--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সামাজিক, ৰাজনৈতিক তথা  অন্যান্য বিষয়ত স্থান -কাল পাহৰি  নিজৰ মতামত প্ৰকাশ কৰিবলৈ কুন্ঠাবোধ নকৰে অভিনেত্ৰী কংগনা ৰানাৱটে।  অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সাক্ষাৎকাৰত প্ৰধান মন্ত্ৰী মোডীৰ প্ৰতি থকা তেওঁৰ প্ৰেম মুকলিকৈ প্ৰকাশ কৰিছে । আৰু ইতিমধ্যে বিজেপিৰ প্ৰতি তেওঁ প্ৰতক্ষ্য সমৰ্থনো প্ৰদৰ্শন কৰিছে ।
 
আৰু শনিবাৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ বছৰীয়া জন্মদিন উপলক্ষে  বিশেষভাৱে শুভেচ্ছা জনাবলৈ গৈ বিপদত পৰিল অভিনেত্ৰীগৰাকী৷  

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সামাজিক মাধ্যমত মোদীক উদ্দেশ্যি  লিখিছিল যে , "শুভ জন্মদিন সন্মানীয় প্ৰধানমন্ত্ৰী @narendramodi। সৰুতে ৰেলৱে প্লেটফৰ্মত চাহ বিক্ৰী কৰাৰ পৰা এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি হোৱালৈকে, কি এক অবিশ্বাস্য যাত্ৰা!  আমি আপোনাৰ দীঘলীয়া জীৱন কামনা কৰোঁ৷  ৰাম , কৃষ্ণ গান্ধীৰ দৰে, আপুনিও অমৰ।”

ইয়াৰ পূৰ্বেতেও  এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজকে মোদীৰ অনুৰাগী বুলি পৰিচয় দিছিল৷ এগৰাকী যুৱতী হিচাপে কংগনাই  বিশ্বাস কৰে যে আমাৰ ওচৰত সঠিক আদৰ্শ থাকিব লাগে। প্ৰধানমন্ত্ৰীৰ জয়ক গণতন্ত্ৰৰ জয় বুলিও আখ্যা দিছিল কংগনাই৷ 

বৰ্তমান কংগনা তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ “ইমাৰজেন্সী” বাবে সাজু হৈছে। ছবিখনত কংগনাই প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব৷ আনহাতে শ্ৰেয়াছ তালপাদে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিব। অনুপমে বিপ্লৱী নেতা জে পি নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিব আৰু মহিমা চৌধুৰীক সাংস্কৃতিক কৰ্মী আৰু ইন্দিৰা গান্ধীৰ বিশ্বাসী পুপুল জয়কাৰ হিচাপে দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ