ডিজিটেল ডেস্কঃ বিগ বছ ১৬ খ্যাত অৰ্চনা গৌতমে প্ৰিয়ংকা গান্ধীৰব্যক্তিগত সচিব সন্দীপ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।অৰ্চনাই ফেচবুকত লাইভত কয় যে সন্দীপে তেওঁক 'দুপইচাৰ মহিলা' বুলি উপহাস । তেওঁ লগতে এইবুলিও কয় যে সন্দীপে তেওঁক কাৰাগাৰলৈ নিপেক্ষৰ দিহা কৰিব বুলিও ভাবুকি দিছে৷ বিগ বছৰ খ্যাত অৰ্চনাই কয় যে প্ৰিয়ংকা গান্ধীৰ পিএই এগৰাকী মহিলাৰ সৈতে কেনেদৰে কথা পাতিব লাগে সেয়া নাজানে।

এনে লোকসকলক কিয় কংগ্ৰেছত ৰখা হৈছে বুলিও অৰ্চনাই প্ৰশ্ন কৰিছে৷ অৰ্চনাই লগতে এইবুলিও অভিযোগ কৰে যে সন্দীপে কাকো প্ৰিয়ংকা গান্ধীৰ ওচৰলৈ যাবলৈ নিদিয়ে, সকলো কথা তেওঁৰ পৰা গোপনে ৰখা হয়।প্ৰিয়ংকাক লগ পাবলৈ তাইক প্ৰায় এবছৰ সময় লাগিছিল বুলিও অৰ্চনাই প্ৰকাশ কৰিছে৷
অৰ্চনাই কয় যে তেওঁ কংগ্ৰেছ দলত যোগদান কৰা নাই, কিন্তু তেওঁ প্ৰিয়ংকা গান্ধীৰ অনুগামী।
অৰ্চনাই সন্দীপক প্ৰত্যাহ্বান জনাই কয় যে যদি 'আপোনাৰ সাহস আছে তেন্তে মোক কাৰাগাৰত ৰাখক।'' উল্লেখ্য গৌতমক সপ্তম সপ্তাহত শিৱৰ প্ৰতি তেওঁৰ হিংসাত্মক আচৰণৰ বাবে বিগ বছ ১৬ ৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ৷ সন্দীপৰ সৈতে অৰ্চনাৰ সংঘাতৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷