--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিধান সভাত আজি দেখিবলৈ পোৱা গৈছে এক আশ্চৰ্যকৰ দৃশ্য। দিল্লীৰ শাসনাধিষ্ঠ আম আদমী পাৰ্টি (আপ) দলৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ ভিতৰতে গ্ৰহণ কৰিছে ধৰ্ণা কাৰ্যসূচী। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ পদত্যাগৰ দাবীৰে আপে গ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচী আজি গোটেই নিশা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। মানি লণ্ডাৰিং গোচৰত উপ ৰাজ্যপাল চাক্সেনা জড়িত বুলি অভিযোগ কৰি আপৰ বিধায়কসকলে চাক্সেনাক পদ ত্যাগ কৰিবলৈ দাবী জনাইছে। 

চাক্সেনাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰি আপৰ বিধায়ক দুৰ্গেশ পাঠকে চাক্সেনাই 'খাদী কেলেংকাৰী' সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। আপৰ বিধায়কগৰাকীৰ মতে, ২০১৬ চনত এই কেলেংকাৰী সংঘটিত হৈছিল আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ সময়তে এই কেলেংকাৰী কৰা হৈছিল।

সেই সময়ত চাক্সেনা খাদী আৰু গাওঁ উদ্যোগ আয়োগৰ অধ্যক্ষ আছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পিছতে চাক্সেনাই বিভাগৰ কৰ্মচাৰীৰ হতুৱাই ১,৪০০ কোটি টকা মূল্যৰ পুৰণি নোট সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। দুৰ্গেশ পাঠকে দাবী কৰা মতে বিভাগৰ এজন কেচিয়াৰে তেওঁক নোট সলনি কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি লিখিত অভিযোগ দাখিল কৰা হৈছিল। কিন্তু তাৰ পাছতে কেচিয়াৰ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

এই অভিযোগৰ পিছতে আজি দিল্লী বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাক্সেনাৰ পদত্যাগৰ দাবীত আপ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে বিধানসভাৰ অধ্যক্ষই ১৫ মিনিটৰ বাবে বিধানসভা স্থগিত ৰাখিছিল। তাৰ পাছতে আপ বিধায়কসকলে আজি গোটেই নিশাজুৰি ধৰ্ণাত কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

আপ নেতা সৌৰভ ভৰদ্বাজে আজি দিনৰ ভাগত এক সংবাদমেলত আজি সন্ধিয়া ৭ বজাত আপৰ সকলো বিধায়কে গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত আৰু ৰাতি বিধানসভাৰ ভিতৰত ধৰ্ণাত বহিব বুলি সদৰী কৰিছিল। প্ৰতিবাদ সন্দৰ্ভত ঘোষণা কৰাৰ পিছতে সৌৰভ ভৰদ্বাজে হাতত এটা চুটকেচ লৈ ৰাতিৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিধানসভাত উপস্থিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী