--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডত দীপিকা বুলিলে এতিয়া বুলিবৰ নাই। ইখনৰ পাছত সিখন ছুপাৰহিট ছবি উপহাৰ দিয়া দীপিকা সংবাদ শীৰ্ষত থকাটো সাধাৰণ কথা। কিন্তু কেৱল চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবেই নহয় নিজৰ ফেশ্বন আৰু ষ্টাইলৰ বাবেও চৰ্চাত তাকে দীপিকা। প্ৰায়েই দীপিকাৰ চৰ্চাই সজীৱ কৰি ৰাখে বলীউডক। এইগৰাকী দীপিকা পাডুকনে এইবাৰ আকৌ এবাৰ সকলোকে চমকৃত কৰি তুলিছে। এইবাৰ অৱশ্যে কোনো ছবিত কৰা অভিনয় বা কোনো ছবিৰ গ্ৰেণ্ড ছাকচেছৰ বাবে নহয়। দীপিকা চৰ্চাৰ কেন্দ্ৰলৈ আহিছে লাখটকীয়া পোছাকৰ বাবে। দীপিকা পাদুকনে পিন্ধা এযোৰ বিশেষ কাপোৰৰ দামে তেওঁৰ অনুৰাগীসকলৰ চকু কপালত তুলিছে। হওঁতে তেওঁ দীপিকা পাডুকন। লাখটকীয়া কাপোৰ পিন্ধাটো একপ্ৰকাৰ সাধাৰণ কথাই। তথাপি চৰ্চাটো চলিবই। স্বামী ৰণবীৰ সিঙে নিজৰ অহৌবলিয়া আচৰণ আৰু সাজ-পোছাকৰ বাবে যিদৰে চৰ্চাত থাকে ঠিক তাৰ সম্পূৰ্ণ বিপৰীতে দীপিকা তেওঁৰ অভিজাত লুকৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জানিব পৰা মতে সকলো ইভেণ্টৰ বাবে পৃথক পৃথক ডিজাইন আৰু লুক সাজু কৰি ৰাখে দীপিকাই। শেহতীয়াকৈ দীপিকাই প্ৰায় প্ৰতিটো ইভেণ্টতে ব’ল্ড লুকত অৱতাৰ গ্ৰহণ কৰিছে। এইবাৰ বিগ বছতো তাৰ ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা নগ’ল। বিগ বছৰ গ্ৰেড ফিনালেও এক অসাধাৰণ ৰূপেৰে আত্মপ্ৰকাশ কৰিলে দীপিকাই। এযোৰ ৰাতিৰ আন্ধাৰৰ দৰে ক’লা কাপোৰৰ মাজত দীপিকা পূৰ্ণিমাৰ জোনটোৰ দৰে উজলি উঠিছিল বিগ বছৰ মঞ্চত। বিগ বছত দীপিকাৰ লুকক লৈ যিমান চৰ্চা চলিছে সিমানেই ব্যাপক চৰ্চা চলিছে দীপিকাৰ বিশেষ পোছাকযোৰৰ দামক লৈও। বিগ বছৰ মঞ্চত ক’লা বৰণৰ যিযোৰ ছুট ড্ৰেছ পিন্ধি দীপিকাই আত্মপ্ৰকাশ কৰিছিল তাৰ দাম আছিল প্ৰায় ১ লাখ ২৬হাজাৰ টকা। দীপিকাক জোনটোৰ দৰে উজলাই তোলা এই পোছাকযোৰক লৈ চলিছে ব্যাপক চৰ্চা। সদায়ে ভিৰৰ মাজতো জিলিকি থকা এইগৰাকী তাৰকাৰ বাবে এই পোছাকযোৰ বিশেষভাৱে সাজু কৰা হৈছিল বিগ বছৰ মঞ্চৰ বাবেই। ‘ৰামলীলা’ৰ পৰা ‘পিকু’লৈক, ‘বাজিৰাও মস্তানী’ৰ পৰা ‘তামাছা’লৈকে বিভিন্ন চৰিত্ৰত চমকপ্ৰদ অভিনয় কৰা এই দীপিকা পাডুকনৰ অভিনয়ক লৈ নতুনকৈ চৰ্চা কৰিবলগীয়া একো নাই। তেওঁ শেহতীয়াকৈ ড্ৰাগছ সম্পৰ্কীয় গোচৰত জেৰাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পাছত ব্যাপক চৰ্চা চলিছিল। কিন্তু সেই বিতৰ্কই দীপিকাৰ কেৰিয়াৰত যতি পেলোৱা নাই। তেওঁৰ নতুন ছবি ‘গেহৰাইয়া’ অহা ১১ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব। তদুপৰি তেওঁ ‘প্ৰজেক্ট কে’ নামৰ আন এখন ছবিৰ কামতো ব্যস্ত হৈ আছে। শকুন বাত্ৰাই পৰিচালনা কৰা গেহৰাইয়া এই বছৰৰ এখন উল্লেখযোগ্য ছবি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা