--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে ঘটিল অঘটন। সোমবাৰে নাগালেণ্ডৰ ৱোখা জিলাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মধ্য প্ৰদেশ আৰক্ষীৰ এজন জোৱান নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

ইয়াৰ লগে লগে ৰাজ্যখনত বিগত ২৪ ঘন্টাত ভোটগ্ৰহণত কৰ্তব্যৰত অৱস্থাত পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে ১৮জন আহত হৈছে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি মধ্য প্ৰদেশ আৰক্ষীৰ জোৱান কঢ়িয়াই অনা এখন বাহন এন লংচামৰ সমীপত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ ফলত থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়। অধিক প্ৰয়োজনীয় আনুষ্ঠানিকতাৰ বাবে মৃত লোকজনৰ মৃতদেহ পুনৰ ৱোখা জিলা সদৰলৈ অনা হয়।

দেওবাৰে একেখন জিলাতে ভাড়াতীয়া বাহন দুৰ্ঘটনাৰ ফলত এজন অসামৰিক চালক নিহত হোৱাৰ লগতে ১৫জন নিৰ্বাচনী কৰ্মী আহত হয়।

এই পথ দুৰ্ঘটনাক লৈ শোকৰ ছাঁই বিৰাজ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ