--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা আপ নেতা মনীষ ছিচোদিয়াৰ জামিন আবেদন দিল্লী আদালতে নাকচ কৰিছে। 

দিল্লীৰ সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগ সন্দৰ্ভত চিবিআইৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ জামিন আবেদন শুকুৰবাৰে দিল্লীৰ এখন আদালতে নাকচ কৰে।

প্ৰাক্তন মন্ত্ৰীজনে কৈছে যে তেওঁ উচ্চ ন্যায়ালয়ত জামিন প্ৰত্যাখ্যানৰ আদেশক প্ৰত্যাহ্বান জনাব। মনীষ চিছোদিয়া বৰ্তমান ন্যায়িক জিম্মাত আছে আৰু ৩ এপ্ৰিলত তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব।

আম আদমী পাৰ্টিৰ নেতাজনে তেওঁৰ জামিন আবেদনত কৈছিল যে তেওঁক জিম্মাত ৰখাৰ কোনো উদ্দেশ্য পূৰণ নহ’ব, কিয়নো গোচৰটোৰ সকলো তথ্য সংগ্ৰহ ইতিমধ্যে কৰা হৈছে।

প্ৰাক্তন শিক্ষা মন্ত্ৰীজনে আনকি জোৰ দিছিল যে তেওঁ চিবিআইকো তদন্তত সহযোগ কৰিছিল।

সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত ছিচোদিয়াক গ্ৰেপ্তাৰ কৰিছিল। পৃথকে পৃথকে প্ৰৱৰ্তন সঞ্চালকালয়েও ধন ৰপ্তানিৰ অভিযোগ উত্থাপন কৰি দিল্লী সুৰা কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত ইডিয়েও চিছোদিয়াক গ্ৰেপ্তাৰ কৰে। আপে ছিচোদিয়াৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ কৰিছে আৰু কৈছে যে তদন্তটো বিজেপিৰ ৰাজনৈতিক হিচাপ নিষ্পত্তিৰ প্ৰয়াস৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?