--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি কোনো ব্যক্তিয়ে বিদুৰ নীতিত উল্লেখ কৰা এই ১০টা অভ্যাস নিজৰ জীৱনত গ্ৰহণ কৰে, তেতিয়া তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। জীৱনত কেতিয়াও আৰ্থিক সংকট আৰু দৰিদ্ৰতা নাথাকিব।

মহাভাৰতৰ অন্যতম মূল চৰিত্ৰ আছিল মহাত্মা বিদুৰ। তেওঁৰ ৰাজনৈতিক চতুৰতাৰ বিষয়ে আমি সকলো জ্ঞাত। মহাত্মা বিদুৰে এনে ১০টা নিয়ম কৈছে যিবোৰ জীৱন সফল আৰু সমৃদ্ধিশালী কৰি তোলাত অতি উপযোগী। যদি কোনো ব্যক্তিয়ে নিজৰ জীৱনত বিদুৰ নীতিৰ এই নিয়মবোৰ গ্ৰহণ কৰে তেন্তে তেওঁ বিফল নহ’ব। বিদুৰ নীতিৰ এই নিয়মসমূহ জানো আহক।

বিদুৰ নীতিৰ এইবোৰ কথা মনত ৰাখিব

১) বিদুৰ নীতিৰ মতে কামনা, ক্ৰোধ আৰু লোভ হৈছে নৰকৰ দুৱাৰ। এই তিনিটাৰ বাবেই এজন ব্যক্তি কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰে। সেইবাবেই ইয়াক পৰিত্যাগ কৰা উচিত।

২) সন্দেহ থকা মানুহক কেতিয়াও টকা দিব নালাগে। কাৰণ তেনে ব্যক্তিয়ে আনৰ ধন সঠিকভাৱে ব্যৱহাৰ নকৰে।

৩) যিকোনো কাম ভালদৰে চিন্তা কৰি আৰম্ভ কৰিব লাগে। সম্পূৰ্ণ হৃদয়েৰে কৰা কামতহে সফলতা লাভ কৰা হয়।

৪) যিজন ব্যক্তিয়ে শক্তিশালী হৈও দুৰ্বলক ক্ষমা কৰি সহায় কৰে। এনে ব্যক্তিয়ে মৃত্যুৰ পিছত স্বৰ্গ লাভ কৰে।

৫) যিজন বিশ্বাসযোগ্য নহয় তেওঁক ভুলতো পুনৰ বিশ্বাস কৰা উচিত নহয়। কেৱল বিশ্বাসযোগ্য ব্যক্তিক বিশ্বাস কৰক। ইয়াৰ দ্বাৰা আপুনি গোটেই জীৱন সফল হ’ব।

৬) ভাল কাম কৰা ব্যক্তিৰ সংগত থাকক আৰু বেয়া কাম কৰাজনৰ পৰা দূৰত্ব বজাই ৰাখক।

৭) যি ব্যক্তি নিজৰ পঞ্চ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম। তেওঁ কেতিয়াও সফল নহয়।

৮) সদায় অসুস্থ ব্যক্তিৰ বাবে তেওঁৰ অসুখ অন্ত হোৱাই বা সুস্থ হৈ উঠাই হ'ল সুখ প্ৰাপ্তি।

৯) এলেহুৱা মানুহক সহায় নকৰিব। তেওঁ কেতিয়াও টকা ঘূৰাই দিব নোৱাৰে।

১০) যিজন ব্যক্তিক সন্মান পালে আনন্দত অত্যধিক নহয় আৰু সন্মান নোপোৱাৰ সময়ত খং নকৰে, সেইজনেই শ্ৰেষ্ঠ ব্যক্তি। এনে ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ