--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘বাজেট ভাষণ শুনি থাকোঁতে গমেই পোৱা নাছিলোঁ মই ক’ত আছোঁ। মই যেন চৰাই হৈ উৰি আছোঁ আকাশত। ডেউকা কোবাই উৰি ফুৰিছোঁ। এনে লাগিছিল যেন আমি ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হৈ পৰিছোঁ...’ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহৰ। ৰাজ্য চৰকাৰৰ বাজেটৰ বিৰু্দ্ধে সৰৱ হৈ পৰিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী। তেওঁ চৰকাৰক সমালোচনা কৰিবলৈ গৈ তীক্ষ্ণ কটাক্ষ আৰু ব্যংগ কৰা দেখা গ’ল চৰকাৰক।

"মই যেন চৰাই হৈ উৰি আছোঁ আকাশত, ডেউকা কোবাই উৰি ফুৰিছোঁ।"

  বিত্তমন্ত্ৰী অজন্তা নেওগক কটাক্ষ কৰি তেওঁ কয়, ‘বাজেট ভাষণ জ্যোতিপ্ৰসাদৰ কবিতাৰে আৰম্ভ কৰোঁতে মই আৱেগিক হৈ গ’লোঁ। ভাষণ শুনি থাকোঁতে গমেই পোৱা নাছিলোঁ মই কত আছোঁ। মই যেন চৰাই হৈ উৰি আছোঁ আকাশত। ডেউকা কোবাই উৰি ফুৰিছোঁ। এনে লাগিছিল যেন আমি ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন। অধ্যক্ষই আজিলৈ সদন স্থগিত বুলি কওঁতেহে বাস্তবলৈ ঘূৰি আহিলোঁ। পাছত বাজেটখন লিৰিকি বিদাৰি চাওঁতেহে দেখিলোঁ পূৰ্বৰ বাজেটখনেই পাঠ কৰিলে বিত্তমন্ত্ৰী বাইদেউৱে। মাত্ৰ সলনি হৈছে কবিতা, বাক্যৰ গাঁথনি আৰু ৰং।’ ৰাজ্য চৰকাৰে কালি বিধানসভাত উত্থাপন কৰিছিল নতুন বাজেট। আজি বাজেট বিতৰ্ক অনুষ্ঠিত হয়। এই বাজেট বিতৰ্কত ভাগ লৈ তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে, বাজেটখনত উন্নয়ন বাবে পুঁজিয়েই নাই, খৰচ কৰিবলগীয়া ৮০শতাংশৰ ৫৫শতাংশ দা-দৰমহা পেঞ্চনৰ বাবদ, বাকী থকা অংশৰ আধা আঁচনিৰ বাবেহে ধাৰ্য কৰা হৈছে। ইয়াৰ পৰা চৰকাৰে কোনো ৰিটাৰ্ন নাপায় বুলি উল্লেখ কৰি বাকী থকাখিনিৰে কি কৰিব বুলিও প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰীৰ আৰম্ভণি ভাল, ফিনিছিং বেয়া

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভৰত নৰহ? মুখ্যমন্ত্ৰীৰ আৰম্ভণি ভাল, ফিনিছিং বেয়া বুলি মন্তব্য কৰি তেওঁ কয়, ৰজাই কেতিয়াও যুদ্ধ নকৰে, যুদ্ধক নেতৃত্ব দিয়ে। ৰজাই যুদ্ধ কৰিলে সেনাপতিবোৰ সৈন্য হৈ যায়। এতিয়া মুখ্যমন্ত্ৰীয়েই সকলো কৰে। গতিকে কেবিনেট মন্ত্ৰীসকল মুখ্যমন্ত্ৰীৰ ‘ছেক্ৰেটৰী’ যেন হৈ পৰিছে। কংগ্ৰেছৰ আমোলৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ৰামায়ণৰ আখ্যানো উল্লেখ কৰে নিজৰ ভাষণত।   ভাষণত তেওঁ চৰকাৰক ভালেমান পৰামৰ্শ দিয়াও দেখা যায়। তেওঁ কয় যে, কাজিৰঙা বা কামাখ্যালৈ অহা পৰ্যটকৰ পৰা বেছি ৰাজহ চৰকাৰে নাপায়। আমোদ প্ৰমোদৰ বাবে অহা পৰ্যটকৰ পৰাহে ধন আহিব। প্ৰমোদৰ বাবে অহা পৰ্যটকে মুকলিত গা ধুইহে ভাল পায়। গতিকে ব্ৰহ্মপুত্ৰত এনে ব্যৱস্থা কৰিব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে। এই ব্যৱস্থা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ হ’ব লাগিব বুলি তেওঁ উল্লেখ কৰে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক