--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ পৌৰসভা নিৰ্বাচন আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ তেওঁ কৈছে, ‘পৌৰ নিৰ্বাচনত ভয়-ভাবুকি, চৰিত্ৰহননৰ ৰাজনীতি চলিছে৷’ বিজেপিয়ে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মহিলা প্ৰাৰ্থীৰ চৰিত্ৰহননত নামি পৰিছে বুলি মন্তব্য সাংসদ আব্দুল খালেকৰ৷ তেওঁ লগেত কয় যে, গণতন্ত্ৰ বৰ্তাই ৰখাতো সকলোৰে দায়িত্ব৷ এনে প্ৰৱণতা গণতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে৷ অলপতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতীক প্ৰত্যাহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ প্ৰতিক্ৰিয়াস্বৰূপে সাংসদ খালেকে এই প্ৰক্ৰিয়া পৌৰ নিৰ্বাচনতে প্ৰযোজ্য কৰিব লাগিছিল বুলি মন্তব্য কৰে৷ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰি খালেকে মাজুলীৰ বিজেপি প্ৰাৰ্থীগৰাকী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত উত্তৰসুৰী হয় নে বুলি প্ৰশ্ন কৰে৷ শিক্ষা বিভাগত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷ ন্যূনতম ৮০ শতাংশ চাকৰি অসমৰ থলুৱা নাগৰিকৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰে আব্দুল খালেকে৷ চৰকাৰী-বেচৰকাৰী উভয় খণ্ডতে এই নীতি প্ৰযোজ্য হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে৷ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰো দাবী সাংসদ খালেকৰ৷ অসমৰ ভূমি বহিৰাগত পুঁজিপতিৰ হাতত লীজত দিয়া প্ৰসংগত মন্তব্য কৰি সাংসদগৰাকীয়ে সকলোৱে এই কাৰ্যৰ সমস্বৰে প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয়, উদ্যোগীকৰণৰ বাবে ভূমি আবণ্টনত আপত্তি নাই৷ কিন্তু, উদ্যোগ স্থাপনৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ অসম আৰক্ষীয়ে পঞ্জীয়ন নকৰা বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে৷ তেওঁ কয়, আইনৰ শাসন প্ৰৱৰ্তাই ৰখাতো মুখ্যমন্ত্ৰীৰ দায়িত্ব৷ FIR পঞ্জীয়ন নকৰাটো CRPCৰ পৰিপন্থী বুলি তেওঁ মন্তব্য কৰে৷ ইতিমধ্যে বিষয়টো সংসদৰ মজিয়াতো উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক