--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ পৌৰসভা নিৰ্বাচন আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ তেওঁ কৈছে, ‘পৌৰ নিৰ্বাচনত ভয়-ভাবুকি, চৰিত্ৰহননৰ ৰাজনীতি চলিছে৷’ বিজেপিয়ে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মহিলা প্ৰাৰ্থীৰ চৰিত্ৰহননত নামি পৰিছে বুলি মন্তব্য সাংসদ আব্দুল খালেকৰ৷ তেওঁ লগেত কয় যে, গণতন্ত্ৰ বৰ্তাই ৰখাতো সকলোৰে দায়িত্ব৷ এনে প্ৰৱণতা গণতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে৷ অলপতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতীক প্ৰত্যাহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ প্ৰতিক্ৰিয়াস্বৰূপে সাংসদ খালেকে এই প্ৰক্ৰিয়া পৌৰ নিৰ্বাচনতে প্ৰযোজ্য কৰিব লাগিছিল বুলি মন্তব্য কৰে৷ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰি খালেকে মাজুলীৰ বিজেপি প্ৰাৰ্থীগৰাকী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত উত্তৰসুৰী হয় নে বুলি প্ৰশ্ন কৰে৷ শিক্ষা বিভাগত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷ ন্যূনতম ৮০ শতাংশ চাকৰি অসমৰ থলুৱা নাগৰিকৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰে আব্দুল খালেকে৷ চৰকাৰী-বেচৰকাৰী উভয় খণ্ডতে এই নীতি প্ৰযোজ্য হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰো দাবী সাংসদ খালেকৰ৷ অসমৰ ভূমি বহিৰাগত পুঁজিপতিৰ হাতত লীজত দিয়া প্ৰসংগত মন্তব্য কৰি সাংসদগৰাকীয়ে সকলোৱে এই কাৰ্যৰ সমস্বৰে প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয়, উদ্যোগীকৰণৰ বাবে ভূমি আবণ্টনত আপত্তি নাই৷ কিন্তু, উদ্যোগ স্থাপনৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ অসম আৰক্ষীয়ে পঞ্জীয়ন নকৰা বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে৷ তেওঁ কয়, আইনৰ শাসন প্ৰৱৰ্তাই ৰখাতো মুখ্যমন্ত্ৰীৰ দায়িত্ব৷ FIR পঞ্জীয়ন নকৰাটো CRPCৰ পৰিপন্থী বুলি তেওঁ মন্তব্য কৰে৷ ইতিমধ্যে বিষয়টো সংসদৰ মজিয়াতো উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু