--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষকৰ প্ৰতিবাদ আজিও অব্যাহত আছে। প্ৰতিবাদী কৃষকসকলে দিল্লী চলো অভিযান সাময়িকভাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে যদিও প্ৰতিবাদৰ পথৰ পৰা এতিয়াও আঁতৰি যোৱা নাই। দেশৰ বহু জনে কৃষকৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষকসকলৰ প্ৰতিবাদক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশ-বিদেশৰ পৰা হেঁচাও নোপোৱাকৈ থকা নাই।

এনে সময়তে আৰ এছ এছ ৰ স্বীকৃত কৃষক সংগঠন ভাৰতীয় কিষাণ সংঘই  প্ৰতিবাদী কৃষকসকলৰ কাষত থিয় দিছে।  ৰাজস্থানৰ আজমেৰত ভাৰতীয় কিষাণ সংঘৰ কাৰ্য্যালয়ত   এখন বৈঠকৰ পিছত সংগঠনটোৱে মোদী চৰকাৰক কৃষকৰ প্ৰতিবাদৰ বিষয়ত কঠোৰ ভাষাৰে সতৰ্ক কৰি দিয়ে।  সংগঠনটোৱে লগতে দাবী কৰে  যে কৃষকসকলৰ নামত হিংসা বিয়পাবলৈ চেষ্টা কৰা হৈছে। 

কিছুমানে এই আন্দোলনৰ জৰিয়তে ৰাজনৈতিক লাভ লাভ অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে বুলিও আৰ এছ এছৰ কৃষক সংগঠনটোৱে মন্তব্য কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক মোহিনী মোহন মিশ্ৰই কয়, "চৰকাৰে দেখুওৱা মনোভাৱ নিন্দনীয়। ইয়াৰ ফলত হিংসা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।’’কৃষকৰ সৰলতাক দুৰ্বলতা বুলি নাভাবিবলৈয়ো আৰ এছ এছৰ কৃষক গোটটোৱে চৰকাৰক সকিয়াই দিয়ে। প্ৰতিবাদকাৰী কৃষকসকলে দিল্লী চলো অভিযানৰ সিদ্ধান্তত অটল হৈ আছে। এই কাৰ্যসূচী পৰৱৰ্তী এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছে। দিল্লী চলো  অভিযান ২৯ ফেব্ৰুৱাৰীত পুনৰ আৰম্ভ হ'ব।
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement