--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ‘আফস্পা’ বাতিলৰ দাবী উত্থাপন হৈছে উত্তৰ-পূৰ্বাঞ্চলত৷ বিতৰ্কিত ক’লা আইনখন বাতিলৰ দাবীত এইবাৰ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিং সৰব হৈ পৰিছে৷ ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ‘আফস্পা ’ বাতিলৰ বাবে শক্তিশালী প্ৰস্তাৱ প্ৰস্তুত কৰিছে৷ ২০০২ৰ পৰা ২০১৭লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ওক্ৰাম ইবোবি সিঙে এটা বিশেষ সাক্ষাৎকাৰত বিদ্ৰোহী গোটসমূহৰ সৈতে সম্পৰ্ক থকা বিজেপিৰ বিৰুদ্ধে কেইবাটাও চাঞ্চল্যকৰ মন্তব্য কৰে। এইবেলি থৌবাল সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা ইবোবিয়ে অভিযোগ কৰি কয় যে, বিজেপিয়ে বিদ্ৰোহী গোটবোৰৰ সৈতে হাত মিলাইছিল, যাৰ বাবে তেওঁলোকে ২০১৭ত সংখ্যাগৰিষ্ঠতা নাথাকিলেও মণিপুৰত চৰকাৰ গঠন কৰিছিল। মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ১০ মাৰ্চত ৩৮ টা সমষ্টিত দুটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰত ভোটাৰে কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ ভোট দিব বুলি আশা প্ৰকাশ কৰে৷ তেওঁৰ মতে, ৰাজ্যখনত বিজেপিৰ পাঁচ বছৰৰ শাসনকালত মণিপুৰৰ নাগৰিকসকল অতিষ্ঠ হৈ পৰিছে আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁৰ কাৰ্যকালত ‘আফস্পা’ বাতিল কৰা নাছিল৷ অথচ, তেওঁ কিয় এতিয়া বাতিল কৰাতো বিচাৰে? তেতিয়া ইবোবিয়ে কয়, আমাৰ সময়ত, আমি সাতটা বিধানসভা খণ্ডত আফস্পা প্ৰত্যাহাৰ কৰিছিলোঁ। বৰ্তমানৰ চৰকাৰৰ কেন্দ্ৰক এইটো কোৱাৰ সাহস নাই। এতিয়া পৰিৱেশ আছে, সেয়েহে ইয়াক বাতিল কৰা উচিত। ওক্ৰাম ইবোবি সিঙক এইবাৰ মণিপুৰত কংগ্ৰেছে কেনে প্ৰদৰ্শন কৰিব বুলি সোধাত তেওঁ কয়, বিগত পাঁচ বছৰত মণিপুৰৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। তেওঁলোক বিজেপিবিৰোধী শক্তিসমূহৰ সৈতে আছে। মানুহে পৰিৱৰ্তন বিচাৰে আৰু আমি পৰিৱৰ্তন আনিম বুলি নেতাগৰাকীয়ে মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ