--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশী ন্যায়াধিকৰণে অসমত ১.৪৩ লাখ লোকক বিদেশী হিচাপে ঘোষণা কৰিছে৷ আজি এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত কয় যে, অসমৰ বিদেশী ন্যায়াধিকৰণে প্ৰায় ১.৪৩ লাখ লোকক বিদেশী হিচাপে ঘোষণা কৰিছে৷ ৰাজ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, অসমত ১০০খন বিদেশী ন্যায়াধিকৰণ চলি আছে, আৰু তেওঁলোকে এতিয়ালৈকে ১,৪৩,৪৬৬জন লোকক বিদেশী হিচাপে ঘোষণা কৰিছে। চিপিআইৰ সাংসদ বিনয় ভিস্বমে সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত কয় যে এতিয়ালৈকে ৩২৯জন লোকক তেওঁলোকৰ মূল দেশলৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, অসম চৰকাৰে জনাইছে যে বৰ্তমান অসমত চলি থকা বিদেশী ন্যায়াধিকৰণৰ মুঠ সংখ্যা হৈছে ১০০খন৷ বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ এই ন্যায়াধিকৰণবোৰত ৰৈ থকা মুঠ গোচৰ হৈছে ১,২৩,৮২৯টা৷ একেদৰে, বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে বিদেশী হিচাপে ঘোষণা কৰা মুঠ লোকৰ সংখ্যা হৈছে ১,৪৩,৪৬৬জন৷ নিত্যানন্দ ৰায়ে লগতে কয় যে, বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা মুঠ ১,২১,৫৯৮জনক ভাৰতীয় হিচাপে ঘোষণা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে এক প্ৰশ্নৰ লিখিত উত্তৰত কয়, ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতীয় হিচাপে ঘোষণা কৰা মুঠ লোকৰ সংখ্যা হৈছে ১,২১,৫৯৮জন। আনহাতে, বিগত ১ ফেব্ৰুৱাৰীত মুঠ ৩২৯জন লোকক তেওঁলোকৰ মূল দেশলৈ ওভোতাই পঠিওৱা হৈছে৷ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰায়ে কয়, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনক তেওঁলোকৰ প্ৰয়োজন অনুসৰি ডিটেনচন কেম্প বা শিবিৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ ক্ষমতা আৰু কাৰ্যসমূহ প্ৰদান কৰা হৈছিল। সংসদত তেওঁ জনায় যে, কেন্দ্ৰই ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত বিদেশী ন্যায়াধিকৰণৰ কাম-কাজৰ বাবে কেন্দ্ৰই মুঠ ৬৯ কোটি টকা আবণ্টন দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু