--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃষকৰ প্ৰতিবাদ আজিও অব্যাহত আছে। প্ৰতিবাদী কৃষকসকলে দিল্লী চলো অভিযান সাময়িকভাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে যদিও প্ৰতিবাদৰ পথৰ পৰা এতিয়াও আঁতৰি যোৱা নাই। দেশৰ বহু জনে কৃষকৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষকসকলৰ প্ৰতিবাদক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশ-বিদেশৰ পৰা হেঁচাও নোপোৱাকৈ থকা নাই।

এনে সময়তে আৰ এছ এছ ৰ স্বীকৃত কৃষক সংগঠন ভাৰতীয় কিষাণ সংঘই  প্ৰতিবাদী কৃষকসকলৰ কাষত থিয় দিছে।  ৰাজস্থানৰ আজমেৰত ভাৰতীয় কিষাণ সংঘৰ কাৰ্য্যালয়ত   এখন বৈঠকৰ পিছত সংগঠনটোৱে মোদী চৰকাৰক কৃষকৰ প্ৰতিবাদৰ বিষয়ত কঠোৰ ভাষাৰে সতৰ্ক কৰি দিয়ে।  সংগঠনটোৱে লগতে দাবী কৰে  যে কৃষকসকলৰ নামত হিংসা বিয়পাবলৈ চেষ্টা কৰা হৈছে। 

কিছুমানে এই আন্দোলনৰ জৰিয়তে ৰাজনৈতিক লাভ লাভ অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে বুলিও আৰ এছ এছৰ কৃষক সংগঠনটোৱে মন্তব্য কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক মোহিনী মোহন মিশ্ৰই কয়, "চৰকাৰে দেখুওৱা মনোভাৱ নিন্দনীয়। ইয়াৰ ফলত হিংসা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।’’কৃষকৰ সৰলতাক দুৰ্বলতা বুলি নাভাবিবলৈয়ো আৰ এছ এছৰ কৃষক গোটটোৱে চৰকাৰক সকিয়াই দিয়ে। প্ৰতিবাদকাৰী কৃষকসকলে দিল্লী চলো অভিযানৰ সিদ্ধান্তত অটল হৈ আছে। এই কাৰ্যসূচী পৰৱৰ্তী এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছে। দিল্লী চলো  অভিযান ২৯ ফেব্ৰুৱাৰীত পুনৰ আৰম্ভ হ'ব।
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু