--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ কাৰ্যালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰে। এক জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা সংবাদমেলৰ সন্দৰ্ভত গগৈয়ে মন্তব্য দাঙি ধৰে। জাতীয় বিষয়সমূহক চৰকাৰখনে আপোচ কৰা বুলি বিধায়কগৰাকীয়ে চৰকাৰক সমালোচনা কৰে। ২০২২ বৰ্ষতো বিজেপি চৰকাৰে যে একো নকৰে সেয়া স্পষ্ট হৈ পৰা বুলিও তেওঁ ব্যক্ত কৰে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বিষয়েহে মুখ্যমন্ত্ৰীয়ে ক’লে বুলি সংবাদমেলত সদৰী কৰে। চৰকাৰখনে বিধায়কৰ পুঁজিকে মুকলি কৰি দিবলৈ সক্ষম হোৱা নাই বুলিও চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। বিধানসভাৰ অধিৱেশন মিছা কথা কৈ সময় পাৰ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰে।

‘চৰকাৰ এতিয়া দেউলীয়া! কাম কৰিব পৰাৰ ক্ষমতা নাই। ধাৰ লৈ চৰকাৰ চলাই আছে।’-বুলিও তেওঁ উল্লেখ কৰে। কোনখন মেডিকেল কলেজ ৰাজ্য চৰকাৰৰ ধনেৰে নিৰ্মাণ কৰি উন্নত চিকিৎসা দিব পাৰিছে? বুলিও চৰকাৰলৈ প্ৰশ্ন বিধায়কগৰাকীৰ। শিৱসাগৰ অসামৰিক চিকিৎসালয়ক চিকিৎসা মহাবিদ্যালয় হিচাপে ঘোষণা কৰাৰো দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। অন্যথা আন্দোলন কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে। মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ দিযাৰ নামতো ৰাজ্যৰ মহিলাসকলক প্ৰতাৰণা কৰাৰ কথা কৈ ক্ষোভ ব্যক্ত কৰে বিধায়কগৰাকীয়ে।

লগতে কয় যে, হেলমেট পৰিধান নকৰাৰ বাবে কেৱল গুৱাহাটীতে ১৬৭ কোটি টকাৰ কৰ সংগ্ৰহ কৰা বুলিও উল্লেখ কৰে। সকলোফালে কেৱল কৰৰ সন্ত্ৰাস। ৪০ৰ পৰা ৫০ হাজাৰ কোটি ৰাজহ হেৰুৱাইছে বুলিও তেওঁ কয়। বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছে অসমে। বিধায়ক পুঁজিৰ মাত্ৰ ৫৬ লাখ টকা আহিছে বুলিও সংবাদমেলতে তেওঁ কয়। আনহাতে, চৰকাৰে ‘সুহৃদ আঁচনি’খন বন্ধ কৰিছে, ফলত কৰ্কট ৰোগীসকলকো সাহায্য দিব পৰা নাই। চৰকাৰে টকা নিদিলে এবছৰৰ পাছত দান-বৰঙণি সংগ্ৰহ কৰি হ’লেও সমষ্টি উন্নয়নৰ কাম কৰিব লাগিব বুলি সংবাদমেলত ঘোষণা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু