--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগ বছ ১৫ৰ খিতাপ অৰ্জন কৰিব পৰা নাছিল প্ৰতীক ছেহেজপালে৷ কিন্তু তেওঁ লাভ কৰা এটি বিশেষ উপহাৰে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে৷ আকৰ্ষণীয় হৈ পৰিছিল বিগ বছ ছিজন ১৫ৰ গ্ৰেণ্ড ফিনালে । বিজয়ী ঘোষণা কৰাৰ সময়ত, আয়োজক ছলমান খানে সকলোকে ইমান বিভ্ৰান্ত কৰি তুলিছিল যে শেষলৈকে প্ৰতিযোগিতাখনৰ বিজয়ী কোন হ'ব তাৰ উৎকণ্ঠা অন্ত পৰা নাছিল। উৎকণ্ঠাৰ অন্তত ছলমানে দুগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম ঘোষণা কৰিছিল৷ তেওঁলোক দুয়ো হৈছে, প্ৰতীক ছেহেজপাল আৰু তেজস্বী প্ৰকাশ৷ দৰ্শকৰ বিচাৰৰ দুগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বাছনি কৰিছিল। বিগ বছৰ সদস্যসকলৰ অন্তৰ জিনিবলৈ সক্ষম হৈছিল প্ৰতীক; কিন্তু শেষত বিগ বছ ছিজন ১৫ৰ ট্ৰফীটো আজুৰি নিছিল তেজস্বী প্ৰকাশে। নামটো ঘোষণা কৰাৰ পাছত, উপস্থিত দৰ্শকৰ মাজত তেনে কোনো উত্তেজনা নাছিল। আনকি ছ'চিয়েল মিডিয়াতো বহুলোকে হতাশা ব্যক্ত কৰিছিল। প্ৰতীকৰ নামত নহ'ল বিগ বছৰ বিজয়ৰ মুকুট ৷ সামাজিক মাধ্যমত এই বিতৰ্কই ধুমুহাৰ সৃষ্টি কৰিছিল। বহুলোকে তেওঁৰ সমৰ্থনত টুইটো কৰিছিল। তেওঁৰ অনুৰাগীসকলৰ সৈতে, কেইবাজনো চেলিবটিও প্ৰতীকটোৰ বাবে থিয় হৈছিল। ছ'চিয়েল মিডিয়াত প্ৰতীকে সকলোকে ধন্যবাদ জনাইছে। অৱশ্যে, বিগ বছত আজুৰি অনা নাছিল বিজয়ৰ খিতাপ৷ তৎস্বত্বেও তেওঁ এই প্ৰতিযোগিতাৰ পৰা খালী হাতেৰে উভতি অহা নাছিল। বিগ বছৰ সমাপ্তিৰ পাছত হোষ্ট ছলমান খানে প্ৰতিযোগীসকলৰ বাবে এটা পাৰ্টীৰ আয়োজন কৰিছিল। ছলমানৰ সৈতে পাৰ্টীৰ পাছত, ছলমান খানে প্ৰতীকক তেওঁৰ এটি টি-চাৰ্ট উপহাৰ কৰিছিল। প্ৰতীকৰ মতে এইটো তেওঁৰ বাবে আছিল এক অমূল্য উপহাৰ। অৱশ্যে, ছলমান খানে কেৱল প্ৰতীকক তেওঁৰ টি-চাৰ্ট উপহাৰ দিয়া নাছিল। তেওঁক কেৰিয়াৰ গঢ়িবলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শও দিছিল। প্ৰতীকে কয়, 'তেওঁ মোক কৈছিল যে শৰীৰ চৰ্চাৰ উপৰি আন বহুতো বিষয়ত গুৰুত্ব দিয়াটো আৱশ্যক। মই মোৰ জীৱনত যি প্ৰয়োজন সেয়া পাবলৈ বহু কষ্ট কৰিব লাগিব। ভাইজান মোৰ বাবে অনুপ্ৰেৰণা।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু