--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ  প্ৰাৰ্থীৰ  নাম ঘোষণাৰ বাবে তৎপৰ হৈ পৰিছে। পিছ পৰি ৰোৱা নাই বিজিপিয়েও। বিজেপিয়ে অহা সপ্তাহত ১৫০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। একে সময়তে  বিৰোধী শিবিৰ আৰু ইণ্ডিয়া  মিত্ৰজোঁট আসন ভাগ-বতৰাৰ  বাবে তৎপৰতা দেখুৱাইছে। এনে সময়তে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি গেৰুৱা দলটোৱে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ বাবে কমেও ১৫০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।


নিৰ্বাচন আয়োগে এমাহৰ ভিতৰত লোকসভা নিৰ্বাচন ২০২৪ ৰ তাৰিখ ঘোষণা কৰিব। এইবাৰ  বিজেপিয়ে একক ভাবে ৩৭০ খন আসনত জয়ী হোৱাৰ  লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনডিএ  হিচাপে ৪০০ খন আসনৰ লক্ষ্য স্থিৰ কৰা হৈছে।সেই লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে বিপক্ষতকৈ আগবাঢ়ি থকাটো গুৰুত্বপূৰ্ণ। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক ২৯ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ'ব। সেই বৈঠকৰ পিছত গেৰুৱা শিবিৰে কমেও ১৫০  খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে। 

লোকসভা নিৰ্বাচনত, বিজেপিয়ে শেহতীয়াকৈ সৰ্বাধিক সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰে  বহু  কম আসনত যুঁজ দিয়াৰ সুবিধা পাব পাৰে।  প্ৰথম পৰ্যায়ত ঘোষণা কৰিবলগীয়া ১৫০ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ থকাৰ সম্ভাৱনা আছে। মোডীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে  টিকট পোৱাটো নিশ্চিত হোৱা শীৰ্ষ বিজেপি নেতাসকলৰ  ভিতৰত আছে নীতিন গাডকাৰী, ৰাজনাথ সিং আদি নেতাসকল। ইপিনে দিল্লীৰ তিনি খন আসনৰ বাবে বিজেপিয়ে তিনিজনক বাছনি কৰাৰ প্ৰক্ৰিয়া চলাই গৈছে  সূত্ৰটোৱে প্ৰকাশ কৰে। তেওঁলোকৰ ভিতৰত মনোজ তিৱাৰী, পৰবেশ বাৰ্মা, ৰমেশ বিধুৰীৰ নাম উচ্চাৰিত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী