--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন আৰু বাহুবলীখ্যাত প্ৰভাস একেলগে শ্বুটিঙত ব্যস্ত হৈ আছে। নাগ অশ্বিনৰ 'প্ৰজেক্ট কে'ত পোন প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে দুই তাৰকা অমিতাভ বচ্চন আৰু প্ৰভাসে। চলচ্চিত্ৰখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনে। একেলগে কাম কৰিবলৈ পাই দুই তাৰকা অতি সুখী হৈ পৰিছে। ইজনে সিজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ কথাও দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত। শেহতীয়াকৈ প্ৰভাসে বিগ বিক ঘৰত ৰন্ধা ব্যঞ্জন খুৱাই লাভ কৰিছে প্ৰশংসা। প্ৰভাসে তেওঁৰ ঘৰৰ পৰা অমিতাভ বচ্চনৰ বাবে বিশেষ ঘৰুৱা খাদ্য প্ৰস্তুত কৰি চিনেমাৰ ছেটলৈ লৈ গৈছিল। অমিতাভ বচ্চনে প্ৰভাসে তেওঁৰ বাবে লৈ যোৱা ঘৰুৱা খাদ্য দেখি 'ছাৰপ্ৰাইজ' হৈছিল আৰু অতি সুখী হৈ পৰিছিল। প্ৰভাসৰ সুস্বাদু খাদ্য খোৱাৰ পিছত অমিতাভ বচ্চনে মনৰ আনন্দত টুইট কৰিছিল। এই টুইটটোত তেওঁ তেওঁৰ অনুৰাগীসকলক কয় যে প্ৰভাসে আজি ঘৰৰ পৰা তেওঁৰ বাবে খাদ্য লৈ আনিছে। বিগ বিয়ে টুইটটোত লিখিছিল-"বাহুবলী প্ৰভাস, আপোনাৰ উদাৰতা জুখিব নোৱাৰি। আজি আপুনি মোলৈ ঘৰত ৰন্ধা খাদ্য লৈ আহিছে। বৰ সোৱাদভৰা আছিল। আপুনি যথেষ্ট খাদ্য আনিছিল, ইমান খাদ্য আনিছিল যে গোটেই সেনাই খাব পাৰিব। বিশেষকৈ কুকিজৰ সোৱাদ আছিল চমৎকাৰ। আপুনি ইমান খাদ্য আনিছিল যে একেবাৰতে এইবোৰ মই হজম কৰিব নোৱাৰাঁ।" শেষৰ কথাটো কওঁতে অমিতাভ বচ্চনে এটা হাঁহিৰ ইম'জীও ব্যৱহাৰ কৰিছে। https://twitter.com/SrBachchan/status/1495491423025897472?s=20&t=lYf54CVGfNyna-2UditjyA ইয়াৰ পূৰ্বেও অমিতাভ বচ্চনে প্ৰভাসক উচ্চ প্ৰশংসা কৰিছিল। অমিতাভ বচ্চনে টুইট কৰি লিখিছিল "প্ৰথম দিন, প্ৰথম শ্বট। বাহুবলী প্ৰভাসৰ সৈতে একলগে প্ৰথমবাৰৰ বাবে থাকিবলৈ পোৱাটো এক সন্মানৰ বিষয়। তেওঁৰ কৰ্মশক্তি, তেওঁৰ প্ৰতিভা, তেওঁৰ নম্ৰতাৰ পৰা বহুখিনি শিকিব পাৰিছোঁ।" ইফালে অমিতাভক লগ পাইয়েই অভিভূত হৈ পৰা প্ৰভাসে তেওঁৰ সপোন পূৰণ হোৱা বুলি নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল৷ উল্লেখ্য যে ছবিখনৰ দৃশ্যগ্ৰহণ হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত কৰা হৈছে৷ চিনেমাখন বৈজয়ন্তী চলচ্চিত্ৰৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। চিনেমাখনক দেশৰ আটাইতকৈ ব্যয়বহুল আৰু ডাঙৰ বাজেটৰ চিনেমাসমূহৰ মাজৰ এখন হিচাপে বিবেচিত হৈছে। 'প্ৰজেক্ট কে'ত দীপিকা পাডুকনেও অভিনয় কৰিছে। আৰু পঢ়কঃ ওজন কমোৱাৰ পৰা ৰক্তহীনতা দূৰ কৰালৈকে বেঙেনাৰ আছে ৫টা চমৎকাৰী গুণ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ