--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ‘আফস্পা’ বাতিলৰ দাবী উত্থাপন হৈছে উত্তৰ-পূৰ্বাঞ্চলত৷ বিতৰ্কিত ক’লা আইনখন বাতিলৰ দাবীত এইবাৰ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিং সৰব হৈ পৰিছে৷ ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ‘আফস্পা ’ বাতিলৰ বাবে শক্তিশালী প্ৰস্তাৱ প্ৰস্তুত কৰিছে৷ ২০০২ৰ পৰা ২০১৭লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ওক্ৰাম ইবোবি সিঙে এটা বিশেষ সাক্ষাৎকাৰত বিদ্ৰোহী গোটসমূহৰ সৈতে সম্পৰ্ক থকা বিজেপিৰ বিৰুদ্ধে কেইবাটাও চাঞ্চল্যকৰ মন্তব্য কৰে। এইবেলি থৌবাল সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা ইবোবিয়ে অভিযোগ কৰি কয় যে, বিজেপিয়ে বিদ্ৰোহী গোটবোৰৰ সৈতে হাত মিলাইছিল, যাৰ বাবে তেওঁলোকে ২০১৭ত সংখ্যাগৰিষ্ঠতা নাথাকিলেও মণিপুৰত চৰকাৰ গঠন কৰিছিল। মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ১০ মাৰ্চত ৩৮ টা সমষ্টিত দুটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰত ভোটাৰে কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ ভোট দিব বুলি আশা প্ৰকাশ কৰে৷ তেওঁৰ মতে, ৰাজ্যখনত বিজেপিৰ পাঁচ বছৰৰ শাসনকালত মণিপুৰৰ নাগৰিকসকল অতিষ্ঠ হৈ পৰিছে আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁৰ কাৰ্যকালত ‘আফস্পা’ বাতিল কৰা নাছিল৷ অথচ, তেওঁ কিয় এতিয়া বাতিল কৰাতো বিচাৰে? তেতিয়া ইবোবিয়ে কয়, আমাৰ সময়ত, আমি সাতটা বিধানসভা খণ্ডত আফস্পা প্ৰত্যাহাৰ কৰিছিলোঁ। বৰ্তমানৰ চৰকাৰৰ কেন্দ্ৰক এইটো কোৱাৰ সাহস নাই। এতিয়া পৰিৱেশ আছে, সেয়েহে ইয়াক বাতিল কৰা উচিত। ওক্ৰাম ইবোবি সিঙক এইবাৰ মণিপুৰত কংগ্ৰেছে কেনে প্ৰদৰ্শন কৰিব বুলি সোধাত তেওঁ কয়, বিগত পাঁচ বছৰত মণিপুৰৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। তেওঁলোক বিজেপিবিৰোধী শক্তিসমূহৰ সৈতে আছে। মানুহে পৰিৱৰ্তন বিচাৰে আৰু আমি পৰিৱৰ্তন আনিম বুলি নেতাগৰাকীয়ে মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু