--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগ বছ ১৫ৰ খিতাপ অৰ্জন কৰিব পৰা নাছিল প্ৰতীক ছেহেজপালে৷ কিন্তু তেওঁ লাভ কৰা এটি বিশেষ উপহাৰে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে৷ আকৰ্ষণীয় হৈ পৰিছিল বিগ বছ ছিজন ১৫ৰ গ্ৰেণ্ড ফিনালে । বিজয়ী ঘোষণা কৰাৰ সময়ত, আয়োজক ছলমান খানে সকলোকে ইমান বিভ্ৰান্ত কৰি তুলিছিল যে শেষলৈকে প্ৰতিযোগিতাখনৰ বিজয়ী কোন হ'ব তাৰ উৎকণ্ঠা অন্ত পৰা নাছিল। উৎকণ্ঠাৰ অন্তত ছলমানে দুগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম ঘোষণা কৰিছিল৷ তেওঁলোক দুয়ো হৈছে, প্ৰতীক ছেহেজপাল আৰু তেজস্বী প্ৰকাশ৷ দৰ্শকৰ বিচাৰৰ দুগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বাছনি কৰিছিল। বিগ বছৰ সদস্যসকলৰ অন্তৰ জিনিবলৈ সক্ষম হৈছিল প্ৰতীক; কিন্তু শেষত বিগ বছ ছিজন ১৫ৰ ট্ৰফীটো আজুৰি নিছিল তেজস্বী প্ৰকাশে। নামটো ঘোষণা কৰাৰ পাছত, উপস্থিত দৰ্শকৰ মাজত তেনে কোনো উত্তেজনা নাছিল। আনকি ছ'চিয়েল মিডিয়াতো বহুলোকে হতাশা ব্যক্ত কৰিছিল। প্ৰতীকৰ নামত নহ'ল বিগ বছৰ বিজয়ৰ মুকুট ৷ সামাজিক মাধ্যমত এই বিতৰ্কই ধুমুহাৰ সৃষ্টি কৰিছিল। বহুলোকে তেওঁৰ সমৰ্থনত টুইটো কৰিছিল। তেওঁৰ অনুৰাগীসকলৰ সৈতে, কেইবাজনো চেলিবটিও প্ৰতীকটোৰ বাবে থিয় হৈছিল। ছ'চিয়েল মিডিয়াত প্ৰতীকে সকলোকে ধন্যবাদ জনাইছে। অৱশ্যে, বিগ বছত আজুৰি অনা নাছিল বিজয়ৰ খিতাপ৷ তৎস্বত্বেও তেওঁ এই প্ৰতিযোগিতাৰ পৰা খালী হাতেৰে উভতি অহা নাছিল। বিগ বছৰ সমাপ্তিৰ পাছত হোষ্ট ছলমান খানে প্ৰতিযোগীসকলৰ বাবে এটা পাৰ্টীৰ আয়োজন কৰিছিল। ছলমানৰ সৈতে পাৰ্টীৰ পাছত, ছলমান খানে প্ৰতীকক তেওঁৰ এটি টি-চাৰ্ট উপহাৰ কৰিছিল। প্ৰতীকৰ মতে এইটো তেওঁৰ বাবে আছিল এক অমূল্য উপহাৰ। অৱশ্যে, ছলমান খানে কেৱল প্ৰতীকক তেওঁৰ টি-চাৰ্ট উপহাৰ দিয়া নাছিল। তেওঁক কেৰিয়াৰ গঢ়িবলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শও দিছিল। প্ৰতীকে কয়, 'তেওঁ মোক কৈছিল যে শৰীৰ চৰ্চাৰ উপৰি আন বহুতো বিষয়ত গুৰুত্ব দিয়াটো আৱশ্যক। মই মোৰ জীৱনত যি প্ৰয়োজন সেয়া পাবলৈ বহু কষ্ট কৰিব লাগিব। ভাইজান মোৰ বাবে অনুপ্ৰেৰণা।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ