--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ  প্ৰাৰ্থীৰ  নাম ঘোষণাৰ বাবে তৎপৰ হৈ পৰিছে। পিছ পৰি ৰোৱা নাই বিজিপিয়েও। বিজেপিয়ে অহা সপ্তাহত ১৫০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। একে সময়তে  বিৰোধী শিবিৰ আৰু ইণ্ডিয়া  মিত্ৰজোঁট আসন ভাগ-বতৰাৰ  বাবে তৎপৰতা দেখুৱাইছে। এনে সময়তে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি গেৰুৱা দলটোৱে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ বাবে কমেও ১৫০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।


নিৰ্বাচন আয়োগে এমাহৰ ভিতৰত লোকসভা নিৰ্বাচন ২০২৪ ৰ তাৰিখ ঘোষণা কৰিব। এইবাৰ  বিজেপিয়ে একক ভাবে ৩৭০ খন আসনত জয়ী হোৱাৰ  লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনডিএ  হিচাপে ৪০০ খন আসনৰ লক্ষ্য স্থিৰ কৰা হৈছে।সেই লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে বিপক্ষতকৈ আগবাঢ়ি থকাটো গুৰুত্বপূৰ্ণ। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক ২৯ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ'ব। সেই বৈঠকৰ পিছত গেৰুৱা শিবিৰে কমেও ১৫০  খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে। 

লোকসভা নিৰ্বাচনত, বিজেপিয়ে শেহতীয়াকৈ সৰ্বাধিক সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰে  বহু  কম আসনত যুঁজ দিয়াৰ সুবিধা পাব পাৰে।  প্ৰথম পৰ্যায়ত ঘোষণা কৰিবলগীয়া ১৫০ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ থকাৰ সম্ভাৱনা আছে। মোডীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে  টিকট পোৱাটো নিশ্চিত হোৱা শীৰ্ষ বিজেপি নেতাসকলৰ  ভিতৰত আছে নীতিন গাডকাৰী, ৰাজনাথ সিং আদি নেতাসকল। ইপিনে দিল্লীৰ তিনি খন আসনৰ বাবে বিজেপিয়ে তিনিজনক বাছনি কৰাৰ প্ৰক্ৰিয়া চলাই গৈছে  সূত্ৰটোৱে প্ৰকাশ কৰে। তেওঁলোকৰ ভিতৰত মনোজ তিৱাৰী, পৰবেশ বাৰ্মা, ৰমেশ বিধুৰীৰ নাম উচ্চাৰিত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু