--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি সাধাৰণ নেতা এগৰাকীৰো ৰোষৰ বলি হৈ শাস্তিৰ সন্মুখীন হোৱা ঘটনা ভাৰতত কোনো কথা নহয়। বহুসময়ত এনে নেতাসকলৰ ৰোষত পৰি নিজৰ চাকৰিও হেৰুৱাবলগীয়া পৰিস্থিতিত পৰিছে চৰকাৰী কৰ্মচাৰী। শেহতীয়াকৈ এনে এক পৰিস্থিতিৰে চিকাৰ হৈছে এগৰাকী চৰকাৰী বিষয়া। অৱশ্যে কোনো মন্ত্ৰী-বিধায়কক জানি-শুনি উপেক্ষা কৰাৰ বাবে নহয়, ফোনযোগে আনফালে থকা মন্ত্ৰীৰ মাত চিনিব নোৱাৰাৰ বাবেই ৰোষত পৰিবলগীয়া হৈছে এইগৰাকী কৰ্মচাৰী। 

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কণ্ঠ ফোনত চিনিব নোৱাৰাৰ বাবেই তদন্তৰ আওতালৈ আহিব লগীয়া হৈছে এইগৰাকী বিষয়া। প্ৰকাশিত প্ৰতিবেদন অনুসৰি আমেঠিৰ মুছাফিৰখানা তহচিলৰ অন্তৰ্গত পুৰে পহলৱান গাঁৱৰ এজন বাসিন্দাই ২৭ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী ইৰাণীলৈ এক পত্ৰ যোগে অভিযোগ কৰিছিল যে তেওঁৰ শিক্ষক পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ সাবিত্ৰী দেৱী নিয়মসূত্ৰে পেঞ্চনৰ অধিকাৰী হয়।

সেইবাবে তেওঁ এই প্ৰমাণীকৰণৰ বাবে চৰকাৰী ক্লাৰ্ক দীপক নামৰ বিষয়াগৰাকীক অনুৰোধ জনায়। কিন্তু বাৰে বাৰে আবেদন তথা অনুৰোধ কৰাৰ পিছতো এই প্ৰমাণীকৰণ কৰিবলৈ অস্বীকাৰ কৰে বিষয়াগৰাকীয়ে। ইয়াৰ ফলশ্ৰুতিত বৰ্তমানলৈকে তেওঁৰ মাতৃয়ে পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এই অভিযোগ পত্ৰ পোৱাৰ পিছতে আমেঠিৰ সাংসদ তথা কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী ইৰাণীয়ে বিষয়াগৰাকীলৈ ফোন কৰে। কিন্তু ফোনত স্মৃতি ইৰাণীক চিনাত বিফল হয় বিষয়াগৰাকী। তাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আমেঠিৰ মুখ্য উন্নয়ন বিষয়াক ফোন কৰি এই বিষয়ে অৱগত কৰে।

স্মৃতি ইৰাণীৰ পৰা ফোনযোগে এই বিষয়ে জানিব পৰাৰ পিছতে আমেঠিৰ মুখ্য উন্নয়ন বিষয়া অংকুৰ লথাৰে অভিযুক্ত বিষয়াগৰাকীক তেওঁৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। অংকুৰ লথাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে মুছাফিৰখানাৰ বিষয়াগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰা নাই আৰু সেয়ে তেওঁৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

মুছাফিৰখানাৰ উপ-বিভাগীয় দণ্ডাধীশক এই বিষয়টোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে বুলি মুখ্য উন্নয়ন বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে। এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী