--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  যোৱা মাহত মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত সংঘটিত হিট এণ্ড ৰাণ কেছত নিহত হৈছিল এজন ৮২ বছৰীয়া বৃদ্ধ। এতিয়া এই বিষয়ত এটা নতুন কোণৰ উন্মেষ ঘটিছে। আৰক্ষীৰ তদন্তত জানিব পৰা মতে, বৃদ্ধজনক হিট এণ্ড ৰানৰ আৱৰণত ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছে। 

গোটেই বিষয়টো ৩০০ কোটি টকাৰ সম্পত্তিৰ লগত জড়িত। আৰক্ষীৰ মতে, বৃদ্ধজনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তেওঁৰ বোৱাৰীয়ে। শহুৰেকক হত্যাৰ অভিযোগত অভিযুক্ত বোৱাৰীগৰাকী নগৰ পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক।

আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তৰ নাম অৰ্চনা মনীষ পুত্তেৱাৰ। শহুৰেক পুৰুষোত্তম পুত্তেৱাৰক (৮২) হত্যাৰ বাবে অৰ্চনাই সৰ্থক বাগডে নামৰ এজন চালকক ঠিকা দিছিল। হত্যাৰ চুক্তিৰ বাবে চালকজনক দিয়া হৈছিল এক কোটি টকা। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত আন ৩জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে।


অৰ্চনা মনীষ পুত্তেৱাৰে ৩ বছৰ ধৰি গাডচিৰোলিৰ নগৰ পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক হিচাপে কাম কৰি আছে। অৰ্চনাৰ স্বামী মনীষ ডাক্তৰ। 

আৰক্ষীৰ মতে, ২০২৪ চনৰ ২২ মে’ত নগপুৰৰ আজনী অঞ্চলত হিট এণ্ড ৰানৰ গোচৰ ৰুজু হৈছিল। পুৰুষোত্তম পুত্তেৱাৰৰ ওপৰেৰে এখন গাড়ী চলি গৈছিল। ঘটনাটো ঘটাৰ সময়ত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ থকা পত্নীক লগ কৰি ঘৰলৈ উভতি আহিছিল। প্ৰথম অৱস্থাত এই গোচৰটো হিট এণ্ড ৰাণ যেন লাগিছিল যদিও নাগপুৰ আৰক্ষীয়ে যেতিয়া ইয়াৰ গভীৰ তদন্ত কৰিছিল তেতিয়া ৰহস্য পোহৰলৈ আহিছিল।


তদন্তৰ সময়ত আৰক্ষীয়ে তথ্য লাভ কৰে যে পুৰুষোত্তম পুত্তেৱাৰৰ মৃত্যুৰ আঁৰত ৩০০ কোটি টকাৰ সম্পত্তিৰ সংযোগ আছে। আৰক্ষীয়ে তেওঁলোকৰ তদন্ত আৰু আগুৱাই লৈ যায়। এই সময়ছোৱাত বোৱাৰী অৰ্চনা পুত্তেৱাৰ সন্দেহৰ আৱৰ্তত আহিছিল। অৰ্চনা এগৰাকী ক্লাছ ৱান অফিচাৰ। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে তেওঁ সম্পত্তি দখল কৰিবলৈ শহুৰেকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ ভাতৃ প্ৰশান্ত আৰু পি এম পায়ালে সহায় কৰিছিল।


এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, অৰ্চনা পুটেৱাৰে শহুৰেকক হত্যাৰ সঠিক পৰিকল্পনা কৰিছিল। হত্যাকাণ্ডটোক হিট এণ্ড ৰাণৰ দৰে দেখুৱাবলৈ তেওঁ চালকজনক জড়িত কৰি পেলালে। ১ কোটি টকা দিলে চালকক। হত্যাকাণ্ডৰ বাবে এখন নতুন গাড়ীও ক্ৰয় কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, অভিযুক্ত অৰ্চনাই স্বামীৰ চালক বাগদে আৰু আন দুজন অভিযুক্ত নীৰজ নিমজে আৰু শচীন ধৰ্মিকৰ সৈতে ষড়যন্ত্ৰ কৰি শহুৰেকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আইপিচি আৰু মটৰ গাড়ী আইনৰ অধীনত হত্যা আৰু অন্যান্য ধাৰাত অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে জব্দ কৰিছে দুখন গাড়ী, সোণৰ গহনা আৰু মোবাইল ফোন।


আৰক্ষীৰ মতে, অৰ্চনা পুটেৱাৰৰ গাডচিৰোলি টাউন প্লেনিং বিভাগৰ সহকাৰী সঞ্চালক হিচাপে কাৰ্যকাল বিতৰ্কিত আছিল। তেওঁক লৈ বহু অভিযোগ নাগপুৰৰ উচ্চ কাৰ্যালয়ৰ পৰা মন্ত্ৰালয়লৈ গৈছিল। কিন্তু তেওঁৰ পাৱাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ