--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অব্যাহত আছে পাকিস্তানৰ কূট-কৌশল৷ সাগৰীয় পথেৰে পাকিস্তানে অহৰহ ভাৰতলৈ অস্ত্ৰ আৰু ড্ৰাগছ প্ৰেণ কৰি আহিছে৷ শেহতীয়াকৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সোমবাৰে   ভাৰতীয় জলসীমাত ১০ জন ক্ৰু সদস্যৰ সৈতে অস্ত্ৰ, গোলাবাৰুদ আৰু ৪০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন পাকিস্তানী নাও আটক কৰিছে। 

"২৫/২৬ ডিচেম্বৰৰ মাজনিশা, এক নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বাহিনীটোৱে  আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমান্ত ৰেখাৰ ওচৰৰ এলেকাত টহল দিয়াৰ বাবে ইয়াৰ ফাষ্ট পেট্ৰ'ল শ্ৰেণীৰ জাহাজ আইচিজিএছ অৰিঞ্জয়ক কৌশলগতভাৱে নিয়োজিত কৰিছিল। সোমবাৰে পুৱতি নিশা এখন  পাকিস্তানী মাছ ধৰা নাও আল চোহেলীক ভাৰতীয় জলসীমাত সন্দেহজনকভাৱে চলাচল কৰা দেখা গৈছিল। নাওখনত থকা লোকসকলক প্ৰত্যাহ্বান জনোৱাৰ পিছত পাকিস্তানী নাওখনৰ পৰা  গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল। পিছত উপকূলৰক্ষী বাহিনীয়ে নাও খন জব্দ কৰিবলৈ সক্ষম হয়৷ 

পাকিস্তানী নাওখনত  ৩০০ কোটি টকা মূল্যৰ অস্ত্ৰ, গোলাবাৰুদ আৰু প্ৰায় ৪০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ নাওখন  গুজৰাটৰ ওখালৈ অনা হৈছে।উল্লোেখ্য  যোৱা ১৮ মাহত গুজৰাটত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু এটিএছৰ  চলোৱা এয়া  সপ্তমটো সফল  যুটীয়া অভিযান আছিল৷ 

অভিযান কালত এতিয়ালৈকে ৪৪ জন পাকিস্তানী আৰু সাতজন ইৰানী লোকৰ লগতে  মুঠ ১,৯৩০ কোটি টকাৰ ৩৪৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু