--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে ঘটিল অঘটন। সোমবাৰে নাগালেণ্ডৰ ৱোখা জিলাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মধ্য প্ৰদেশ আৰক্ষীৰ এজন জোৱান নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

ইয়াৰ লগে লগে ৰাজ্যখনত বিগত ২৪ ঘন্টাত ভোটগ্ৰহণত কৰ্তব্যৰত অৱস্থাত পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে ১৮জন আহত হৈছে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি মধ্য প্ৰদেশ আৰক্ষীৰ জোৱান কঢ়িয়াই অনা এখন বাহন এন লংচামৰ সমীপত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ ফলত থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়। অধিক প্ৰয়োজনীয় আনুষ্ঠানিকতাৰ বাবে মৃত লোকজনৰ মৃতদেহ পুনৰ ৱোখা জিলা সদৰলৈ অনা হয়।

দেওবাৰে একেখন জিলাতে ভাড়াতীয়া বাহন দুৰ্ঘটনাৰ ফলত এজন অসামৰিক চালক নিহত হোৱাৰ লগতে ১৫জন নিৰ্বাচনী কৰ্মী আহত হয়।

এই পথ দুৰ্ঘটনাক লৈ শোকৰ ছাঁই বিৰাজ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু