--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপোৰাত উগ্ৰপন্থী আৰু যুটীয়া বাহিনীৰ মাজত  তুমুল সংঘৰ্ষ সংঘটিত হৈছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱতি নিশা হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী  নিহত হৈছে। সন্ত্ৰালবাদীয়ে চলোৱা আক্ৰমণত ভাৰতীয় সেনাৰ দুজন জোৱানো  আহত হৈছে৷

কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰক্ষী আৰু সেনাৰ যুটীয়া বাহিনীৰ সৈতে অৱন্তীপোৰাত সন্ত্ৰাসবাদীৰ  মাজত সংঘৰ্ষ লাগে৷ সংঘৰ্ষত  এজন সন্ত্ৰাসবাদী নিহত হয়৷  বাতৰি যুগুত কৰা পৰলৈকে  অভিযান চলি আছে ৷ এজন সেনা বিষয়াই দাবী কৰিছে যে সন্ত্ৰাসবাদীসকলক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি  বিচাৰি উলিওৱা হৈছিল।

২৬ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীয়ে  এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰিছিল। সঞ্জয় শৰ্মা নামৰ  কাশ্মীৰী পণ্ডিত জনক তেওঁৰ ঘৰৰ পৰা ১০০ মিটাৰ দূৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।  চিকিৎসালয়লৈ নিয়াৰ পথতে  তেওঁৰ মৃত্যু হৈছিল।
লেফটেনেণ্ট গভৰ্ণৰ (এলজি) মনোজ সিনহাই এই হত্যাকাণ্ডক গৰিহণা দিছিল আৰু কৈছিল যে সুৰক্ষা বাহিনীয়ে ঘটনাটোৰ আঁৰত থকা সকলক বিচাৰি উলিয়াব আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু