--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰ ধৰি দূৰদৰ্শনত কাম কৰি আহিছে এইগৰাকী অভিনেত্ৰীয়ে। এসময়ত প্ৰায় সকলো জনপ্ৰিয় ধাৰাবাহিকৰ সহজে বিচাৰি পোৱা মুখ আছিল তেওঁ। ৰিয়েলিটী শ্ব’ৰ মাজতো দেখিবলৈ পোৱা গৈছিল এইগৰাকী সুন্দৰীক। পাছে প্ৰত্যাশা অনুসৰি বলীউডত তেনে প্ৰভাৱ পেলাব নোৱাৰিলে অভিনেত্ৰীগৰাকীয়ে। হয়, কৰিশ্মা তান্নাৰ কথাকে ক’বলৈ লৈছো। বলীউডত প্ৰভাৱ বিস্তাৰ কৰিব নোহাৰিলেও কিন্তু কৰিশ্মা তান্নাক লৈ হ্ৰাস পোৱা নাই কৌতুহল। ৰূপালী পৰ্দাত বিশেষ খ্যাতি অৰ্জন নকৰিলেও বলীউডৰ তৃতীয় পৃষ্ঠাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল কৰিশ্মা। কেতিয়াবা যদি বিখ্যাত সুৰকাৰৰ পুত্ৰৰ সৈতে সম্পৰ্কত থকাৰ খবৰ পোহৰলৈ আহিছিল, কেতিয়াবা আকৌ ‘বিগ বছ’ৰ মঞ্চত নতুন প্ৰেমিকক চুমা খোৱাৰ বাতৰি। আকৌ, সেই একেজন প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগো উত্থাপিত হৈছিল। এবাৰ আনকি কাপোৰ পিন্ধি বাথটাবত শুই থাকোতেও ট্ৰ’লৰ সন্মুখীন হৈছিল কৰিশ্মা। উল্লেখ্য যে, শেহতীয়াকৈ, কৰিশ্মাই তেওঁৰ জীৱনৰ ষষ্ঠগৰাকী প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। চলিত মাহৰ আৰম্ভণিতে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বৰুণ বংগেৰাৰ ডিঙিত বৰমালা পিন্ধাইছে কৰিশ্মাই। অৱশ্যে, এই বিবাহৰ পূৰ্বে কম বিতৰ্কত লিপ্ত হোৱা নাছিল কৰিশ্মা! বলীউডত কোনো ‘গডফাডাৰ’ নাই কৰিশ্মাৰ। গুজৰাটী মধ্যবিত্ত পৰিয়ালৰ ছোৱালীজনী পঢ়িবলৈ গৈছিল মুম্বাইলৈ। মহাবিদ্যালয়ৰ অধ্যয়নৰ মাজতে মডেলিঙৰ কাম আৰম্ভ হৈছিল কৰিশ্মাৰ। বহুতে কয়, ৫ ফুট ৯ ইঞ্চিৰ কৰিশ্মাই এই কামৰ বাবে বিশেষ কষ্ট কৰিবলগীয়া হোৱা নাছিল। কিন্তু এই উচ্চতাই কাল হৈ দেখা দিছিল কৰিশ্মাৰ কেৰিয়াৰত। নায়িকাৰ উচ্চতা নায়কতকৈ বেছি! কৰিশ্মাই বাৰে বাৰে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু হাত সাবটি বহি থকা নাছিল কৰিশ্মা। মডেলিঙৰ পৰা দূৰদৰ্শনৰ পৰ্দালৈ কৰিশ্মাৰ এই উত্তৰণৰ বাবে বৰ বেছি পৰ লগা নাছিল। ২০০১ চনত দৰ্শকে ‘ইন্দু’ক দেখা পাইছিল। ‘কিউকী চাচ ভী কভী বহু থী’ত এটা সৰু চৰিত্ৰতো অভিনয় কৰিছিল কৰিশ্মাই। কৰিশ্মা বাৰে বাৰে দূৰদৰ্শনত আহিছে। কেতিয়াবা ‘এক লড়কী আনজানী চী’, কেতিয়াবা ‘নাগিন-৩’ কেতিয়াবা আকৌ ‘কয়ামত কী ৰাত’। কৰিশ্মাৰ গ্লেমাৰৰ বাবে টিভিৰ সন্মুখত আগ্ৰহেৰে ৰৈ থাকে দৰ্শক। বলীউডত টিভিৰ সেই জনপ্ৰিয়তাৰ জোৱাৰ তুলিব পৰা নাছিল কৰিশ্মাই। ‘দোস্তী: ফ্ৰেণ্ডছ ফৰেভাৰ’ ছবিত অক্ষয় কুমাৰ, ববী দেওল, কৰীণা কাপুৰ আৰু লাৰা দত্তৰ জনপ্ৰিয়তাৰ মাজত মোলান পৰি ৰৈছিল কৰিশ্মা তান্না। ফলস্বৰূপে, তেওঁ সৰুপৰ্দাৰ ওপৰতে গুৰুত্ব দিবলৈ লয়। কৰিশ্মাই দূৰদৰ্শনত ‘বিগ বছ’ বা ‘খতৰো কী খিলাড়ী’ৰ দৰে ৰিয়েলিটী শ্ব’ত কাম কৰিবলৈ লৈছিল। ‘ক’মেডী চাৰ্কাছ’, ‘জাৰা নাটক দীখা’ বা ‘নাচ বলীয়ে’ৰ দৰে অনুষ্ঠানতো দৰ্শকে আদৰি লৈছে অভিনেত্ৰীগৰাকীক। প্ৰেমৰ দিশেৰেও বাতৰিৰ শিৰোনাম দখল কৰি আহিছে কৰিশ্মাই। সদ্যপ্ৰয়াত ডিস্কো কিং বাপ্পী লাহিড়িৰ পুত্ৰ বাপ্পা লাহিড়ি আছিল কৰিশ্মাৰ প্ৰথম প্ৰেম। ৰাজহুৱা স্থানতো দুয়োকে একেলগে কেইবাবাৰো দেখিবলৈ পোৱা গৈছিল। সকলো গুজৱৰ অন্ত ২০১০ চনত দুয়ো আঁতৰি আহিছিল। বাপ্পাৰ পাছত অভিনেতা হানিফ হিলালৰ সৈতে ডেটিং আৰম্ভ কৰিছিল কৰিশ্মাই। 'জোৰ কা ঝাটকা' নামৰ এটা ৰিয়েলিটী শ্ব’ৰ দৃশ্যগ্ৰহণৰ বাবে আৰ্জেণ্টিনালৈ গৈছিল দুয়ো। তাতেই গঢ়ি উঠিছিল সম্পৰ্ক। কিন্তু এটা সময়ত তাৰো মোখনি পৰে। কৰিশ্মাই মুম্বাইৰ এগৰাকী ক্লাবৰ মালিক ৰুষাভ চোকচীৰ সৈতেও সম্পৰ্কৰ পাতনি মেলিছিল। পাছে সেই সময়ত, মডেল তথা অভিনেতা উপেন পেটেল এইগৰাকী অভিনেত্ৰীৰ জীৱনলৈ আহিছিল। 'বিগ-বছ'ৰ অষ্টম ছিজনত উপেন-কৰিশ্মাৰ চুম্বন কেমেৰাত ধৰা পৰিছিল। লগে লগে কৰিশ্মাৰ পৰা বিদায় লৈছিল ৰুষাভ চোকচী। উপেনৰ সৈতে সম্পৰ্কত থকাৰ সময়তে কৰিশ্মাই পুনৰ প্ৰেমত পৰিছিল। অভিনেতা পাৰ্ল ভি পুৰীৰ প্ৰেমত পৰিছিল তেওঁ। অৱশেষত, কৰিশ্মাৰ জীৱনৰ ‘লাকী ছিক্স’ বোধ হয় বৰুণ বাঙ্গাৰাই। দীৰ্ঘদিনীয়া বন্ধুত্বৰ অন্তত ৫ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আবদ্ধ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু