--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ টেলিভিছন জগতৰ অন্যতম ৰিয়েলিটি শ্ব’ বিগ বছ৷ইয়াৰে অনলাইন সংস্কৰণ ইতিমধ্যে বিগ বছ অ’টিটিয়ে দ্বিতীয় সংস্কৰণত ভৰি দিছে৷  ইতিমধ্যেই ইউটিউবাৰ আৰু অনলাইন জগতৰ চেলিব্ৰিটীসকলে বিগ বছ অ’টিটি ২ত শাৰী পাতিছে। এফালে অভিষেক মালহান, এলভিছ যাদৱ, মনীষা ৰাণী, আস্কা ভাটিয়াৰ দৰে প্ৰভাৱশালী ব্যক্তিয়ে ইতিমধ্যে শ্ব’টোত ধুমুহাৰ সৃষ্টি কৰিছে। আৰু এতিয়া খবৰ আহিছে যে ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ শ্ব’টোত ৱাইল্ড কাৰ্ড এণ্ট্ৰি হ’ব। অৱশ্যে ধ্ৰুৱ ৰাথীৰ প্ৰৱেশ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।

ছচিয়েল মিডিয়াৰ অন্য এটা চেন্সেশনৰ নাম ধ্ৰুৱ ৰাঠী। ইনষ্টাগ্ৰামত তেওঁৰ ১৭ লাখ ফ’ল’ৱাৰ আছে। একে সময়তে ইউটিউবত তেওঁৰ ১ কোটি ১৮ লাখ ছাবস্ক্ৰাইবাৰ আছে। ধ্ৰুৱৰ ঘৰ হাৰিয়ানাত। ধ্ৰুৱৰ জন্ম মধ্যবিত্তীয় পৰিয়ালত। তেওঁৰ ককাক বি এছ এফত আছিল আৰু স্কুলীয়া শিক্ষা হাৰিয়ানাৰ পৰাই কৰিছিল। বৰ্তমান তেওঁৰ বয়স ২৮ বছৰ।

পৰৱৰ্তী সময়ত ধ্ৰুৱে জাৰ্মানীৰ পৰা অভিযান্ত্ৰিকতা শিক্ষা গ্ৰহণ কৰিছিল। ধ্ৰুৱে প্ৰিয় বলিউডৰ অভিনেতা আমিৰ খান, অক্ষয় কুমাৰ আৰু বৰুণ ধৱন। ধ্ৰুৱ এজন ফিটনেছ ফ্ৰিক আৰু তেওঁ স্বাস্থ্যকৰ খাদ্য পছন্দ কৰে। ১২ বছৰ বয়সৰ পৰা কোনো ধৰণৰ শীতল পানীয় খোৱা নাই বুলি ইতিমধ্যে বহু ভিডিঅ’ত ঘোষণা কৰিছে৷

সাম্প্ৰতিক পৰিস্থিতি, সামাজিক বিষয়, ৰাজনীতি, বিজ্ঞান, ব্যক্তিগত vlog সম্পৰ্কীয় ভিডিঅ' ধ্ৰুৱে নিজৰ ইউটিউবত শ্বেয়াৰ কৰে। তেওঁৰ এটা পুৰণি ভিডিঅ’ত তেওঁ কয় যে তেওঁৰ দলত তিনিজন গৱেষক, ৬জন সম্পাদক আৰু ২জন লোকে শিৰোনামা লিখে৷এটা ভিডিঅ’ বনাই ধ্ৰুৱে অনুৰাগীসকলক কৈছিল যে ইউটিউব ভিডিঅ’ কেনেকৈ তৈয়াৰ কৰা হয়। ধ্ৰুৱে সকলো কথা সম্পূৰ্ণকৈ বুজাই দিছিল। তেওঁ কয় যে যেতিয়াই তেওঁ ভিডিঅ’ বনায় তেতিয়াই তেওঁ প্ৰথমে চিত্ৰনাট্য প্ৰস্তুত কৰে। সম্পূৰ্ণ গৱেষণা কৰে, তাৰ পাছত প্ৰতিটো শাৰী বাৰে বাৰে পঢ়ে যাতে ভুল নহয়। আৰু এই কাৰণেই তেওঁৰ ১০ মিনিটৰ ভিডিঅ’ ৩-৪ ঘন্টাতহে সাজু হৈ উঠে৷উল্লেখ্য যে ধ্ৰুৱ ৰাঠীৰ নিজা ৱেবচাইটো আছে। তেওঁৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে বাতৰি অনুসৰি তেওঁৰ নেট ৱৰ্থ ৭.৫ কোটি।


ব্যক্তিগত জীৱনৰ কথা যদি উল্লেখ কৰোঁ তেওঁ আৰু তেওঁৰ পত্নী জুলিয়ে ২০১৪ চনত প্ৰথমবাৰৰ বাবে লগ পাইছিল। দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০২১ চনত ভিয়েনাত দুয়ো বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ভাৰতীয় ৰীতি-নীতি অনুসৰি ২০২২ চনত বিবাহপাশত আবদ্ধ হয়। ধ্ৰুৱে পত্নীৰ সৈতে আন এটা ইউটিউব চেনেল চলাই য’ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত কথাবোৰ শ্বেয়াৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু