--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিদ্যালয়ৰ সন্মুখত খোলা হৈছে সুৰাৰ বিপনী। দিনে নিশাই বিক্ৰী কৰা হৈছে সুৰা।অঞ্চলটোত মদ্যপায়ীসকলে প্ৰায়ে মদ খাই হুলস্থুল কৰে।যাৰ বাবে সন্মুখতে থকা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল সন্মুখীন হৈছে সমস্যাৰ।এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সুৰাৰ দোকানখন বন্ধ কৰিবলৈ ন্যায় বিচাৰি আদালতৰ কাষ চাপিছে এজন পাঁচ বছৰীয়া ছাত্ৰ৷


এই ঘটনা সংঘটিত হৈছে কাণপুৰৰ আজাদ নগৰ অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত।অভিযোগ কৰা ছাত্ৰজনৰ নাম অথৰ্ব। পাঁচ বছৰীয়া ছাত্ৰগৰাকীয়ে আজাদ নগৰৰ ছেঠ জয়পুৰীয়া বিদ্যালয়ত অধ্যয়ন কৰে। স্কুলৰ কাষতে আছে এখন সুৰাৰ দোকান। অভিযোগ অনুসৰি সেই দোকানৰ পৰা সুৰা কিনিবলৈ অহাসকলে, বহুতেই মদ্যপান কৰি বিদ্যালয়ৰ সন্মুখত হুলস্থুল কৰে। সৰু সৰু ছাত্ৰ-ছাত্ৰীৰ সন্মুখত চলি থাকে এক হিংসাৰ পৰিবেশ। বিদ্যালয়খনৰ পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ একাংশ অভিভাৱকৰ। আবেদনত সুৰাৰ বিপনীখনক ‘অসামাজিক ক্ষেত্ৰ’ বুলিও আখ্যা দিয়া হৈছে।


সেয়েহে বিদ্যালয়খনৰ এজন ছাত্ৰই দোকানখনৰ সমস্যা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনায়।আদালতে ইতিমধ্যে স্কুলৰ সন্মুখত থকা সুৰাৰ দোকানখন আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে। জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ মনোজ কুমাৰ গুপ্তা আৰু ন্যায়াধীশ ক্ষীতিজ শৈলেন্দ্ৰৰ যৌথ বিচাৰপীঠে। আবেদনকাৰী ছাত্ৰজনে পিতৃৰ জৰিয়তে আদালতত আবেদন দাখিল কৰিছে। আবেদনখনত লিখিছে যে সুৰাৰ দোকানখনে সহপাঠী আৰু স্থানীয় বাসিন্দাসকলৰ দৈনন্দিন জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে।


এই গোচৰত দোকান কৰ্তৃপক্ষৰ অধিবক্তাই কয় যে সুৰাৰ দোকানখন ইতিমধ্যে অঞ্চলটোত আছিল। পাছতহে সেই অঞ্চলত ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰা হয়।আদালতে পৰ্যবেক্ষণ কৰে যে অঞ্চলটোত বিদ্যালয়খন নিৰ্মাণ কৰাৰ পাছত সুৰাৰ দোকানখনে অনুজ্ঞাপত্ৰ নবীকৰণ কৰা উচিত নাছিল। সংশ্লিষ্ট কৰ্তৃপক্ষক জবাবদিহি কৰিবলৈয়ো ৰাজ্যক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। স্কুল খোলাৰ পিছতো সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ নবীকৰণ কিয় কৰা হ’ল সংশ্লিষ্ট কৰ্তৃপক্ষই লিখিতভাৱে জনোৱা উচিত। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৩ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু