--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিফলতাই দি সফলতাৰ বীজমন্ত্ৰ৷ বিফলতাৰ ভেটিত সাৰ পাই সফলতাৰ নতুন স্বপ্ন৷ এদিন ‘ইছৰো’ও বিফল হৈছিল৷ বিফল হৈছিল চন্দ্ৰযান ২ৰ অভিযান৷ চন ২০১৯৷ যেতিয়া ‘চন্দ্ৰযান ২’ ২০১৯ত সফলভাৱে অৱতৰণ কৰাত বিফল হৈছিল, তেতিয়া এই অভিযানৰ মুখ্য নিৰ্দেশক কে. শিৱানৰ চকুত দেখা গৈছিল চকুপানী৷ সিদিনা সমগ্ৰ দেশেই উচুপি উঠিছিল৷ সেইদিনাই ভাৰতীয়ই পণ লৈছিল- বিফলতাৰ ডাৱৰ আঁতৰাই ভাৰতে এদিন চন্দ্ৰ অভিযান সফল কৰি তুলিব৷ আৰু আজিয়েই সেই দিনটো৷ ‘চন্দ্ৰযান ৩’ৰ সফলতাই আজি মচি দিলে বিফলতাৰ সকলো ছায়া৷ ‘চন্দ্ৰযান-৩’ৰ আজিৰ সফলতাই প্ৰমাণ কৰিলে যে ইচ্ছাশক্তি প্ৰখৰ হ’লে অসাধ্যও সাধন কৰিব পাৰি৷

চন্দ্ৰযান-৩ৰ চন্দ্ৰত চফ্ট লেণ্ডিং প্ৰচেষ্টাৰ দুদিন পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ প্ৰাক্তন সঞ্চালক কে শিৱানে দেওবাৰে চন্দ্ৰযান-২ অভিযানৰ পৰা শিকা গুৰুত্বপূৰ্ণ পাঠসমূহ ‘শ্বেয়াৰ’ কৰিছিল৷


কি হৈছিল চন্দ্ৰযান-২ৰ ক্ষেত্ৰত?

২০১৯ চনৰ ছেপ্টেম্বৰত ইছৰোৰ মুৰব্বী হিচাপে শিৱানৰ কাৰ্যকালত চন্দ্ৰযান-২ আৰম্ভ কৰা হৈছিল। এই অভিযান অন্তিম পৰ্যায়ত বিফল হৈছিল যেতিয়া বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ ওপৰত যোগাযোগ হেৰুৱাইছিল, যাৰ ফলত হতাশ হৈ পৰিছিল ভাৰতীয়সকল৷

বৰ্তমানৰ আৰু প্ৰাক্তন বহুতো ইছৰো বিজ্ঞানীয়ে উচ্চাভিলাষী চন্দ্ৰ অভিযানৰ সফলতাৰ ওপৰত তেওঁলোকৰ আস্থা প্ৰকাশ কৰিছে, সেই আস্থাই আজি ইতিহাসত পৰিণত হ’ল৷ আজি চন্দ্ৰযান-৩ হ’ল চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম অভিযান। ইয়াৰ উপৰি এক আকাংক্ষিত সফল চফ্ট লেণ্ডিঙে ভাৰতক একমাত্ৰ চতুৰ্থ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে৷


ইয়াৰ পূৰ্বে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ মাধৱন নায়াৰেও বৰ্ণনা কৰিছিল যে কেনেদৰে যোৱা অভিযানৰ ভুলবোৰ ব্যাপকভাৱে অধ্যয়ন কৰি ইয়াক প্ৰস্তুত কৰা হৈছিল।
নায়াৰে বৰ্ণনা কৰিছিল যে বৰ্তমানৰ অভিযানৰ দক্ষতাৰ বাবে, থ্ৰাষ্টাৰ কনফিগাৰেচনৰ দৰে কাৰিকৰী দিশবোৰত বহুতো পৰিৱৰ্তন কৰা হৈছিল, আৰু লেণ্ডিং গিয়েৰটো অধিক শক্তিশালী কৰাৰ লগতে কম্পিউটাৰ ছফ্টৱেৰ সংশোধন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ