--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশী ন্যায়াধিকৰণে অসমত ১.৪৩ লাখ লোকক বিদেশী হিচাপে ঘোষণা কৰিছে৷ আজি এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত কয় যে, অসমৰ বিদেশী ন্যায়াধিকৰণে প্ৰায় ১.৪৩ লাখ লোকক বিদেশী হিচাপে ঘোষণা কৰিছে৷ ৰাজ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, অসমত ১০০খন বিদেশী ন্যায়াধিকৰণ চলি আছে, আৰু তেওঁলোকে এতিয়ালৈকে ১,৪৩,৪৬৬জন লোকক বিদেশী হিচাপে ঘোষণা কৰিছে। চিপিআইৰ সাংসদ বিনয় ভিস্বমে সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত কয় যে এতিয়ালৈকে ৩২৯জন লোকক তেওঁলোকৰ মূল দেশলৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, অসম চৰকাৰে জনাইছে যে বৰ্তমান অসমত চলি থকা বিদেশী ন্যায়াধিকৰণৰ মুঠ সংখ্যা হৈছে ১০০খন৷ বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ এই ন্যায়াধিকৰণবোৰত ৰৈ থকা মুঠ গোচৰ হৈছে ১,২৩,৮২৯টা৷ একেদৰে, বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে বিদেশী হিচাপে ঘোষণা কৰা মুঠ লোকৰ সংখ্যা হৈছে ১,৪৩,৪৬৬জন৷ নিত্যানন্দ ৰায়ে লগতে কয় যে, বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা মুঠ ১,২১,৫৯৮জনক ভাৰতীয় হিচাপে ঘোষণা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে এক প্ৰশ্নৰ লিখিত উত্তৰত কয়, ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতীয় হিচাপে ঘোষণা কৰা মুঠ লোকৰ সংখ্যা হৈছে ১,২১,৫৯৮জন। আনহাতে, বিগত ১ ফেব্ৰুৱাৰীত মুঠ ৩২৯জন লোকক তেওঁলোকৰ মূল দেশলৈ ওভোতাই পঠিওৱা হৈছে৷ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰায়ে কয়, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনক তেওঁলোকৰ প্ৰয়োজন অনুসৰি ডিটেনচন কেম্প বা শিবিৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ ক্ষমতা আৰু কাৰ্যসমূহ প্ৰদান কৰা হৈছিল। সংসদত তেওঁ জনায় যে, কেন্দ্ৰই ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত বিদেশী ন্যায়াধিকৰণৰ কাম-কাজৰ বাবে কেন্দ্ৰই মুঠ ৬৯ কোটি টকা আবণ্টন দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ