন্দ্ৰ পানীকাৰৰ আত্মীয় হ’ব পাৰে। ৰামচন্দ্ৰৰ স্বাস্থ্যৰ কেইবাদিনো ধৰি অৱনতি ঘটিছিল। তেওঁৰ জৰা-ফুকা কৰিবলৈ  ৰামচন্দ্ৰৰ ডাঙৰ ভায়েকৰ পুত্ৰই গুনিয়াক মাতিবলৈ গাৰ্ডিলৈ গৈছিল । কোৱা হৈছে যে অগ্নিকুণ্ডৰ  সন্মুখত তান্ত্ৰিক  গুনিয়াই নৈবেদ্য হিচাপে সুৰা  গ্ৰহণ আগবঢ়াইছিল  আৰু পিছত সেই সুৰা  পান কৰিছিল। তাৰ পিছতেই তান্ত্ৰিক জনে ৰামচন্দ্ৰক বলি দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক