--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অব্যাহত আছে পাকিস্তানৰ কূট-কৌশল৷ সাগৰীয় পথেৰে পাকিস্তানে অহৰহ ভাৰতলৈ অস্ত্ৰ আৰু ড্ৰাগছ প্ৰেণ কৰি আহিছে৷ শেহতীয়াকৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সোমবাৰে   ভাৰতীয় জলসীমাত ১০ জন ক্ৰু সদস্যৰ সৈতে অস্ত্ৰ, গোলাবাৰুদ আৰু ৪০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন পাকিস্তানী নাও আটক কৰিছে। 

"২৫/২৬ ডিচেম্বৰৰ মাজনিশা, এক নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বাহিনীটোৱে  আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমান্ত ৰেখাৰ ওচৰৰ এলেকাত টহল দিয়াৰ বাবে ইয়াৰ ফাষ্ট পেট্ৰ'ল শ্ৰেণীৰ জাহাজ আইচিজিএছ অৰিঞ্জয়ক কৌশলগতভাৱে নিয়োজিত কৰিছিল। সোমবাৰে পুৱতি নিশা এখন  পাকিস্তানী মাছ ধৰা নাও আল চোহেলীক ভাৰতীয় জলসীমাত সন্দেহজনকভাৱে চলাচল কৰা দেখা গৈছিল। নাওখনত থকা লোকসকলক প্ৰত্যাহ্বান জনোৱাৰ পিছত পাকিস্তানী নাওখনৰ পৰা  গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল। পিছত উপকূলৰক্ষী বাহিনীয়ে নাও খন জব্দ কৰিবলৈ সক্ষম হয়৷ 

পাকিস্তানী নাওখনত  ৩০০ কোটি টকা মূল্যৰ অস্ত্ৰ, গোলাবাৰুদ আৰু প্ৰায় ৪০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ নাওখন  গুজৰাটৰ ওখালৈ অনা হৈছে।উল্লোেখ্য  যোৱা ১৮ মাহত গুজৰাটত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু এটিএছৰ  চলোৱা এয়া  সপ্তমটো সফল  যুটীয়া অভিযান আছিল৷ 

অভিযান কালত এতিয়ালৈকে ৪৪ জন পাকিস্তানী আৰু সাতজন ইৰানী লোকৰ লগতে  মুঠ ১,৯৩০ কোটি টকাৰ ৩৪৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক