--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি সাধাৰণ নেতা এগৰাকীৰো ৰোষৰ বলি হৈ শাস্তিৰ সন্মুখীন হোৱা ঘটনা ভাৰতত কোনো কথা নহয়। বহুসময়ত এনে নেতাসকলৰ ৰোষত পৰি নিজৰ চাকৰিও হেৰুৱাবলগীয়া পৰিস্থিতিত পৰিছে চৰকাৰী কৰ্মচাৰী। শেহতীয়াকৈ এনে এক পৰিস্থিতিৰে চিকাৰ হৈছে এগৰাকী চৰকাৰী বিষয়া। অৱশ্যে কোনো মন্ত্ৰী-বিধায়কক জানি-শুনি উপেক্ষা কৰাৰ বাবে নহয়, ফোনযোগে আনফালে থকা মন্ত্ৰীৰ মাত চিনিব নোৱাৰাৰ বাবেই ৰোষত পৰিবলগীয়া হৈছে এইগৰাকী কৰ্মচাৰী। 

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কণ্ঠ ফোনত চিনিব নোৱাৰাৰ বাবেই তদন্তৰ আওতালৈ আহিব লগীয়া হৈছে এইগৰাকী বিষয়া। প্ৰকাশিত প্ৰতিবেদন অনুসৰি আমেঠিৰ মুছাফিৰখানা তহচিলৰ অন্তৰ্গত পুৰে পহলৱান গাঁৱৰ এজন বাসিন্দাই ২৭ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী ইৰাণীলৈ এক পত্ৰ যোগে অভিযোগ কৰিছিল যে তেওঁৰ শিক্ষক পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ সাবিত্ৰী দেৱী নিয়মসূত্ৰে পেঞ্চনৰ অধিকাৰী হয়।

সেইবাবে তেওঁ এই প্ৰমাণীকৰণৰ বাবে চৰকাৰী ক্লাৰ্ক দীপক নামৰ বিষয়াগৰাকীক অনুৰোধ জনায়। কিন্তু বাৰে বাৰে আবেদন তথা অনুৰোধ কৰাৰ পিছতো এই প্ৰমাণীকৰণ কৰিবলৈ অস্বীকাৰ কৰে বিষয়াগৰাকীয়ে। ইয়াৰ ফলশ্ৰুতিত বৰ্তমানলৈকে তেওঁৰ মাতৃয়ে পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এই অভিযোগ পত্ৰ পোৱাৰ পিছতে আমেঠিৰ সাংসদ তথা কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী ইৰাণীয়ে বিষয়াগৰাকীলৈ ফোন কৰে। কিন্তু ফোনত স্মৃতি ইৰাণীক চিনাত বিফল হয় বিষয়াগৰাকী। তাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আমেঠিৰ মুখ্য উন্নয়ন বিষয়াক ফোন কৰি এই বিষয়ে অৱগত কৰে।

স্মৃতি ইৰাণীৰ পৰা ফোনযোগে এই বিষয়ে জানিব পৰাৰ পিছতে আমেঠিৰ মুখ্য উন্নয়ন বিষয়া অংকুৰ লথাৰে অভিযুক্ত বিষয়াগৰাকীক তেওঁৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। অংকুৰ লথাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে মুছাফিৰখানাৰ বিষয়াগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰা নাই আৰু সেয়ে তেওঁৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

মুছাফিৰখানাৰ উপ-বিভাগীয় দণ্ডাধীশক এই বিষয়টোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে বুলি মুখ্য উন্নয়ন বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে। এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু