--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিফলতাই দি সফলতাৰ বীজমন্ত্ৰ৷ বিফলতাৰ ভেটিত সাৰ পাই সফলতাৰ নতুন স্বপ্ন৷ এদিন ‘ইছৰো’ও বিফল হৈছিল৷ বিফল হৈছিল চন্দ্ৰযান ২ৰ অভিযান৷ চন ২০১৯৷ যেতিয়া ‘চন্দ্ৰযান ২’ ২০১৯ত সফলভাৱে অৱতৰণ কৰাত বিফল হৈছিল, তেতিয়া এই অভিযানৰ মুখ্য নিৰ্দেশক কে. শিৱানৰ চকুত দেখা গৈছিল চকুপানী৷ সিদিনা সমগ্ৰ দেশেই উচুপি উঠিছিল৷ সেইদিনাই ভাৰতীয়ই পণ লৈছিল- বিফলতাৰ ডাৱৰ আঁতৰাই ভাৰতে এদিন চন্দ্ৰ অভিযান সফল কৰি তুলিব৷ আৰু আজিয়েই সেই দিনটো৷ ‘চন্দ্ৰযান ৩’ৰ সফলতাই আজি মচি দিলে বিফলতাৰ সকলো ছায়া৷ ‘চন্দ্ৰযান-৩’ৰ আজিৰ সফলতাই প্ৰমাণ কৰিলে যে ইচ্ছাশক্তি প্ৰখৰ হ’লে অসাধ্যও সাধন কৰিব পাৰি৷

চন্দ্ৰযান-৩ৰ চন্দ্ৰত চফ্ট লেণ্ডিং প্ৰচেষ্টাৰ দুদিন পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ প্ৰাক্তন সঞ্চালক কে শিৱানে দেওবাৰে চন্দ্ৰযান-২ অভিযানৰ পৰা শিকা গুৰুত্বপূৰ্ণ পাঠসমূহ ‘শ্বেয়াৰ’ কৰিছিল৷


কি হৈছিল চন্দ্ৰযান-২ৰ ক্ষেত্ৰত?

২০১৯ চনৰ ছেপ্টেম্বৰত ইছৰোৰ মুৰব্বী হিচাপে শিৱানৰ কাৰ্যকালত চন্দ্ৰযান-২ আৰম্ভ কৰা হৈছিল। এই অভিযান অন্তিম পৰ্যায়ত বিফল হৈছিল যেতিয়া বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ ওপৰত যোগাযোগ হেৰুৱাইছিল, যাৰ ফলত হতাশ হৈ পৰিছিল ভাৰতীয়সকল৷

বৰ্তমানৰ আৰু প্ৰাক্তন বহুতো ইছৰো বিজ্ঞানীয়ে উচ্চাভিলাষী চন্দ্ৰ অভিযানৰ সফলতাৰ ওপৰত তেওঁলোকৰ আস্থা প্ৰকাশ কৰিছে, সেই আস্থাই আজি ইতিহাসত পৰিণত হ’ল৷ আজি চন্দ্ৰযান-৩ হ’ল চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম অভিযান। ইয়াৰ উপৰি এক আকাংক্ষিত সফল চফ্ট লেণ্ডিঙে ভাৰতক একমাত্ৰ চতুৰ্থ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে৷


ইয়াৰ পূৰ্বে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ মাধৱন নায়াৰেও বৰ্ণনা কৰিছিল যে কেনেদৰে যোৱা অভিযানৰ ভুলবোৰ ব্যাপকভাৱে অধ্যয়ন কৰি ইয়াক প্ৰস্তুত কৰা হৈছিল।
নায়াৰে বৰ্ণনা কৰিছিল যে বৰ্তমানৰ অভিযানৰ দক্ষতাৰ বাবে, থ্ৰাষ্টাৰ কনফিগাৰেচনৰ দৰে কাৰিকৰী দিশবোৰত বহুতো পৰিৱৰ্তন কৰা হৈছিল, আৰু লেণ্ডিং গিয়েৰটো অধিক শক্তিশালী কৰাৰ লগতে কম্পিউটাৰ ছফ্টৱেৰ সংশোধন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস