--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহীশূৰৰ ঐতিহাসিক দশহৰা উৎসৱৰ অংশ হিচাপে থকা ‘অশ্বত্থামা’ নামৰ ৩৮ বছৰীয়া হাতীটোৰ মঙলবাৰে কৰ্ণাটকৰ নগৰহ’ল টাইগাৰ ৰিজাৰ্ভৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, অশ্বত্থামা নামৰ হাতীটোৱে খাদ্যৰ সন্ধানত অৰণ্যৰ ফালে গৈ থকা অৱস্থাত টাইগাৰ ৰিজাৰ্ভত অৱস্থিত ভীমনকট্টে এলিফেণ্ট কেম্পৰ সমীপত সৌৰ বেৰত সংযুক্ত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে, ফলত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হয়।


২০২১ আৰু ২০২২ চনত মহীশূৰৰ দশৰা উদযাপনৰ অংশ আছিল অশ্বত্থামা। ২০২১ চনত তেওঁ বিখ্যাত ‘জাম্বু সাৱৰী’ (কৰ্ণাটকৰ দশহৰা উপলক্ষে উলিওৱা এক বৃহৎ শোভাযাত্ৰা, য’ত হাতীক সজ্জিত কৰি উলিয়াই অনা হয়)ত অংশগ্ৰহণ কৰে। এই মহান অনুষ্ঠানৰ অংশ হিচাপে অশ্বত্থামা আছিল অন্যতম কনিষ্ঠ হাতী। এই হাতীটো ২০১৭ চনত হাছান জিলাৰ সাক্লেশপুৰ তালুকত ধৰা পৰিছিল। সেই সময়ত তেওঁ এজন বনৰীয়া হাতী আছিল, যি অতি উগ্ৰ আছিল আৰু চাৰিওফালৰ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

কৃষকসকলে প্ৰশাসনক অভিযোগ দিছিল যে এটা বনৰীয়া হাতীয়ে সাক্লেশপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ শস্য নষ্ট কৰি পেলাইছে। এই অভিযোগৰ পিছত বন বিভাগে অশ্বত্থামাক ধৰিছিল। চাৰি বছৰ ধৰি তেওঁক হাতী শিবিৰত ৰখা হৈছিল আৰু ইয়াতেই তেওঁৰ নাম নামকৰণ কৰা হৈছিল অশ্বত্থামা। ইয়াত বসবাস কৰি থাকোঁতে লাহে লাহে শান্ত হৈ পোহনীয়া হাতী হৈ পৰিল। অশ্বত্থামাৰ দৈৰ্ঘ্য আছিল ২.৮৫ মিটাৰ (৯.৩ ফুট) আৰু উচ্চতা আছিল ৩.৪৬ মিটাৰ (১১.৩ ফুট)। ইয়াৰ ওজন আছিল ৩,৬৩০ কিলোগ্ৰাম।

বন বিভাগে এক বিবৃতিত কয় যে এই ঘটনাৰ সন্দৰ্ভত হাতী ‘অশ্বত্থামা’ৰ নমুনা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন লাভ কৰাৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কৰ্ণাটকৰ বনমন্ত্ৰী ঈশ্বৰ খান্দ্ৰেই হাতী অশ্বত্থামাৰ মৃত্যুত শোক প্ৰকাশ কৰি নগৰহোল টাইগাৰ ৰিজাৰ্ভত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বন বিষয়াসকলক নিৰ্দেশ দিয়ে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই ছ’চিয়েল মিডিয়াত লিখিছে, ‘‘মহীশূৰৰ দশেৰা উৎসৱত অংশগ্ৰহণ কৰি লাখ লাখ মানুহৰ প্ৰশংসা লাভ কৰা হাতী অশ্বত্থামাৰ মৃত্যু দুখজনক। শান্ত স্বভাৱ আৰু গম্ভীৰতাৰ বাবে তেওঁ অতি সোনকালেই মা চামুণ্ডেশ্বৰীৰ সেৱা কৰি বিশ্ববিখ্যাত দশেৰাৰ অংশ হৈ পৰে। অশ্বত্থামাৰ স্মৃতি সদায় আমাৰ অন্তৰত থাকিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ