--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় চিনেমাত হাস্পতালত বিবাহ সম্পন্ন হোৱা দেখিছে কিন্তু বাস্তৱত ঘটিছে এনেকুৱা এক আৱেগিক ঘটনা। হাস্পতালৰ আইচিইউত কন্যাৰ বিবাহ সম্পন্ন হোৱাৰ কিছু সময়ৰ পাছতেই মৃত্যুক আঁকোৱালি লয় মাতৃয়ে। এই ঘটনাত পৰিয়ালৰ লোক আৰু আত্মীয়ৰ লগতে চিকিৎসালয়ৰ কৰ্মীৰ চকুও সেমেকি উঠে।

বিহাৰৰ গয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। জিলাখনৰ গুৰাৰু ব্লকৰ বালি গাঁৱৰ নিবাসী লালন কুমাৰৰ পত্নী পুনম কুমাৰী বাৰ্মা হৃদৰোগত আক্ৰান্ত আছিল। আশা সিং মড মেজিষ্ট্ৰেট কলনীৰ সমীপত অৱস্থিত আৰ্ছ হাস্পতালৰ আই চি ইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হয় পুনম কুমাৰী বাৰ্মাক। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। ৰোগীগৰাকীৰ অৱস্থা গুৰুতৰ বুলি অভিহিত কৰি চিকিৎসকে কয় যে যিকোনো সময়তে তেওঁৰ মৃত্যু হ’ব পাৰে।

নিজৰ মৃত্যু ওচৰ চপা বুলি অনুভৱ কৰি পুনমে পৰিয়ালৰ সন্মুখত এটা চৰ্ত ৰাখিলে যে তেওঁ জীয়াই থাকোতেই কন্যা চান্দনী কুমাৰীৰ বিয়া সম্পন্ন হ'ব লাগিব। ২৬ ডিচেম্বৰত গুৰুৱা ব্লকৰ চেলেমপুৰ গাঁৱৰ বাসিন্দা সুমিত গৌৰৱৰ সৈতে চান্দনী কুমাৰীৰ এংগেজমেণ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু চান্দনীৰ মাতৃ পুনম কুমাৰী বাৰ্মাৰ জোৰত এংগেজমেণ্টৰ সলনি বিয়াৰ সিদ্ধান্ত লোৱা হ’ল।

ইয়াৰ পাছত চান্দনী আৰু সুমিতৰ বিয়া হাস্পতালৰ আই চি ইউতে সম্পন্ন হয়। এই বিয়াৰ সাক্ষী হৈ ৰ'ল পুনম কুমাৰী বাৰ্মা। মহিলাগৰাকীৰ অসুস্থতাৰ দুখৰ মাজতে কন্যাৰ বিবাহৰ সুখো ৰাইজৰ মুখত দেখা গ’ল। কিন্তু তাৰ মাজতে ঘটনাটো ঘটিল যিটোৰ আশংকা কৰি আছিল পুনমৰ পৰিয়ালে। বিয়াৰ কিছু সময়ৰ পাছতেই পুনমৰ মৃত্যু হয়।

বিয়াৰ মাত্ৰ দুঘণ্টাৰ পাছতে মাতৃক হেৰুৱাই দুখত ভাগি পৰে ন-কইনা চান্দনী কুমাৰী। চান্দনীয়ে কয় যে মাতৃ পুনম বাৰ্মা মাগধ মেডিকেল কলেজ এণ্ড হস্পিতালত এএনএম হিচাপে কাম কৰি আছিল। ক'ৰ'না যুগৰ পৰাই তেওঁ অবিৰতভাৱে অসুস্থ হৈ আছিল। হৃদৰোগত আক্ৰান্ত হৈ আছিল মাতৃ পুনম কুমাৰী বাৰ্মা। এই ঘটনাত সকলোৰে চকু সেমেকি উঠিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement