--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ অন্যতম জনপ্ৰিয় পপ তাৰকা ব্ৰিটনী স্পিয়াৰ্ছ। পেছাদাৰী জীৱনত অত্যন্ত সফল হোৱাৰ পিছতো ব্ৰিটনীৰ ব্যক্তিগত জীৱন সদায় বিতৰ্কিত হৈ আহিছে।

কেতিয়াবা ব্ৰিটনী প্ৰায় কাপোৰ নিপিন্ধাকৈয়ে ছ’চিয়েল মিডিয়াত ধৰা পৰে। এইবাৰ তেওঁক প্ৰায় উলংগ হৈ লছ এঞ্জেলছৰ এখন হোটেলৰ পৰা ওলাই অহা দেখা গ’ল।

দেখা পোৱা মতে, ব্ৰিটনীৰ মুখত অশান্ত চুলি, চকুত চকুলো। খোলা বুকুখন কাপোৰেৰে ঢাকি দিয়া হৈছে। এই ছবিখন বৃহস্পতিবাৰে নিশা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। 

কোৱা হৈছে যে সেইদিনা ব্ৰিটনীৰ বৰ্তমানৰ প্ৰেমিকৰ লগত ডাঙৰ কাজিয়া হৈছিল। ব্ৰিটনী আৰু তেওঁৰ প্ৰেমিক লছ এঞ্জেলছৰ এখন বিলাসী হোটেলৰ ছুইটত অকলে সময় কটাবলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হ’ল চিঞৰ-বাখৰ। কিছু সময়ৰ পিছতে নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে ঘটনা।

বাহিৰত এম্বুলেন্স দেখা গ’ল। জনা যায় যে ব্ৰিটনীৰ ভৰিৰ গুৰুতৰ আঘাত। প্ৰকাশ পোৱা ছবিখনত দেখা গৈছে আণ্ডাৰৱেৰ, খালী ভৰি। বুকুত আঠুৱা লৈ নিৰাপত্তাৰক্ষীয়ে বনোৱা আঙঠিটোৰ মাজত খোজ কাঢ়ি গৈ আছে। যদিও তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছে যে এই ঘটনাটো সম্পূৰ্ণ মিছা।

তেওঁ লিখিছে, "মই সকলোকে জনাব বিচাৰো যে গোটেই কথাটো ভুৱা। মই বিচাৰো আপোনালোক সকলোৱে বুজিব যে মই মানসিকভাৱে শক্তিশালী হৈ আহিছো।’’

হোটেলৰ এই কাণ্ডক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ব্ৰিটনীয়ে। তদুপৰি সেই পোষ্টটোত তেওঁ ভৰিখনত আঘাত পোৱা বুলি স্বীকাৰ কৰিছে। তেওঁ কয়, “যোৱা নিশা মোৰ ভৰিত মচকা খাইছিলো। মই প্ৰাথমিক চিকিৎসা কৰিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী