--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিদ্যালয়ৰ সন্মুখত খোলা হৈছে সুৰাৰ বিপনী। দিনে নিশাই বিক্ৰী কৰা হৈছে সুৰা।অঞ্চলটোত মদ্যপায়ীসকলে প্ৰায়ে মদ খাই হুলস্থুল কৰে।যাৰ বাবে সন্মুখতে থকা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল সন্মুখীন হৈছে সমস্যাৰ।এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সুৰাৰ দোকানখন বন্ধ কৰিবলৈ ন্যায় বিচাৰি আদালতৰ কাষ চাপিছে এজন পাঁচ বছৰীয়া ছাত্ৰ৷


এই ঘটনা সংঘটিত হৈছে কাণপুৰৰ আজাদ নগৰ অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত।অভিযোগ কৰা ছাত্ৰজনৰ নাম অথৰ্ব। পাঁচ বছৰীয়া ছাত্ৰগৰাকীয়ে আজাদ নগৰৰ ছেঠ জয়পুৰীয়া বিদ্যালয়ত অধ্যয়ন কৰে। স্কুলৰ কাষতে আছে এখন সুৰাৰ দোকান। অভিযোগ অনুসৰি সেই দোকানৰ পৰা সুৰা কিনিবলৈ অহাসকলে, বহুতেই মদ্যপান কৰি বিদ্যালয়ৰ সন্মুখত হুলস্থুল কৰে। সৰু সৰু ছাত্ৰ-ছাত্ৰীৰ সন্মুখত চলি থাকে এক হিংসাৰ পৰিবেশ। বিদ্যালয়খনৰ পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ একাংশ অভিভাৱকৰ। আবেদনত সুৰাৰ বিপনীখনক ‘অসামাজিক ক্ষেত্ৰ’ বুলিও আখ্যা দিয়া হৈছে।


সেয়েহে বিদ্যালয়খনৰ এজন ছাত্ৰই দোকানখনৰ সমস্যা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনায়।আদালতে ইতিমধ্যে স্কুলৰ সন্মুখত থকা সুৰাৰ দোকানখন আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে। জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ মনোজ কুমাৰ গুপ্তা আৰু ন্যায়াধীশ ক্ষীতিজ শৈলেন্দ্ৰৰ যৌথ বিচাৰপীঠে। আবেদনকাৰী ছাত্ৰজনে পিতৃৰ জৰিয়তে আদালতত আবেদন দাখিল কৰিছে। আবেদনখনত লিখিছে যে সুৰাৰ দোকানখনে সহপাঠী আৰু স্থানীয় বাসিন্দাসকলৰ দৈনন্দিন জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে।


এই গোচৰত দোকান কৰ্তৃপক্ষৰ অধিবক্তাই কয় যে সুৰাৰ দোকানখন ইতিমধ্যে অঞ্চলটোত আছিল। পাছতহে সেই অঞ্চলত ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰা হয়।আদালতে পৰ্যবেক্ষণ কৰে যে অঞ্চলটোত বিদ্যালয়খন নিৰ্মাণ কৰাৰ পাছত সুৰাৰ দোকানখনে অনুজ্ঞাপত্ৰ নবীকৰণ কৰা উচিত নাছিল। সংশ্লিষ্ট কৰ্তৃপক্ষক জবাবদিহি কৰিবলৈয়ো ৰাজ্যক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। স্কুল খোলাৰ পিছতো সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ নবীকৰণ কিয় কৰা হ’ল সংশ্লিষ্ট কৰ্তৃপক্ষই লিখিতভাৱে জনোৱা উচিত। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৩ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ