--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘বাজেট ভাষণ শুনি থাকোঁতে গমেই পোৱা নাছিলোঁ মই ক’ত আছোঁ। মই যেন চৰাই হৈ উৰি আছোঁ আকাশত। ডেউকা কোবাই উৰি ফুৰিছোঁ। এনে লাগিছিল যেন আমি ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হৈ পৰিছোঁ...’ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহৰ। ৰাজ্য চৰকাৰৰ বাজেটৰ বিৰু্দ্ধে সৰৱ হৈ পৰিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী। তেওঁ চৰকাৰক সমালোচনা কৰিবলৈ গৈ তীক্ষ্ণ কটাক্ষ আৰু ব্যংগ কৰা দেখা গ’ল চৰকাৰক।

"মই যেন চৰাই হৈ উৰি আছোঁ আকাশত, ডেউকা কোবাই উৰি ফুৰিছোঁ।"

  বিত্তমন্ত্ৰী অজন্তা নেওগক কটাক্ষ কৰি তেওঁ কয়, ‘বাজেট ভাষণ জ্যোতিপ্ৰসাদৰ কবিতাৰে আৰম্ভ কৰোঁতে মই আৱেগিক হৈ গ’লোঁ। ভাষণ শুনি থাকোঁতে গমেই পোৱা নাছিলোঁ মই কত আছোঁ। মই যেন চৰাই হৈ উৰি আছোঁ আকাশত। ডেউকা কোবাই উৰি ফুৰিছোঁ। এনে লাগিছিল যেন আমি ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন। অধ্যক্ষই আজিলৈ সদন স্থগিত বুলি কওঁতেহে বাস্তবলৈ ঘূৰি আহিলোঁ। পাছত বাজেটখন লিৰিকি বিদাৰি চাওঁতেহে দেখিলোঁ পূৰ্বৰ বাজেটখনেই পাঠ কৰিলে বিত্তমন্ত্ৰী বাইদেউৱে। মাত্ৰ সলনি হৈছে কবিতা, বাক্যৰ গাঁথনি আৰু ৰং।’ ৰাজ্য চৰকাৰে কালি বিধানসভাত উত্থাপন কৰিছিল নতুন বাজেট। আজি বাজেট বিতৰ্ক অনুষ্ঠিত হয়। এই বাজেট বিতৰ্কত ভাগ লৈ তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে, বাজেটখনত উন্নয়ন বাবে পুঁজিয়েই নাই, খৰচ কৰিবলগীয়া ৮০শতাংশৰ ৫৫শতাংশ দা-দৰমহা পেঞ্চনৰ বাবদ, বাকী থকা অংশৰ আধা আঁচনিৰ বাবেহে ধাৰ্য কৰা হৈছে। ইয়াৰ পৰা চৰকাৰে কোনো ৰিটাৰ্ন নাপায় বুলি উল্লেখ কৰি বাকী থকাখিনিৰে কি কৰিব বুলিও প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰীৰ আৰম্ভণি ভাল, ফিনিছিং বেয়া

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভৰত নৰহ? মুখ্যমন্ত্ৰীৰ আৰম্ভণি ভাল, ফিনিছিং বেয়া বুলি মন্তব্য কৰি তেওঁ কয়, ৰজাই কেতিয়াও যুদ্ধ নকৰে, যুদ্ধক নেতৃত্ব দিয়ে। ৰজাই যুদ্ধ কৰিলে সেনাপতিবোৰ সৈন্য হৈ যায়। এতিয়া মুখ্যমন্ত্ৰীয়েই সকলো কৰে। গতিকে কেবিনেট মন্ত্ৰীসকল মুখ্যমন্ত্ৰীৰ ‘ছেক্ৰেটৰী’ যেন হৈ পৰিছে। কংগ্ৰেছৰ আমোলৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ৰামায়ণৰ আখ্যানো উল্লেখ কৰে নিজৰ ভাষণত।   ভাষণত তেওঁ চৰকাৰক ভালেমান পৰামৰ্শ দিয়াও দেখা যায়। তেওঁ কয় যে, কাজিৰঙা বা কামাখ্যালৈ অহা পৰ্যটকৰ পৰা বেছি ৰাজহ চৰকাৰে নাপায়। আমোদ প্ৰমোদৰ বাবে অহা পৰ্যটকৰ পৰাহে ধন আহিব। প্ৰমোদৰ বাবে অহা পৰ্যটকে মুকলিত গা ধুইহে ভাল পায়। গতিকে ব্ৰহ্মপুত্ৰত এনে ব্যৱস্থা কৰিব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে। এই ব্যৱস্থা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ হ’ব লাগিব বুলি তেওঁ উল্লেখ কৰে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু