--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক দুখজনক খবৰে জোকাৰী যায়ানগৰী মুম্বাই। এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী লিফটত আবদ্ধ হৈ পৰিছিল। ভয়তে লিফটতে মৃত্যু হয় ২৬ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ। মুম্বাইৰ মালাডৰ পৰা আহিছে এই দুখজনক খবৰটো। বিদ্যালয়ৰ লিফ্টত আবদ্ধ হৈ এগৰাকী শিক্ষয়ত্ৰীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে সংঘটিত হয় এই কৰুণ ঘটনাটো। প্ৰাপ্ত তথ্য অনুসৰি ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পাছত আঘাতপ্ৰাপ্ত অৱস্থাত শিক্ষয়ত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে নিহত শিক্ষয়িত্ৰীগৰাকীক জেনেল ফাৰ্ণাণ্ডেজ বুলি চিনাক্ত কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তথ্য অনুসৰি শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত জেনেল ফাৰ্ণাণ্ডেজে বিদ্যালয়ৰ ষষ্ঠ মহলাৰ পৰা ক্লাছ কৰি লিফ্টেৰে নামি আহিব বিচাৰে। কিন্তু লিফ্টত তেওঁ এখন ভৰি দিয়াৰ লগে লগে লিফ্টটোৰ দৰ্জাখন বন্ধ হৈ ওপৰৰ ফালে যাবলৈ ধৰে। তেওঁ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছিল যদিও অসফল হোৱাত তেওঁ গুৰুতৰভাৱে আহত হয়।

বিদ্যালয়ৰ সহকৰ্মীয়ে এই ঘটনা প্ৰত্যক্ষ কৰি তেওঁক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও তেওঁলোকো বিফল হৈছিল। ঘটনাটোৰ পিছত স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক আহি তেওঁক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও তেওঁৰ তাতে মৃত্যু হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement