--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডত দীপিকা বুলিলে এতিয়া বুলিবৰ নাই। ইখনৰ পাছত সিখন ছুপাৰহিট ছবি উপহাৰ দিয়া দীপিকা সংবাদ শীৰ্ষত থকাটো সাধাৰণ কথা। কিন্তু কেৱল চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবেই নহয় নিজৰ ফেশ্বন আৰু ষ্টাইলৰ বাবেও চৰ্চাত তাকে দীপিকা। প্ৰায়েই দীপিকাৰ চৰ্চাই সজীৱ কৰি ৰাখে বলীউডক। এইগৰাকী দীপিকা পাডুকনে এইবাৰ আকৌ এবাৰ সকলোকে চমকৃত কৰি তুলিছে। এইবাৰ অৱশ্যে কোনো ছবিত কৰা অভিনয় বা কোনো ছবিৰ গ্ৰেণ্ড ছাকচেছৰ বাবে নহয়। দীপিকা চৰ্চাৰ কেন্দ্ৰলৈ আহিছে লাখটকীয়া পোছাকৰ বাবে। দীপিকা পাদুকনে পিন্ধা এযোৰ বিশেষ কাপোৰৰ দামে তেওঁৰ অনুৰাগীসকলৰ চকু কপালত তুলিছে। হওঁতে তেওঁ দীপিকা পাডুকন। লাখটকীয়া কাপোৰ পিন্ধাটো একপ্ৰকাৰ সাধাৰণ কথাই। তথাপি চৰ্চাটো চলিবই। স্বামী ৰণবীৰ সিঙে নিজৰ অহৌবলিয়া আচৰণ আৰু সাজ-পোছাকৰ বাবে যিদৰে চৰ্চাত থাকে ঠিক তাৰ সম্পূৰ্ণ বিপৰীতে দীপিকা তেওঁৰ অভিজাত লুকৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জানিব পৰা মতে সকলো ইভেণ্টৰ বাবে পৃথক পৃথক ডিজাইন আৰু লুক সাজু কৰি ৰাখে দীপিকাই। শেহতীয়াকৈ দীপিকাই প্ৰায় প্ৰতিটো ইভেণ্টতে ব’ল্ড লুকত অৱতাৰ গ্ৰহণ কৰিছে। এইবাৰ বিগ বছতো তাৰ ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা নগ’ল। বিগ বছৰ গ্ৰেড ফিনালেও এক অসাধাৰণ ৰূপেৰে আত্মপ্ৰকাশ কৰিলে দীপিকাই। এযোৰ ৰাতিৰ আন্ধাৰৰ দৰে ক’লা কাপোৰৰ মাজত দীপিকা পূৰ্ণিমাৰ জোনটোৰ দৰে উজলি উঠিছিল বিগ বছৰ মঞ্চত। বিগ বছত দীপিকাৰ লুকক লৈ যিমান চৰ্চা চলিছে সিমানেই ব্যাপক চৰ্চা চলিছে দীপিকাৰ বিশেষ পোছাকযোৰৰ দামক লৈও। বিগ বছৰ মঞ্চত ক’লা বৰণৰ যিযোৰ ছুট ড্ৰেছ পিন্ধি দীপিকাই আত্মপ্ৰকাশ কৰিছিল তাৰ দাম আছিল প্ৰায় ১ লাখ ২৬হাজাৰ টকা। দীপিকাক জোনটোৰ দৰে উজলাই তোলা এই পোছাকযোৰক লৈ চলিছে ব্যাপক চৰ্চা। সদায়ে ভিৰৰ মাজতো জিলিকি থকা এইগৰাকী তাৰকাৰ বাবে এই পোছাকযোৰ বিশেষভাৱে সাজু কৰা হৈছিল বিগ বছৰ মঞ্চৰ বাবেই। ‘ৰামলীলা’ৰ পৰা ‘পিকু’লৈক, ‘বাজিৰাও মস্তানী’ৰ পৰা ‘তামাছা’লৈকে বিভিন্ন চৰিত্ৰত চমকপ্ৰদ অভিনয় কৰা এই দীপিকা পাডুকনৰ অভিনয়ক লৈ নতুনকৈ চৰ্চা কৰিবলগীয়া একো নাই। তেওঁ শেহতীয়াকৈ ড্ৰাগছ সম্পৰ্কীয় গোচৰত জেৰাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পাছত ব্যাপক চৰ্চা চলিছিল। কিন্তু সেই বিতৰ্কই দীপিকাৰ কেৰিয়াৰত যতি পেলোৱা নাই। তেওঁৰ নতুন ছবি ‘গেহৰাইয়া’ অহা ১১ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব। তদুপৰি তেওঁ ‘প্ৰজেক্ট কে’ নামৰ আন এখন ছবিৰ কামতো ব্যস্ত হৈ আছে। শকুন বাত্ৰাই পৰিচালনা কৰা গেহৰাইয়া এই বছৰৰ এখন উল্লেখযোগ্য ছবি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন