--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে বৰ্তমান সময়ত চুলিৰ সমস্যা দিনকদিনে বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ ভিতৰত পকা চুলিৰ সমস্যা যথেষ্ট বেছি। আজিকালি ২০ৰ পৰা ২৫ বছৰ বয়সৰ যুৱক-যুৱতীও এই সমস্যাত ভোগা দেখা যায়। প্ৰায়ে তেওঁলোকে চুলিৰ ৰং বা ৰাসায়নিক ৰং ব্যৱহাৰ কৰি পকা চুলি লুকুৱাবলগীয়া হয়, কিন্তু ইয়াৰ ফলত চুলিবোৰ নিৰ্জীৱ যেন লাগে। সেয়েহে এইসমূহ ঘৰুৱা পদ্ধতিৰে আপুনিও প্ৰাকৃতিকভাৱে চুলি ক’লা কৰিব পাৰি, জানি লওক।

 এইবোৰ সামগ্ৰী ব্যৱহাৰে চুলি ক’লা কৰে-

১. পিঁয়াজৰ ৰস আৰু অলিভ তেলঃ-পকা চুলি সমস্যাত পিঁয়াজৰ ৰস উপকাৰী বুলি প্ৰমাণিত হৈছে। চুলিৰ বৃদ্ধিৰ বাবেও অতি সহায়ক। অলিভ অইলত পিঁয়াজৰ ৰস আৰু নেমুৰ ৰস মিহলাই মূৰৰ ছালত মালিচ কৰিলে চুলি মজবুত হোৱাৰ লগতে পকা চুলি সমস্যা হ্ৰাস পায়।

২. ব্লেক টি-ব্লেক টি ব্যৱহাৰ কৰি চুলিক স্বাভাৱিকভাৱে ক’লা কৰি তুলিব পাৰি। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে, যিয়ে চুলি ক’লা কৰাত সহায় কৰে। ইয়াৰ বাবে এটা বাটিত পানী লৈ ২ চামুচ চাহপাত আৰু এচামুচ নিমখ দি উতলাই লৈ চেকি থৈ ঠাণ্ডা হ’লে চুলিত লগাওক।

৩. নাৰিকল তেল আৰু নেমুৰ ৰসঃ-নাৰিকল তেলে চুলি স্বাভাৱিকভাৱে মজবুত কৰাত সহায় কৰে। নাৰিকল তেলত নেমুৰ ৰস মিহলাই চুলিৰ মালিচ কৰক। ইয়াৰ নিয়মীয়া ব্যৱহাৰে পকা চুলি হ্ৰাস কৰিব পাৰে।

৪. আদা আৰু মৌঃ-আদা আৰু মৌৰ সংমিশ্ৰণে চুলি ক’লা কৰাৰ বাবে অতি ফলপ্ৰসূ। আদাৰ আৰু মৌ মিহলাই পেষ্ট বনাই চুলিত লগাওক। প্ৰায় আধা ঘণ্টাৰ পাছত পানীৰে ধুব। এই প্ৰক্ৰিয়াটো সপ্তাহত কমেও দুবাৰ কৰিব পাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়