--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহান ৰহস্যবাদী আৰু অন্ধ বাবা ভাংগাই কিছুমান অবিশ্বাস্য ভৱিষ্যদ্বাণী কৰি গৈছে আৰু এনে লাগে যেন বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণী এটা এটাকৈ সঁচা হ’ব ধৰিছে। বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীৰ বাবে নবী নষ্ট্ৰাডামছৰ দৰেই বিখ্যাত। তেওঁৰ ভৱিষ্যদ্বাণীৰ পৰা অনুমান কৰিব পাৰি যে ইয়াৰে কিছুমান বৰ্তমান সমগ্ৰ বিশ্বতে ঘটি আছে। এই ভৱিষ্যদ্বাণীবোৰ তেওঁ বহু বছৰৰ আগতে কৰিছিল। অৱশ্যে তেওঁ আৰু এই পৃথিৱীত নাই।

 এইবাৰৰ ভৱিষ্যদ্বাণী-

ডেইলী ষ্টাৰৰ মতে, বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল যে এছিয়াৰ বহু দেশ আৰু অষ্ট্ৰেলিয়াত বিপৰ্যয়জনক বানপানী হব আৰু এইটো নিশ্চিতভাৱে ঘটি আছে। তেওঁৰ এই ভৱিষ্যদ্বাণী বাস্তৱায়িত হৈছে। কিয়নো অষ্ট্ৰেলিয়াৰ কিছু অংশত চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰচণ্ড বৰষুণ হৈছিল, যাৰ ফলত তীব্ৰ বানপানীৰ সৃষ্টি হৈছিল।

 ইউৰোপৰ বাবে এই ভৱিষ্যদ্বাণী কৰিছিল-

বাবা ভাংগাই লগতে কৈছিল যে খৰাং পৰিস্থিতিৰ ফলত বহু চহৰত পানীৰ নাটনিৰ ফলত ক্ষতিগ্ৰস্ত হব। ইউৰোপত এতিয়াই এনেকুৱা হৈ আছে। নিউজ কৰ্পৰ বাতৰি অনুসৰি পৰ্তুগালে নিজৰ নাগৰিকসকলক পানী ব্যৱহাৰত বাধা দিবলৈ কৈছে আৰু ইটালীয়ে বৰ্তমান ১৯৫০ চনৰ পাছত আটাইতকৈ ভয়াৱহ খৰাং পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে।

 চলিত বছৰৰ ৬টা ভৱিষ্যদ্বাণীৰ ভিতৰত ২টা ভৱিষ্যদ্বাণী সঁচা হ’ল। ২০২২ চনত তেওঁ কৰা ৬টা ভৱিষ্যদ্বাণীৰ ভিতৰত ২টা বাস্তৱায়িত হৈছে। আনহাতে, বাবাই কৈছিল যে এইবাৰ চাইবেৰিয়াৰ পৰা নতুন মাৰাত্মক ভাইৰাছ আহিব, এলিয়েন আক্ৰমণ, ফৰিঙৰ আক্ৰমণ আৰু ভাৰ্চুৱেল ৰিয়েলিটী বৃদ্ধি হব।

 ১৯৯৬ চনত বাবা ভাঙাৰ মৃত্যু হয়। বাবা ভাংগাৰ জন্ম হৈছিল ১৯১১ চনত আৰু মৃত্যু হৈছিল ১৯৯৬ চনত। ভৱিষ্যদ্বাণীবোৰে এতিয়াও প্ৰতি বছৰে শিৰোনাম দখল কৰে। টৰ্নেডোৰ সময়ত বাবা ভাংগাৰ হেৰাই যোৱা বুলি ভাবিছিল পৰিয়ালৰ লোকে। কিন্তু তেতিয়া উদ্ধাৰ হৈছিল, তেতিা তেওঁৰ চকু দুটা বালি-ধূলিৰে ঢাকি থোৱা আছিল। ফলত তেওঁৰ দৃষ্টিশক্তি হেৰাই গৈছিল। তেওঁৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল আৰু চিকিৎসাৰ বাবে টকা নাছিল। কিন্তু অন্ধ হৈ থকাৰ পাছতো তেওঁ ভৱিষ্যতৰ দৰ্শনৰ উপহাৰ লাভ কৰিছিল। তেওঁ মৃত্যুৰ পূৰ্বে ভৱিষ্যদ্বাণী কৰিছিল যে ৫০৭৯ চনত এই পৃথিৱীৰ অন্ত পৰিব।

 ভৱিষ্যদ্বাণীবোৰ আগতেও সঁচা হৈছিল-

কিন্তু ইয়াৰ আগতেও তেওঁৰ বহু ভৱিষ্যদ্বাণী বাস্তৱিত হৈছিল। ১৯৮৯ চনত ভাংগাই কৈছিল যে ২০০১ চনত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আমেৰিকাৰ দুটা ‘ষ্ট্ৰীল বাৰ্ড’ ধ্বংস হৈছিল। বহুতে ইয়াক ৯/১১ আক্ৰমণৰ উল্লেখ হিচাপে উল্লেখ কৰিছিল। তেওঁৰ আন আন ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত আছে ২০০৪ চনৰ থাইলেণ্ডৰ চুনামী, বাৰাক অবামা ৰাষ্ট্ৰপতি হোৱা, ছোভিয়েট ইউনিয়নৰ পতন, পূব আৰু পশ্চিম জাৰ্মানীৰ একত্ৰীকৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি