--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা পাইলটৰ কার্যৰ ফলত এয়াৰ ইণ্ডিয়া কোম্পানী বিলাৰ দুখন বিমান বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। কমেও ৩০০ যাত্ৰী আৰু ক্ৰুৰ মৃত্যুমুখৰ পৰা উভটি আহে। বুধবাৰে বিয়লি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এই ঘটনা। বিমানবন্দৰৰ সূত্ৰ অনুসৰি ৰাণৱেত দুখন বিমানৰ মাজত সংঘৰ্ষ হয়।

প্ৰথম অৱস্থাত এয়াৰ ইণ্ডিয়াৰ বাগডোগ্ৰা অভিমুখী বিমান VTI725 বুধবাৰে বিয়লি বিমানবন্দৰৰ ২৯আৰ ৰাণৱেৰ পৰা উৰা মাৰিবলৈ গৈ আছিল। ঠিক সেই সময়তে ভিলহাৰৰ আহমেদাবাদ-দিল্লী ভিটিআই৯২৬ ৰাণৱে ২৯এলত অৱতৰণ কৰি আছিল। ভিটিআই ৯২৬ৰ মহিলা পাইলট সোণু গিলে তেওঁৰ চকুত আহি ক্ষন্তেকতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ক খবৰ দিয়ে।

ইয়াৰ পিছতে এটিচিয়ে বাগডোগ্ৰা অভিমুখী বিমানখনক উৰণ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি ঘটনাৰ সময়ত বিমান দুখনৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ১৮০০ মিটাৰ! এটিচিৰ সৈতে সমন্বয়ৰ অভাৱত এনে পৰিস্থিতিৰ সৃষ্টি হ’ল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। ডিজিচিএ (অসামৰিক বিমান পৰিবহণ মহানিৰ্দেশনা)ৰ তদন্ত অব্যাহত আছে।

প্ৰসংগক্ৰমে দিল্লী বিমানবন্দৰৰ ২৯আৰ আৰু ২৯এল ৰাণৱে একেলগে ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ দুয়োটা ৰাণৱেই এটা বিশেষ বিন্দুত লগ হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস