--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে বৰ্তমান সময়ত চুলিৰ সমস্যা দিনকদিনে বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ ভিতৰত পকা চুলিৰ সমস্যা যথেষ্ট বেছি। আজিকালি ২০ৰ পৰা ২৫ বছৰ বয়সৰ যুৱক-যুৱতীও এই সমস্যাত ভোগা দেখা যায়। প্ৰায়ে তেওঁলোকে চুলিৰ ৰং বা ৰাসায়নিক ৰং ব্যৱহাৰ কৰি পকা চুলি লুকুৱাবলগীয়া হয়, কিন্তু ইয়াৰ ফলত চুলিবোৰ নিৰ্জীৱ যেন লাগে। সেয়েহে এইসমূহ ঘৰুৱা পদ্ধতিৰে আপুনিও প্ৰাকৃতিকভাৱে চুলি ক’লা কৰিব পাৰি, জানি লওক।

 এইবোৰ সামগ্ৰী ব্যৱহাৰে চুলি ক’লা কৰে-

১. পিঁয়াজৰ ৰস আৰু অলিভ তেলঃ-পকা চুলি সমস্যাত পিঁয়াজৰ ৰস উপকাৰী বুলি প্ৰমাণিত হৈছে। চুলিৰ বৃদ্ধিৰ বাবেও অতি সহায়ক। অলিভ অইলত পিঁয়াজৰ ৰস আৰু নেমুৰ ৰস মিহলাই মূৰৰ ছালত মালিচ কৰিলে চুলি মজবুত হোৱাৰ লগতে পকা চুলি সমস্যা হ্ৰাস পায়।

২. ব্লেক টি-ব্লেক টি ব্যৱহাৰ কৰি চুলিক স্বাভাৱিকভাৱে ক’লা কৰি তুলিব পাৰি। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে, যিয়ে চুলি ক’লা কৰাত সহায় কৰে। ইয়াৰ বাবে এটা বাটিত পানী লৈ ২ চামুচ চাহপাত আৰু এচামুচ নিমখ দি উতলাই লৈ চেকি থৈ ঠাণ্ডা হ’লে চুলিত লগাওক।

৩. নাৰিকল তেল আৰু নেমুৰ ৰসঃ-নাৰিকল তেলে চুলি স্বাভাৱিকভাৱে মজবুত কৰাত সহায় কৰে। নাৰিকল তেলত নেমুৰ ৰস মিহলাই চুলিৰ মালিচ কৰক। ইয়াৰ নিয়মীয়া ব্যৱহাৰে পকা চুলি হ্ৰাস কৰিব পাৰে।

৪. আদা আৰু মৌঃ-আদা আৰু মৌৰ সংমিশ্ৰণে চুলি ক’লা কৰাৰ বাবে অতি ফলপ্ৰসূ। আদাৰ আৰু মৌ মিহলাই পেষ্ট বনাই চুলিত লগাওক। প্ৰায় আধা ঘণ্টাৰ পাছত পানীৰে ধুব। এই প্ৰক্ৰিয়াটো সপ্তাহত কমেও দুবাৰ কৰিব পাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ