--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক দুখজনক খবৰে জোকাৰী যায়ানগৰী মুম্বাই। এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী লিফটত আবদ্ধ হৈ পৰিছিল। ভয়তে লিফটতে মৃত্যু হয় ২৬ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ। মুম্বাইৰ মালাডৰ পৰা আহিছে এই দুখজনক খবৰটো। বিদ্যালয়ৰ লিফ্টত আবদ্ধ হৈ এগৰাকী শিক্ষয়ত্ৰীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে সংঘটিত হয় এই কৰুণ ঘটনাটো। প্ৰাপ্ত তথ্য অনুসৰি ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পাছত আঘাতপ্ৰাপ্ত অৱস্থাত শিক্ষয়ত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে নিহত শিক্ষয়িত্ৰীগৰাকীক জেনেল ফাৰ্ণাণ্ডেজ বুলি চিনাক্ত কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তথ্য অনুসৰি শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত জেনেল ফাৰ্ণাণ্ডেজে বিদ্যালয়ৰ ষষ্ঠ মহলাৰ পৰা ক্লাছ কৰি লিফ্টেৰে নামি আহিব বিচাৰে। কিন্তু লিফ্টত তেওঁ এখন ভৰি দিয়াৰ লগে লগে লিফ্টটোৰ দৰ্জাখন বন্ধ হৈ ওপৰৰ ফালে যাবলৈ ধৰে। তেওঁ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছিল যদিও অসফল হোৱাত তেওঁ গুৰুতৰভাৱে আহত হয়।

বিদ্যালয়ৰ সহকৰ্মীয়ে এই ঘটনা প্ৰত্যক্ষ কৰি তেওঁক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও তেওঁলোকো বিফল হৈছিল। ঘটনাটোৰ পিছত স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক আহি তেওঁক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও তেওঁৰ তাতে মৃত্যু হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু