--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ  'বন্দে ভাৰত এক্সপ্ৰেছ’ এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰাও চলিব৷ গৰু-ম’হ খুন্দিয়াই চৰ্চাত থকা ৰে’ল খনকলৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে ভাৰতৰ মিনি বুলেট ৰে’ল হিচাবে পৰিচিত  'বন্দে ভাৰত এক্সপ্ৰেছ’ অহা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব৷ 

সেই উপলক্ষ্যে ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী পশ্চিমবংগলৈ আহিব৷ প্ৰধানমন্ত্ৰীমোদীয়ে শুক্ৰবাৰে কলকাতাত উপস্থিত হোৱাৰ কথা আছে। মোদীয়ে  সেই দিনাই হাওৰা ষ্টেচনৰ পৰা 'বন্দে ভাৰত' এক্সপ্ৰেছ উদ্বোধন কৰাৰ কথা । কেৱল সেয়াই নহয় তেওঁ ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এখন বৈঠকতো উপস্থিত থাকিব।
 
প্ৰধানমন্ত্ৰী মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে মোদীয়ে শুকুৰবাৰে পুৱা কলকাতা বিমানবন্দৰত অৱতৰণ কৰিব। বিমানবন্দৰৰ পৰা মোদীয়ে হেলিকপ্টাৰেৰে ৰেচ কোৰ্চ খেলপথাৰত উপস্থিত হ'ব। তাৰ পৰা তেওঁ  গাড়ীৰে পোনে পোনে হাওৰা ষ্টেচনলৈ যাব।  

হাওৰাৰ পৰা 'বন্দে ভাৰত' নিউ জলপাইগুৰিলৈ চলিব। ৰে'লখন আৰম্ভ কৰাৰ  পিছত,মোদীয়ে  ভাৰতীয় নৌসেনাৰএক অনুষ্ঠানত ভাগ ল’ব৷ 
 তেওঁ 'নমামি গঙ্গে' আৰু 'ডিডব্লিউএছ'ৰ এখন প্ৰদৰ্শনীত উপস্থিত থকাৰ কথা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু