--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ কাৰ্যালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰে। এক জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা সংবাদমেলৰ সন্দৰ্ভত গগৈয়ে মন্তব্য দাঙি ধৰে। জাতীয় বিষয়সমূহক চৰকাৰখনে আপোচ কৰা বুলি বিধায়কগৰাকীয়ে চৰকাৰক সমালোচনা কৰে। ২০২২ বৰ্ষতো বিজেপি চৰকাৰে যে একো নকৰে সেয়া স্পষ্ট হৈ পৰা বুলিও তেওঁ ব্যক্ত কৰে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বিষয়েহে মুখ্যমন্ত্ৰীয়ে ক’লে বুলি সংবাদমেলত সদৰী কৰে। চৰকাৰখনে বিধায়কৰ পুঁজিকে মুকলি কৰি দিবলৈ সক্ষম হোৱা নাই বুলিও চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। বিধানসভাৰ অধিৱেশন মিছা কথা কৈ সময় পাৰ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰে।

‘চৰকাৰ এতিয়া দেউলীয়া! কাম কৰিব পৰাৰ ক্ষমতা নাই। ধাৰ লৈ চৰকাৰ চলাই আছে।’-বুলিও তেওঁ উল্লেখ কৰে। কোনখন মেডিকেল কলেজ ৰাজ্য চৰকাৰৰ ধনেৰে নিৰ্মাণ কৰি উন্নত চিকিৎসা দিব পাৰিছে? বুলিও চৰকাৰলৈ প্ৰশ্ন বিধায়কগৰাকীৰ। শিৱসাগৰ অসামৰিক চিকিৎসালয়ক চিকিৎসা মহাবিদ্যালয় হিচাপে ঘোষণা কৰাৰো দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। অন্যথা আন্দোলন কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে। মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ দিযাৰ নামতো ৰাজ্যৰ মহিলাসকলক প্ৰতাৰণা কৰাৰ কথা কৈ ক্ষোভ ব্যক্ত কৰে বিধায়কগৰাকীয়ে।

লগতে কয় যে, হেলমেট পৰিধান নকৰাৰ বাবে কেৱল গুৱাহাটীতে ১৬৭ কোটি টকাৰ কৰ সংগ্ৰহ কৰা বুলিও উল্লেখ কৰে। সকলোফালে কেৱল কৰৰ সন্ত্ৰাস। ৪০ৰ পৰা ৫০ হাজাৰ কোটি ৰাজহ হেৰুৱাইছে বুলিও তেওঁ কয়। বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছে অসমে। বিধায়ক পুঁজিৰ মাত্ৰ ৫৬ লাখ টকা আহিছে বুলিও সংবাদমেলতে তেওঁ কয়। আনহাতে, চৰকাৰে ‘সুহৃদ আঁচনি’খন বন্ধ কৰিছে, ফলত কৰ্কট ৰোগীসকলকো সাহায্য দিব পৰা নাই। চৰকাৰে টকা নিদিলে এবছৰৰ পাছত দান-বৰঙণি সংগ্ৰহ কৰি হ’লেও সমষ্টি উন্নয়নৰ কাম কৰিব লাগিব বুলি সংবাদমেলত ঘোষণা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ