--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ৰ দশকৰ চৰ্চিত অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু অক্ষয় কুমাৰৰ সম্পৰ্কৰ বিষয়ে সকলোৱে অৱগত। দুই তাৰকাক কেন্দ্ৰ কৰি বিভিন্ন সময়ত নানা আলোচনাই চুই গৈছেহি বলীউডৰ মঞ্চ। এটা সাক্ষাৎকাৰত জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনে অক্ষয়ৰ বিৰুদ্ধে আনিছিল কেতবোৰ অভিযোগ। তেওঁ কৈছিল যে, ‘অক্ষয়ে এসময়ত ৩জনী অভিনেত্ৰীৰ সৈতে ডেট কৰিছিল। তেওঁ মোক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু অক্ষয়ৰ সম্পৰ্কৰ বিষয়ে জনাৰ পাছত কথাবোৰে মোৰ উদ্বিগ্ন কৰি তুলিছিল আৰু অক্ষয়ৰ সৈতে নথকাৰে সিদ্ধান্ত লৈছিলো।’ স্মৰ্তব্য যে, অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনে ৯০ ৰ দশকত একেলগে কেইবাখনো চলচ্চিত্ৰত কাম কৰিছিল। তেওঁলোক অভিনীত 'মোহৰা' ছবিখন ১৯৯৪ চনত মুক্তি পাইছিল। এই ছবিখনত অভিনয়ৰ পাছতে দুয়োৰে মাজৰ ঘনিষ্ঠতা ক্ৰমান্বয়ে বাঢ়ি আহিছিল। দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰো গুঞ্জন উঠিছিল কিন্তু অক্ষয় কুমাৰৰ আচৰণৰ বাবে চৰম অস্বস্তিত পৰিছিল ৰবীনা টেণ্ডন। ৰবীনা টেণ্ডনে অক্ষয় কুমাৰৰ সৈতে সম্পৰ্কত থকাৰ সময়ত প্ৰথমবাৰৰ বাবে অক্ষয়ক চুম্বন কৰিছিল, অৱশ্যে পিছলৈ তেওঁলোকে শোৱনি কোঠাত একেলগে থকাৰ উৰা বাতৰিও ওলোৱা দেখা গৈছিল। ৰবীনাই এটা সাক্ষাৎকাৰত কৈছিল যে, ‘অক্ষয়ে শিল্পা ছেট্টীকো ভাল পাইছিল। একেটা সময়তে মোৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছিল। অক্ষয়ে শিল্পাক প্ৰতাৰণা কৰিছিল। শিল্পাৰ বন্ধুবৰ্গই পূৰ্বেও তেওঁক অক্ষয়ৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। কিন্তু শিল্পাই তেওঁলোকৰ কথা নুশুনিলে।’ অক্ষয়ৰ ওপৰত ৰবীনা ইমান ক্ৰোধিত হৈছিল যে, তেওঁ সংবাদ মাধ্যমৰ আগত ‘খিলাড়ী কুমাৰ’ৰ প্ৰতিগৰাকী ধুনীয়া ছোৱালীক প্ৰস্তাৱ দিয়াৰ অভ্যাস আছে বুলিও কৈছিল। মুম্বাইৰ ৭৫% ছোৱালীৰ অভিভাৱকক মা-দেউতা জ্ঞান কৰা অক্ষয়ৰ বিৰুদ্ধে এখন ফেশ্বন আলোচনীক দিয়া এটা সাক্ষাৎকাৰত ৰবীনাই কয়, ‘অক্ষয়ৰ সকলো আছে, কেৱল আনুগত্য নাই।’ মন কৰিবলগীয়া যে, ৰবীনাৰ এনে সাক্ষাৎকাৰৰ বাবে অক্ষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ ফাট মেলিছিল। দীৰ্ঘদিনীয়া সম্পৰ্কৰ পৰা দুয়ো দুয়োকে আঁতৰাই আনিছিল। স্বাভাৱকিতে, মিষ্টাৰ খিলাড়ীৰ বিষয়ে এইদৰে মুকলিকৈ কোৱা বাবে ৰবীনা টেণ্ডনে সমালোচনাৰমুখত পৰিছিল। অক্ষয়ৰ অনুৰাগীয়ে নানা কটু বাক্যৰে থকা সৰকা কৰিছিল অভিনেত্ৰীগৰাকীক। তথাপি সকলো কথাক একাষৰীয়া কৰি, কেইবছৰমান পাছতে, অক্ষয় কুমাৰে ৰাজেশ খান্নাৰ দুহিতা তথা অভিনেত্ৰী টুইঙ্কল খান্নাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। আনহাতে, ৰবীনা টেণ্ডনে ব্যৱসায়ী অনিল থাদানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু