--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ১৯৯৬ চন৷ ইতিমধ্যে অসম আন্দোলনে বিপৰ্যস্ত কৰি পেলাইছে অসমক৷ অসম আন্দোলনৰ নেতৃত্বই গঠন কৰা অসম গণ পৰিষদৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে গঠন হ’ল সেই চনটোতেই৷ অসম গণ পৰিষদৰ লগত চামিল হৈ অসমৰ বান নিয়ন্ত্ৰণৰ কেবিনেট মন্ত্ৰীৰূপে দায়িত্ব বহন কৰিছিল এগৰাকী চিপিআই বিধায়কে৷ নাম: প্ৰমোদ গগৈ৷ শিৱসাগৰ সমষ্টিৰ এই চিপিআই বিধায়কগৰাকীয়েই প্ৰথমবাৰৰ বাবে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমক জনজাতীয় ৰাজ্য ঘোষণাৰ দাবীত তেওঁ জনগণক সংগঠিত কৰি আন্দোলন কৰিছিল৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ মঞ্চৰ পৰা ভাৰতীয় সংবিধানৰ ৩৭০ আৰু ৩৭১ (ক) অনুচ্ছেদ অনুসৰি অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী তুলিছিল এইগৰাকী বিধায়ক প্ৰমোদ গগৈয়ে৷ সেয়াই আছিল আৰম্ভণি৷

তাৰ পাছত লুইতৰ বুকুৰে বহু পানী বাগৰি গ’ল৷ তিনিগৰাকী মুখ্যমন্ত্ৰী সলনি হ’ল৷ অথচ, আজিকোপতি সমাধান নহ’ল অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ প্ৰসংগ৷ তিনিগৰাকী মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ নকৰিলে অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰি ৰখা বিষয়টো৷ এতিয়া ৰাজ্যত নতুন মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰীৰ আসনত বহিছে সেইগৰাকী ব্যক্তি, যিয়ে ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছৰে পৰা অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ আহিছে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সমুখত এতিয়া সাগৰসম দায়িত্ব৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবলৈ ড° শৰ্মা দায়বদ্ধ হ’ব বুলি আশা কৰিছিল৷ অথচ, ৰাজ্যবাসীৰ সেই ভাৰসাক নতুন বছৰৰ পহিলা দিনটোতেই নস্যাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

১ জানুৱাৰীত এখন সংবাদমেলত সাংবাদিকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বৰ্তমানৰ জনজাতিসকলে বিৰোধিতা কৰে বুলি মন্তব্য কৰে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে অন্য জনগোষ্ঠীসমূহৰ অস্তিত্ব বিপদাপন্ন হ’ব বুলি তেওঁলোক শংকাত থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে৷ লগতে তেওঁ কয়, বহু আলোচনাৰ অন্ততহে মৰাণ আৰু মটকক বৰ্তমানৰ জনজাতীয়সকলে সন্মতি প্ৰদান কৰিছে৷ চুতীয়াসকলৰ ক্ষেত্ৰতো কিছু আগবঢ়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীসকলে আৰু আদিবাসীসকলেও মানিছে বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ অসমৰ জনগোষ্ঠীয় দল-সংগঠনে উভতি ধৰিছে মুখ্যমন্ত্ৰীক৷

এতিয়া প্ৰশ্ন হৈছে, কিয় প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়েই জনজাতিকৰণৰ বিষয়টোত থমকি ৰয়? অসমত দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কামত আগ-ভাগ লৈছে৷ ৩১ ডিচেম্বৰৰ নিশাও সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাবলৈ ৰাজপথত নামি পৰিছিল মুখ্যমন্ত্ৰীগৰাকী৷ যিটো কাম এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এগৰাকীয়েও কৰিব পাৰে৷ অথচ, সেই কামটোকে কৰিবলৈ চমক সৃষ্টি কৰি মুখ্যমন্ত্ৰীয়ে নিশা ৰাজপথ পাইছিলগৈ৷ কিন্তু, সেই বিষয়টোৰ সৈতে অসমৰ সমাজ জীৱনৰ কোনো সম্পৰ্ক নাই৷ অসমৰ সমাজ জীৱনৰ সৈতে যিটো বিষয়ৰ উশাহ-নিশাহ জড়িত হৈ আছে, সেয়া হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো৷ অথচ, মুখ্যমন্ত্ৰীয়ে প্ৰকাৰান্তৰে তাক নস্যাৎ কৰিলে৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন জনগোষ্ঠীয়ে সন্মত নহ’ব বাবেই জনজাতিকৰণৰ বিষয়টোৰ পৰা আঁতৰি থাকিব খোজা কথাটোক সহজভাৱে ল’ব পৰা নাই অসমবাসীয়ে৷ কিয়নো, মুখ্যমন্ত্ৰীগৰাকীয়ে অইন জনগোষ্ঠীক পতিয়ন নিয়াবহে পাৰিব লাগিছিল বুলি মতপোষণ কৰিছে ৰাজ্যৰ সচেতন মহলে৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে অসমৰ আৰ্থ-সামাজিক ভৱিষ্যৎ সুৰক্ষিত হোৱাৰ আশা কৰিব পাৰি৷ নহ’লে বহিঃৰাষ্ট্ৰ তথা বহিঃৰাজ্যৰ পৰা হোৱা আগ্ৰাসনে ক্ৰমশঃ চেপি আনিছে অসমৰ মানচিত্ৰ৷ অসমৰ থলুৱা লোকৰ হাতৰ পৰা কাঢ়ি লৈ গৈ থকা হৈছে মাটিৰ অধিকাৰ৷ অসমৰ খিলঞ্জীয়া লোকৰ সাতামপুৰুষীয়া মাটি-ভেটি আজি বৃহৎ পুঁজিপতিৰ দখলত৷ ভাষিক আৰু জাতিগত পৰিচয়েৰে দুৰ্বল হৈ গৈ আছে অসমীয়া৷ তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা ৰাজ্যবাসীয়ে আশা কৰিছিল জনজাতিকৰণৰ বিষয়টোৰ সমাধানৰ৷ কিন্তু, মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যই হতাশ কৰিলে অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোকক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ