--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰ ধৰি দূৰদৰ্শনত কাম কৰি আহিছে এইগৰাকী অভিনেত্ৰীয়ে। এসময়ত প্ৰায় সকলো জনপ্ৰিয় ধাৰাবাহিকৰ সহজে বিচাৰি পোৱা মুখ আছিল তেওঁ। ৰিয়েলিটী শ্ব’ৰ মাজতো দেখিবলৈ পোৱা গৈছিল এইগৰাকী সুন্দৰীক। পাছে প্ৰত্যাশা অনুসৰি বলীউডত তেনে প্ৰভাৱ পেলাব নোৱাৰিলে অভিনেত্ৰীগৰাকীয়ে। হয়, কৰিশ্মা তান্নাৰ কথাকে ক’বলৈ লৈছো। বলীউডত প্ৰভাৱ বিস্তাৰ কৰিব নোহাৰিলেও কিন্তু কৰিশ্মা তান্নাক লৈ হ্ৰাস পোৱা নাই কৌতুহল। ৰূপালী পৰ্দাত বিশেষ খ্যাতি অৰ্জন নকৰিলেও বলীউডৰ তৃতীয় পৃষ্ঠাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল কৰিশ্মা। কেতিয়াবা যদি বিখ্যাত সুৰকাৰৰ পুত্ৰৰ সৈতে সম্পৰ্কত থকাৰ খবৰ পোহৰলৈ আহিছিল, কেতিয়াবা আকৌ ‘বিগ বছ’ৰ মঞ্চত নতুন প্ৰেমিকক চুমা খোৱাৰ বাতৰি। আকৌ, সেই একেজন প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগো উত্থাপিত হৈছিল। এবাৰ আনকি কাপোৰ পিন্ধি বাথটাবত শুই থাকোতেও ট্ৰ’লৰ সন্মুখীন হৈছিল কৰিশ্মা। উল্লেখ্য যে, শেহতীয়াকৈ, কৰিশ্মাই তেওঁৰ জীৱনৰ ষষ্ঠগৰাকী প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। চলিত মাহৰ আৰম্ভণিতে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বৰুণ বংগেৰাৰ ডিঙিত বৰমালা পিন্ধাইছে কৰিশ্মাই। অৱশ্যে, এই বিবাহৰ পূৰ্বে কম বিতৰ্কত লিপ্ত হোৱা নাছিল কৰিশ্মা! বলীউডত কোনো ‘গডফাডাৰ’ নাই কৰিশ্মাৰ। গুজৰাটী মধ্যবিত্ত পৰিয়ালৰ ছোৱালীজনী পঢ়িবলৈ গৈছিল মুম্বাইলৈ। মহাবিদ্যালয়ৰ অধ্যয়নৰ মাজতে মডেলিঙৰ কাম আৰম্ভ হৈছিল কৰিশ্মাৰ। বহুতে কয়, ৫ ফুট ৯ ইঞ্চিৰ কৰিশ্মাই এই কামৰ বাবে বিশেষ কষ্ট কৰিবলগীয়া হোৱা নাছিল। কিন্তু এই উচ্চতাই কাল হৈ দেখা দিছিল কৰিশ্মাৰ কেৰিয়াৰত। নায়িকাৰ উচ্চতা নায়কতকৈ বেছি! কৰিশ্মাই বাৰে বাৰে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু হাত সাবটি বহি থকা নাছিল কৰিশ্মা। মডেলিঙৰ পৰা দূৰদৰ্শনৰ পৰ্দালৈ কৰিশ্মাৰ এই উত্তৰণৰ বাবে বৰ বেছি পৰ লগা নাছিল। ২০০১ চনত দৰ্শকে ‘ইন্দু’ক দেখা পাইছিল। ‘কিউকী চাচ ভী কভী বহু থী’ত এটা সৰু চৰিত্ৰতো অভিনয় কৰিছিল কৰিশ্মাই। কৰিশ্মা বাৰে বাৰে দূৰদৰ্শনত আহিছে। কেতিয়াবা ‘এক লড়কী আনজানী চী’, কেতিয়াবা ‘নাগিন-৩’ কেতিয়াবা আকৌ ‘কয়ামত কী ৰাত’। কৰিশ্মাৰ গ্লেমাৰৰ বাবে টিভিৰ সন্মুখত আগ্ৰহেৰে ৰৈ থাকে দৰ্শক। বলীউডত টিভিৰ সেই জনপ্ৰিয়তাৰ জোৱাৰ তুলিব পৰা নাছিল কৰিশ্মাই। ‘দোস্তী: ফ্ৰেণ্ডছ ফৰেভাৰ’ ছবিত অক্ষয় কুমাৰ, ববী দেওল, কৰীণা কাপুৰ আৰু লাৰা দত্তৰ জনপ্ৰিয়তাৰ মাজত মোলান পৰি ৰৈছিল কৰিশ্মা তান্না। ফলস্বৰূপে, তেওঁ সৰুপৰ্দাৰ ওপৰতে গুৰুত্ব দিবলৈ লয়। কৰিশ্মাই দূৰদৰ্শনত ‘বিগ বছ’ বা ‘খতৰো কী খিলাড়ী’ৰ দৰে ৰিয়েলিটী শ্ব’ত কাম কৰিবলৈ লৈছিল। ‘ক’মেডী চাৰ্কাছ’, ‘জাৰা নাটক দীখা’ বা ‘নাচ বলীয়ে’ৰ দৰে অনুষ্ঠানতো দৰ্শকে আদৰি লৈছে অভিনেত্ৰীগৰাকীক। প্ৰেমৰ দিশেৰেও বাতৰিৰ শিৰোনাম দখল কৰি আহিছে কৰিশ্মাই। সদ্যপ্ৰয়াত ডিস্কো কিং বাপ্পী লাহিড়িৰ পুত্ৰ বাপ্পা লাহিড়ি আছিল কৰিশ্মাৰ প্ৰথম প্ৰেম। ৰাজহুৱা স্থানতো দুয়োকে একেলগে কেইবাবাৰো দেখিবলৈ পোৱা গৈছিল। সকলো গুজৱৰ অন্ত ২০১০ চনত দুয়ো আঁতৰি আহিছিল। বাপ্পাৰ পাছত অভিনেতা হানিফ হিলালৰ সৈতে ডেটিং আৰম্ভ কৰিছিল কৰিশ্মাই। 'জোৰ কা ঝাটকা' নামৰ এটা ৰিয়েলিটী শ্ব’ৰ দৃশ্যগ্ৰহণৰ বাবে আৰ্জেণ্টিনালৈ গৈছিল দুয়ো। তাতেই গঢ়ি উঠিছিল সম্পৰ্ক। কিন্তু এটা সময়ত তাৰো মোখনি পৰে। কৰিশ্মাই মুম্বাইৰ এগৰাকী ক্লাবৰ মালিক ৰুষাভ চোকচীৰ সৈতেও সম্পৰ্কৰ পাতনি মেলিছিল। পাছে সেই সময়ত, মডেল তথা অভিনেতা উপেন পেটেল এইগৰাকী অভিনেত্ৰীৰ জীৱনলৈ আহিছিল। 'বিগ-বছ'ৰ অষ্টম ছিজনত উপেন-কৰিশ্মাৰ চুম্বন কেমেৰাত ধৰা পৰিছিল। লগে লগে কৰিশ্মাৰ পৰা বিদায় লৈছিল ৰুষাভ চোকচী। উপেনৰ সৈতে সম্পৰ্কত থকাৰ সময়তে কৰিশ্মাই পুনৰ প্ৰেমত পৰিছিল। অভিনেতা পাৰ্ল ভি পুৰীৰ প্ৰেমত পৰিছিল তেওঁ। অৱশেষত, কৰিশ্মাৰ জীৱনৰ ‘লাকী ছিক্স’ বোধ হয় বৰুণ বাঙ্গাৰাই। দীৰ্ঘদিনীয়া বন্ধুত্বৰ অন্তত ৫ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আবদ্ধ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ