--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ৰ দশকৰ চৰ্চিত অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু অক্ষয় কুমাৰৰ সম্পৰ্কৰ বিষয়ে সকলোৱে অৱগত। দুই তাৰকাক কেন্দ্ৰ কৰি বিভিন্ন সময়ত নানা আলোচনাই চুই গৈছেহি বলীউডৰ মঞ্চ। এটা সাক্ষাৎকাৰত জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনে অক্ষয়ৰ বিৰুদ্ধে আনিছিল কেতবোৰ অভিযোগ। তেওঁ কৈছিল যে, ‘অক্ষয়ে এসময়ত ৩জনী অভিনেত্ৰীৰ সৈতে ডেট কৰিছিল। তেওঁ মোক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু অক্ষয়ৰ সম্পৰ্কৰ বিষয়ে জনাৰ পাছত কথাবোৰে মোৰ উদ্বিগ্ন কৰি তুলিছিল আৰু অক্ষয়ৰ সৈতে নথকাৰে সিদ্ধান্ত লৈছিলো।’ স্মৰ্তব্য যে, অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনে ৯০ ৰ দশকত একেলগে কেইবাখনো চলচ্চিত্ৰত কাম কৰিছিল। তেওঁলোক অভিনীত 'মোহৰা' ছবিখন ১৯৯৪ চনত মুক্তি পাইছিল। এই ছবিখনত অভিনয়ৰ পাছতে দুয়োৰে মাজৰ ঘনিষ্ঠতা ক্ৰমান্বয়ে বাঢ়ি আহিছিল। দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰো গুঞ্জন উঠিছিল কিন্তু অক্ষয় কুমাৰৰ আচৰণৰ বাবে চৰম অস্বস্তিত পৰিছিল ৰবীনা টেণ্ডন। ৰবীনা টেণ্ডনে অক্ষয় কুমাৰৰ সৈতে সম্পৰ্কত থকাৰ সময়ত প্ৰথমবাৰৰ বাবে অক্ষয়ক চুম্বন কৰিছিল, অৱশ্যে পিছলৈ তেওঁলোকে শোৱনি কোঠাত একেলগে থকাৰ উৰা বাতৰিও ওলোৱা দেখা গৈছিল। ৰবীনাই এটা সাক্ষাৎকাৰত কৈছিল যে, ‘অক্ষয়ে শিল্পা ছেট্টীকো ভাল পাইছিল। একেটা সময়তে মোৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছিল। অক্ষয়ে শিল্পাক প্ৰতাৰণা কৰিছিল। শিল্পাৰ বন্ধুবৰ্গই পূৰ্বেও তেওঁক অক্ষয়ৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। কিন্তু শিল্পাই তেওঁলোকৰ কথা নুশুনিলে।’ অক্ষয়ৰ ওপৰত ৰবীনা ইমান ক্ৰোধিত হৈছিল যে, তেওঁ সংবাদ মাধ্যমৰ আগত ‘খিলাড়ী কুমাৰ’ৰ প্ৰতিগৰাকী ধুনীয়া ছোৱালীক প্ৰস্তাৱ দিয়াৰ অভ্যাস আছে বুলিও কৈছিল। মুম্বাইৰ ৭৫% ছোৱালীৰ অভিভাৱকক মা-দেউতা জ্ঞান কৰা অক্ষয়ৰ বিৰুদ্ধে এখন ফেশ্বন আলোচনীক দিয়া এটা সাক্ষাৎকাৰত ৰবীনাই কয়, ‘অক্ষয়ৰ সকলো আছে, কেৱল আনুগত্য নাই।’ মন কৰিবলগীয়া যে, ৰবীনাৰ এনে সাক্ষাৎকাৰৰ বাবে অক্ষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ ফাট মেলিছিল। দীৰ্ঘদিনীয়া সম্পৰ্কৰ পৰা দুয়ো দুয়োকে আঁতৰাই আনিছিল। স্বাভাৱকিতে, মিষ্টাৰ খিলাড়ীৰ বিষয়ে এইদৰে মুকলিকৈ কোৱা বাবে ৰবীনা টেণ্ডনে সমালোচনাৰমুখত পৰিছিল। অক্ষয়ৰ অনুৰাগীয়ে নানা কটু বাক্যৰে থকা সৰকা কৰিছিল অভিনেত্ৰীগৰাকীক। তথাপি সকলো কথাক একাষৰীয়া কৰি, কেইবছৰমান পাছতে, অক্ষয় কুমাৰে ৰাজেশ খান্নাৰ দুহিতা তথা অভিনেত্ৰী টুইঙ্কল খান্নাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। আনহাতে, ৰবীনা টেণ্ডনে ব্যৱসায়ী অনিল থাদানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ