--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ টেলিভিছন জগতৰ অন্যতম ৰিয়েলিটি শ্ব’ বিগ বছ৷ইয়াৰে অনলাইন সংস্কৰণ ইতিমধ্যে বিগ বছ অ’টিটিয়ে দ্বিতীয় সংস্কৰণত ভৰি দিছে৷  ইতিমধ্যেই ইউটিউবাৰ আৰু অনলাইন জগতৰ চেলিব্ৰিটীসকলে বিগ বছ অ’টিটি ২ত শাৰী পাতিছে। এফালে অভিষেক মালহান, এলভিছ যাদৱ, মনীষা ৰাণী, আস্কা ভাটিয়াৰ দৰে প্ৰভাৱশালী ব্যক্তিয়ে ইতিমধ্যে শ্ব’টোত ধুমুহাৰ সৃষ্টি কৰিছে। আৰু এতিয়া খবৰ আহিছে যে ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ শ্ব’টোত ৱাইল্ড কাৰ্ড এণ্ট্ৰি হ’ব। অৱশ্যে ধ্ৰুৱ ৰাথীৰ প্ৰৱেশ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।

ছচিয়েল মিডিয়াৰ অন্য এটা চেন্সেশনৰ নাম ধ্ৰুৱ ৰাঠী। ইনষ্টাগ্ৰামত তেওঁৰ ১৭ লাখ ফ’ল’ৱাৰ আছে। একে সময়তে ইউটিউবত তেওঁৰ ১ কোটি ১৮ লাখ ছাবস্ক্ৰাইবাৰ আছে। ধ্ৰুৱৰ ঘৰ হাৰিয়ানাত। ধ্ৰুৱৰ জন্ম মধ্যবিত্তীয় পৰিয়ালত। তেওঁৰ ককাক বি এছ এফত আছিল আৰু স্কুলীয়া শিক্ষা হাৰিয়ানাৰ পৰাই কৰিছিল। বৰ্তমান তেওঁৰ বয়স ২৮ বছৰ।

পৰৱৰ্তী সময়ত ধ্ৰুৱে জাৰ্মানীৰ পৰা অভিযান্ত্ৰিকতা শিক্ষা গ্ৰহণ কৰিছিল। ধ্ৰুৱে প্ৰিয় বলিউডৰ অভিনেতা আমিৰ খান, অক্ষয় কুমাৰ আৰু বৰুণ ধৱন। ধ্ৰুৱ এজন ফিটনেছ ফ্ৰিক আৰু তেওঁ স্বাস্থ্যকৰ খাদ্য পছন্দ কৰে। ১২ বছৰ বয়সৰ পৰা কোনো ধৰণৰ শীতল পানীয় খোৱা নাই বুলি ইতিমধ্যে বহু ভিডিঅ’ত ঘোষণা কৰিছে৷

সাম্প্ৰতিক পৰিস্থিতি, সামাজিক বিষয়, ৰাজনীতি, বিজ্ঞান, ব্যক্তিগত vlog সম্পৰ্কীয় ভিডিঅ' ধ্ৰুৱে নিজৰ ইউটিউবত শ্বেয়াৰ কৰে। তেওঁৰ এটা পুৰণি ভিডিঅ’ত তেওঁ কয় যে তেওঁৰ দলত তিনিজন গৱেষক, ৬জন সম্পাদক আৰু ২জন লোকে শিৰোনামা লিখে৷এটা ভিডিঅ’ বনাই ধ্ৰুৱে অনুৰাগীসকলক কৈছিল যে ইউটিউব ভিডিঅ’ কেনেকৈ তৈয়াৰ কৰা হয়। ধ্ৰুৱে সকলো কথা সম্পূৰ্ণকৈ বুজাই দিছিল। তেওঁ কয় যে যেতিয়াই তেওঁ ভিডিঅ’ বনায় তেতিয়াই তেওঁ প্ৰথমে চিত্ৰনাট্য প্ৰস্তুত কৰে। সম্পূৰ্ণ গৱেষণা কৰে, তাৰ পাছত প্ৰতিটো শাৰী বাৰে বাৰে পঢ়ে যাতে ভুল নহয়। আৰু এই কাৰণেই তেওঁৰ ১০ মিনিটৰ ভিডিঅ’ ৩-৪ ঘন্টাতহে সাজু হৈ উঠে৷উল্লেখ্য যে ধ্ৰুৱ ৰাঠীৰ নিজা ৱেবচাইটো আছে। তেওঁৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে বাতৰি অনুসৰি তেওঁৰ নেট ৱৰ্থ ৭.৫ কোটি।


ব্যক্তিগত জীৱনৰ কথা যদি উল্লেখ কৰোঁ তেওঁ আৰু তেওঁৰ পত্নী জুলিয়ে ২০১৪ চনত প্ৰথমবাৰৰ বাবে লগ পাইছিল। দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০২১ চনত ভিয়েনাত দুয়ো বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ভাৰতীয় ৰীতি-নীতি অনুসৰি ২০২২ চনত বিবাহপাশত আবদ্ধ হয়। ধ্ৰুৱে পত্নীৰ সৈতে আন এটা ইউটিউব চেনেল চলাই য’ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত কথাবোৰ শ্বেয়াৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ