--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন আৰু বাহুবলীখ্যাত প্ৰভাস একেলগে শ্বুটিঙত ব্যস্ত হৈ আছে। নাগ অশ্বিনৰ 'প্ৰজেক্ট কে'ত পোন প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে দুই তাৰকা অমিতাভ বচ্চন আৰু প্ৰভাসে। চলচ্চিত্ৰখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনে। একেলগে কাম কৰিবলৈ পাই দুই তাৰকা অতি সুখী হৈ পৰিছে। ইজনে সিজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ কথাও দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত। শেহতীয়াকৈ প্ৰভাসে বিগ বিক ঘৰত ৰন্ধা ব্যঞ্জন খুৱাই লাভ কৰিছে প্ৰশংসা। প্ৰভাসে তেওঁৰ ঘৰৰ পৰা অমিতাভ বচ্চনৰ বাবে বিশেষ ঘৰুৱা খাদ্য প্ৰস্তুত কৰি চিনেমাৰ ছেটলৈ লৈ গৈছিল। অমিতাভ বচ্চনে প্ৰভাসে তেওঁৰ বাবে লৈ যোৱা ঘৰুৱা খাদ্য দেখি 'ছাৰপ্ৰাইজ' হৈছিল আৰু অতি সুখী হৈ পৰিছিল। প্ৰভাসৰ সুস্বাদু খাদ্য খোৱাৰ পিছত অমিতাভ বচ্চনে মনৰ আনন্দত টুইট কৰিছিল। এই টুইটটোত তেওঁ তেওঁৰ অনুৰাগীসকলক কয় যে প্ৰভাসে আজি ঘৰৰ পৰা তেওঁৰ বাবে খাদ্য লৈ আনিছে। বিগ বিয়ে টুইটটোত লিখিছিল-"বাহুবলী প্ৰভাস, আপোনাৰ উদাৰতা জুখিব নোৱাৰি। আজি আপুনি মোলৈ ঘৰত ৰন্ধা খাদ্য লৈ আহিছে। বৰ সোৱাদভৰা আছিল। আপুনি যথেষ্ট খাদ্য আনিছিল, ইমান খাদ্য আনিছিল যে গোটেই সেনাই খাব পাৰিব। বিশেষকৈ কুকিজৰ সোৱাদ আছিল চমৎকাৰ। আপুনি ইমান খাদ্য আনিছিল যে একেবাৰতে এইবোৰ মই হজম কৰিব নোৱাৰাঁ।" শেষৰ কথাটো কওঁতে অমিতাভ বচ্চনে এটা হাঁহিৰ ইম'জীও ব্যৱহাৰ কৰিছে। https://twitter.com/SrBachchan/status/1495491423025897472?s=20&t=lYf54CVGfNyna-2UditjyA ইয়াৰ পূৰ্বেও অমিতাভ বচ্চনে প্ৰভাসক উচ্চ প্ৰশংসা কৰিছিল। অমিতাভ বচ্চনে টুইট কৰি লিখিছিল "প্ৰথম দিন, প্ৰথম শ্বট। বাহুবলী প্ৰভাসৰ সৈতে একলগে প্ৰথমবাৰৰ বাবে থাকিবলৈ পোৱাটো এক সন্মানৰ বিষয়। তেওঁৰ কৰ্মশক্তি, তেওঁৰ প্ৰতিভা, তেওঁৰ নম্ৰতাৰ পৰা বহুখিনি শিকিব পাৰিছোঁ।" ইফালে অমিতাভক লগ পাইয়েই অভিভূত হৈ পৰা প্ৰভাসে তেওঁৰ সপোন পূৰণ হোৱা বুলি নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল৷ উল্লেখ্য যে ছবিখনৰ দৃশ্যগ্ৰহণ হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত কৰা হৈছে৷ চিনেমাখন বৈজয়ন্তী চলচ্চিত্ৰৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। চিনেমাখনক দেশৰ আটাইতকৈ ব্যয়বহুল আৰু ডাঙৰ বাজেটৰ চিনেমাসমূহৰ মাজৰ এখন হিচাপে বিবেচিত হৈছে। 'প্ৰজেক্ট কে'ত দীপিকা পাডুকনেও অভিনয় কৰিছে। আৰু পঢ়কঃ ওজন কমোৱাৰ পৰা ৰক্তহীনতা দূৰ কৰালৈকে বেঙেনাৰ আছে ৫টা চমৎকাৰী গুণ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু