--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় চিনেমাত হাস্পতালত বিবাহ সম্পন্ন হোৱা দেখিছে কিন্তু বাস্তৱত ঘটিছে এনেকুৱা এক আৱেগিক ঘটনা। হাস্পতালৰ আইচিইউত কন্যাৰ বিবাহ সম্পন্ন হোৱাৰ কিছু সময়ৰ পাছতেই মৃত্যুক আঁকোৱালি লয় মাতৃয়ে। এই ঘটনাত পৰিয়ালৰ লোক আৰু আত্মীয়ৰ লগতে চিকিৎসালয়ৰ কৰ্মীৰ চকুও সেমেকি উঠে।

বিহাৰৰ গয়াত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। জিলাখনৰ গুৰাৰু ব্লকৰ বালি গাঁৱৰ নিবাসী লালন কুমাৰৰ পত্নী পুনম কুমাৰী বাৰ্মা হৃদৰোগত আক্ৰান্ত আছিল। আশা সিং মড মেজিষ্ট্ৰেট কলনীৰ সমীপত অৱস্থিত আৰ্ছ হাস্পতালৰ আই চি ইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হয় পুনম কুমাৰী বাৰ্মাক। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। ৰোগীগৰাকীৰ অৱস্থা গুৰুতৰ বুলি অভিহিত কৰি চিকিৎসকে কয় যে যিকোনো সময়তে তেওঁৰ মৃত্যু হ’ব পাৰে।

নিজৰ মৃত্যু ওচৰ চপা বুলি অনুভৱ কৰি পুনমে পৰিয়ালৰ সন্মুখত এটা চৰ্ত ৰাখিলে যে তেওঁ জীয়াই থাকোতেই কন্যা চান্দনী কুমাৰীৰ বিয়া সম্পন্ন হ'ব লাগিব। ২৬ ডিচেম্বৰত গুৰুৱা ব্লকৰ চেলেমপুৰ গাঁৱৰ বাসিন্দা সুমিত গৌৰৱৰ সৈতে চান্দনী কুমাৰীৰ এংগেজমেণ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু চান্দনীৰ মাতৃ পুনম কুমাৰী বাৰ্মাৰ জোৰত এংগেজমেণ্টৰ সলনি বিয়াৰ সিদ্ধান্ত লোৱা হ’ল।

ইয়াৰ পাছত চান্দনী আৰু সুমিতৰ বিয়া হাস্পতালৰ আই চি ইউতে সম্পন্ন হয়। এই বিয়াৰ সাক্ষী হৈ ৰ'ল পুনম কুমাৰী বাৰ্মা। মহিলাগৰাকীৰ অসুস্থতাৰ দুখৰ মাজতে কন্যাৰ বিবাহৰ সুখো ৰাইজৰ মুখত দেখা গ’ল। কিন্তু তাৰ মাজতে ঘটনাটো ঘটিল যিটোৰ আশংকা কৰি আছিল পুনমৰ পৰিয়ালে। বিয়াৰ কিছু সময়ৰ পাছতেই পুনমৰ মৃত্যু হয়।

বিয়াৰ মাত্ৰ দুঘণ্টাৰ পাছতে মাতৃক হেৰুৱাই দুখত ভাগি পৰে ন-কইনা চান্দনী কুমাৰী। চান্দনীয়ে কয় যে মাতৃ পুনম বাৰ্মা মাগধ মেডিকেল কলেজ এণ্ড হস্পিতালত এএনএম হিচাপে কাম কৰি আছিল। ক'ৰ'না যুগৰ পৰাই তেওঁ অবিৰতভাৱে অসুস্থ হৈ আছিল। হৃদৰোগত আক্ৰান্ত হৈ আছিল মাতৃ পুনম কুমাৰী বাৰ্মা। এই ঘটনাত সকলোৰে চকু সেমেকি উঠিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু