--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা পাইলটৰ কার্যৰ ফলত এয়াৰ ইণ্ডিয়া কোম্পানী বিলাৰ দুখন বিমান বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। কমেও ৩০০ যাত্ৰী আৰু ক্ৰুৰ মৃত্যুমুখৰ পৰা উভটি আহে। বুধবাৰে বিয়লি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এই ঘটনা। বিমানবন্দৰৰ সূত্ৰ অনুসৰি ৰাণৱেত দুখন বিমানৰ মাজত সংঘৰ্ষ হয়।

প্ৰথম অৱস্থাত এয়াৰ ইণ্ডিয়াৰ বাগডোগ্ৰা অভিমুখী বিমান VTI725 বুধবাৰে বিয়লি বিমানবন্দৰৰ ২৯আৰ ৰাণৱেৰ পৰা উৰা মাৰিবলৈ গৈ আছিল। ঠিক সেই সময়তে ভিলহাৰৰ আহমেদাবাদ-দিল্লী ভিটিআই৯২৬ ৰাণৱে ২৯এলত অৱতৰণ কৰি আছিল। ভিটিআই ৯২৬ৰ মহিলা পাইলট সোণু গিলে তেওঁৰ চকুত আহি ক্ষন্তেকতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ক খবৰ দিয়ে।

ইয়াৰ পিছতে এটিচিয়ে বাগডোগ্ৰা অভিমুখী বিমানখনক উৰণ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি ঘটনাৰ সময়ত বিমান দুখনৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ১৮০০ মিটাৰ! এটিচিৰ সৈতে সমন্বয়ৰ অভাৱত এনে পৰিস্থিতিৰ সৃষ্টি হ’ল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। ডিজিচিএ (অসামৰিক বিমান পৰিবহণ মহানিৰ্দেশনা)ৰ তদন্ত অব্যাহত আছে।

প্ৰসংগক্ৰমে দিল্লী বিমানবন্দৰৰ ২৯আৰ আৰু ২৯এল ৰাণৱে একেলগে ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ দুয়োটা ৰাণৱেই এটা বিশেষ বিন্দুত লগ হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান