--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা আপ নেতা মনীষ ছিচোদিয়াৰ জামিন আবেদন দিল্লী আদালতে নাকচ কৰিছে। 

দিল্লীৰ সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগ সন্দৰ্ভত চিবিআইৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ জামিন আবেদন শুকুৰবাৰে দিল্লীৰ এখন আদালতে নাকচ কৰে।

প্ৰাক্তন মন্ত্ৰীজনে কৈছে যে তেওঁ উচ্চ ন্যায়ালয়ত জামিন প্ৰত্যাখ্যানৰ আদেশক প্ৰত্যাহ্বান জনাব। মনীষ চিছোদিয়া বৰ্তমান ন্যায়িক জিম্মাত আছে আৰু ৩ এপ্ৰিলত তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব।

আম আদমী পাৰ্টিৰ নেতাজনে তেওঁৰ জামিন আবেদনত কৈছিল যে তেওঁক জিম্মাত ৰখাৰ কোনো উদ্দেশ্য পূৰণ নহ’ব, কিয়নো গোচৰটোৰ সকলো তথ্য সংগ্ৰহ ইতিমধ্যে কৰা হৈছে।

প্ৰাক্তন শিক্ষা মন্ত্ৰীজনে আনকি জোৰ দিছিল যে তেওঁ চিবিআইকো তদন্তত সহযোগ কৰিছিল।

সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত ছিচোদিয়াক গ্ৰেপ্তাৰ কৰিছিল। পৃথকে পৃথকে প্ৰৱৰ্তন সঞ্চালকালয়েও ধন ৰপ্তানিৰ অভিযোগ উত্থাপন কৰি দিল্লী সুৰা কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত ইডিয়েও চিছোদিয়াক গ্ৰেপ্তাৰ কৰে। আপে ছিচোদিয়াৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ কৰিছে আৰু কৈছে যে তদন্তটো বিজেপিৰ ৰাজনৈতিক হিচাপ নিষ্পত্তিৰ প্ৰয়াস৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত