--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহীশূৰৰ ঐতিহাসিক দশহৰা উৎসৱৰ অংশ হিচাপে থকা ‘অশ্বত্থামা’ নামৰ ৩৮ বছৰীয়া হাতীটোৰ মঙলবাৰে কৰ্ণাটকৰ নগৰহ’ল টাইগাৰ ৰিজাৰ্ভৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, অশ্বত্থামা নামৰ হাতীটোৱে খাদ্যৰ সন্ধানত অৰণ্যৰ ফালে গৈ থকা অৱস্থাত টাইগাৰ ৰিজাৰ্ভত অৱস্থিত ভীমনকট্টে এলিফেণ্ট কেম্পৰ সমীপত সৌৰ বেৰত সংযুক্ত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে, ফলত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হয়।


২০২১ আৰু ২০২২ চনত মহীশূৰৰ দশৰা উদযাপনৰ অংশ আছিল অশ্বত্থামা। ২০২১ চনত তেওঁ বিখ্যাত ‘জাম্বু সাৱৰী’ (কৰ্ণাটকৰ দশহৰা উপলক্ষে উলিওৱা এক বৃহৎ শোভাযাত্ৰা, য’ত হাতীক সজ্জিত কৰি উলিয়াই অনা হয়)ত অংশগ্ৰহণ কৰে। এই মহান অনুষ্ঠানৰ অংশ হিচাপে অশ্বত্থামা আছিল অন্যতম কনিষ্ঠ হাতী। এই হাতীটো ২০১৭ চনত হাছান জিলাৰ সাক্লেশপুৰ তালুকত ধৰা পৰিছিল। সেই সময়ত তেওঁ এজন বনৰীয়া হাতী আছিল, যি অতি উগ্ৰ আছিল আৰু চাৰিওফালৰ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

কৃষকসকলে প্ৰশাসনক অভিযোগ দিছিল যে এটা বনৰীয়া হাতীয়ে সাক্লেশপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ শস্য নষ্ট কৰি পেলাইছে। এই অভিযোগৰ পিছত বন বিভাগে অশ্বত্থামাক ধৰিছিল। চাৰি বছৰ ধৰি তেওঁক হাতী শিবিৰত ৰখা হৈছিল আৰু ইয়াতেই তেওঁৰ নাম নামকৰণ কৰা হৈছিল অশ্বত্থামা। ইয়াত বসবাস কৰি থাকোঁতে লাহে লাহে শান্ত হৈ পোহনীয়া হাতী হৈ পৰিল। অশ্বত্থামাৰ দৈৰ্ঘ্য আছিল ২.৮৫ মিটাৰ (৯.৩ ফুট) আৰু উচ্চতা আছিল ৩.৪৬ মিটাৰ (১১.৩ ফুট)। ইয়াৰ ওজন আছিল ৩,৬৩০ কিলোগ্ৰাম।

বন বিভাগে এক বিবৃতিত কয় যে এই ঘটনাৰ সন্দৰ্ভত হাতী ‘অশ্বত্থামা’ৰ নমুনা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন লাভ কৰাৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কৰ্ণাটকৰ বনমন্ত্ৰী ঈশ্বৰ খান্দ্ৰেই হাতী অশ্বত্থামাৰ মৃত্যুত শোক প্ৰকাশ কৰি নগৰহোল টাইগাৰ ৰিজাৰ্ভত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বন বিষয়াসকলক নিৰ্দেশ দিয়ে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই ছ’চিয়েল মিডিয়াত লিখিছে, ‘‘মহীশূৰৰ দশেৰা উৎসৱত অংশগ্ৰহণ কৰি লাখ লাখ মানুহৰ প্ৰশংসা লাভ কৰা হাতী অশ্বত্থামাৰ মৃত্যু দুখজনক। শান্ত স্বভাৱ আৰু গম্ভীৰতাৰ বাবে তেওঁ অতি সোনকালেই মা চামুণ্ডেশ্বৰীৰ সেৱা কৰি বিশ্ববিখ্যাত দশেৰাৰ অংশ হৈ পৰে। অশ্বত্থামাৰ স্মৃতি সদায় আমাৰ অন্তৰত থাকিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু