--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সামাজিক, ৰাজনৈতিক তথা  অন্যান্য বিষয়ত স্থান -কাল পাহৰি  নিজৰ মতামত প্ৰকাশ কৰিবলৈ কুন্ঠাবোধ নকৰে অভিনেত্ৰী কংগনা ৰানাৱটে।  অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সাক্ষাৎকাৰত প্ৰধান মন্ত্ৰী মোডীৰ প্ৰতি থকা তেওঁৰ প্ৰেম মুকলিকৈ প্ৰকাশ কৰিছে । আৰু ইতিমধ্যে বিজেপিৰ প্ৰতি তেওঁ প্ৰতক্ষ্য সমৰ্থনো প্ৰদৰ্শন কৰিছে ।
 
আৰু শনিবাৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ বছৰীয়া জন্মদিন উপলক্ষে  বিশেষভাৱে শুভেচ্ছা জনাবলৈ গৈ বিপদত পৰিল অভিনেত্ৰীগৰাকী৷  

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সামাজিক মাধ্যমত মোদীক উদ্দেশ্যি  লিখিছিল যে , "শুভ জন্মদিন সন্মানীয় প্ৰধানমন্ত্ৰী @narendramodi। সৰুতে ৰেলৱে প্লেটফৰ্মত চাহ বিক্ৰী কৰাৰ পৰা এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি হোৱালৈকে, কি এক অবিশ্বাস্য যাত্ৰা!  আমি আপোনাৰ দীঘলীয়া জীৱন কামনা কৰোঁ৷  ৰাম , কৃষ্ণ গান্ধীৰ দৰে, আপুনিও অমৰ।”

ইয়াৰ পূৰ্বেতেও  এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজকে মোদীৰ অনুৰাগী বুলি পৰিচয় দিছিল৷ এগৰাকী যুৱতী হিচাপে কংগনাই  বিশ্বাস কৰে যে আমাৰ ওচৰত সঠিক আদৰ্শ থাকিব লাগে। প্ৰধানমন্ত্ৰীৰ জয়ক গণতন্ত্ৰৰ জয় বুলিও আখ্যা দিছিল কংগনাই৷ 

বৰ্তমান কংগনা তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ “ইমাৰজেন্সী” বাবে সাজু হৈছে। ছবিখনত কংগনাই প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব৷ আনহাতে শ্ৰেয়াছ তালপাদে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিব। অনুপমে বিপ্লৱী নেতা জে পি নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিব আৰু মহিমা চৌধুৰীক সাংস্কৃতিক কৰ্মী আৰু ইন্দিৰা গান্ধীৰ বিশ্বাসী পুপুল জয়কাৰ হিচাপে দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ