--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিধান সভাত আজি দেখিবলৈ পোৱা গৈছে এক আশ্চৰ্যকৰ দৃশ্য। দিল্লীৰ শাসনাধিষ্ঠ আম আদমী পাৰ্টি (আপ) দলৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ ভিতৰতে গ্ৰহণ কৰিছে ধৰ্ণা কাৰ্যসূচী। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ পদত্যাগৰ দাবীৰে আপে গ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচী আজি গোটেই নিশা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। মানি লণ্ডাৰিং গোচৰত উপ ৰাজ্যপাল চাক্সেনা জড়িত বুলি অভিযোগ কৰি আপৰ বিধায়কসকলে চাক্সেনাক পদ ত্যাগ কৰিবলৈ দাবী জনাইছে। 

চাক্সেনাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰি আপৰ বিধায়ক দুৰ্গেশ পাঠকে চাক্সেনাই 'খাদী কেলেংকাৰী' সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। আপৰ বিধায়কগৰাকীৰ মতে, ২০১৬ চনত এই কেলেংকাৰী সংঘটিত হৈছিল আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ সময়তে এই কেলেংকাৰী কৰা হৈছিল।

সেই সময়ত চাক্সেনা খাদী আৰু গাওঁ উদ্যোগ আয়োগৰ অধ্যক্ষ আছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পিছতে চাক্সেনাই বিভাগৰ কৰ্মচাৰীৰ হতুৱাই ১,৪০০ কোটি টকা মূল্যৰ পুৰণি নোট সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। দুৰ্গেশ পাঠকে দাবী কৰা মতে বিভাগৰ এজন কেচিয়াৰে তেওঁক নোট সলনি কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি লিখিত অভিযোগ দাখিল কৰা হৈছিল। কিন্তু তাৰ পাছতে কেচিয়াৰ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

এই অভিযোগৰ পিছতে আজি দিল্লী বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাক্সেনাৰ পদত্যাগৰ দাবীত আপ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে বিধানসভাৰ অধ্যক্ষই ১৫ মিনিটৰ বাবে বিধানসভা স্থগিত ৰাখিছিল। তাৰ পাছতে আপ বিধায়কসকলে আজি গোটেই নিশাজুৰি ধৰ্ণাত কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

আপ নেতা সৌৰভ ভৰদ্বাজে আজি দিনৰ ভাগত এক সংবাদমেলত আজি সন্ধিয়া ৭ বজাত আপৰ সকলো বিধায়কে গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত আৰু ৰাতি বিধানসভাৰ ভিতৰত ধৰ্ণাত বহিব বুলি সদৰী কৰিছিল। প্ৰতিবাদ সন্দৰ্ভত ঘোষণা কৰাৰ পিছতে সৌৰভ ভৰদ্বাজে হাতত এটা চুটকেচ লৈ ৰাতিৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিধানসভাত উপস্থিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু