--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰে সমীক্ষা কৰি উলিওৱা ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা ৰেংকিঙৰ সৈতে একমত নহয়৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে অভিযোগ কৰি কয় যে, ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰৰ দ্বাৰা প্ৰস্তুত কৰা ৱ’ৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ নমুনাৰ আকাৰ কম আছিল। কেন্দ্ৰীয় গৃহ-ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ এটা প্ৰশ্নৰ উত্তৰত লোকসভাত এই চৰকাৰৰ অসন্তুষ্টিৰ বিষয়ে ব্যক্ত কৰে৷ বিগত বছৰৰ মাৰ্চ মাহত মিডিয়া ৱাচডগ ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰৰ দ্বাৰা সমীক্ষো মুকলি কৰা হৈছিল। ৰায়ে মঙলবাৰে কয় যে, চৰকাৰে ৰিপ'ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰৰ মতামত আৰু দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ৰেংকিঙক গ্ৰহণ নকৰে। সূচকটোৰ অতি কম নমুনা আকাৰ, গণতন্ত্ৰৰ মৌলিক বিষয়বোৰৰ প্ৰতি সামান্য বা কোনো গুৰুত্ব নাই, সন্দেহজনক আৰু অস্বচ্ছ পদ্ধতি গ্ৰহণ কৰি সমীক্ষা চলোৱা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ স্পষ্ট সংজ্ঞাৰ অভাৱ ইত্যাদিক অসন্তুষ্টিৰ কাৰক হিচাপে প্ৰকাশ কৰিছে৷ জুলাই মাহত ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৩৭ গৰাকী ৰাষ্ট্ৰপ্ৰধানৰ তালিকাত স্থান দিছিল যিয়ে বিগত সময়ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত ব্যাপকভাৱে কঠোৰ পদক্ষেপ লৈছিল। ডিচেম্বৰত এক পৃথক প্ৰতিবেদনত, ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰে বিগত বছৰত সমগ্ৰ বিশ্বত নিহত সাংবাদিকৰ ক্ষেত্ৰত ভাৰতক পাঁচখন আটাইতকৈ বিপদজনক ৰাষ্ট্ৰৰ ভিতৰত তালিকাভুক্ত কৰিছিল। ইফালে, বিগত ১৫ জানুৱাৰীত কাশ্মীৰ প্ৰেছ ক্লাবৰ প্ৰতিকূল অধিগ্ৰহণৰ কাৰণ সন্দৰ্ভত মঙলবাৰে ৰায়ে তিৱাৰীয়ে কৰা এটা প্ৰশ্নৰো উত্তৰ দিয়ে। মন্ত্ৰীজনে কয় যে বৰ্তমান কাশ্মীৰ প্ৰেছ ক্লাব নামৰ কোনো পঞ্জীয়নভুক্ত সংস্থা নাই আৰু সমাজ পঞ্জীয়ন আইন, ১৮৬০ৰ অধীনত নিজকে পঞ্জীয়ন কৰাত ব্যৰ্থ হোৱাৰ পাছত সংগঠনটোৰ অস্তিত্ব নাইকিয়া হৈছে। শ্ৰীনগৰৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ইষ্টেট বিভাগে এই বছৰৰ ১৭ জানুৱাৰীত চৰকাৰী ভৱনটো অধিগ্ৰহণ কৰিছে বুলি ৰায়ে লোকসভাত সদৰী কৰে৷ ২০ জানুৱাৰীত কাশ্মীৰস্থিত দহটা সাংবাদিক সংগঠনে ক্লাবটোৰ পুনৰুদ্ধাৰ বিচাৰি এক যুটীয়া বিবৃতি জাৰি কৰিছিল। তেওঁলোকে সাংবাদিকৰ এটা ক্ষুদ্ৰ গোটৰ দ্বাৰা বলপূৰ্বক অধিগ্ৰহণৰ চেষ্টা আৰু তাৰ পাছত জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ দ্বাৰা কাশ্মীৰ প্ৰেছ ক্লাব বন্ধ কৰাৰ চেষ্টাক গৰিহণা দিছিল। ৰায়ে লোকসভাত লগতে জনায় যে, ২০২০ চনত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ৭৯৬টা গোচৰ ৰুজু কৰা হৈছিল। তেওঁ কয় যে সেই বছৰত ১,৩২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল, ১১৬ জনক নিৰ্দোষী সাব্যস্ত কৰা হৈছিল আৰু ৮০ জনক এই আইনৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement