--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছলমান খান, বলীউডৰ ছুপাৰষ্টাৰ৷ বৰ্তমান সময়ত তেওঁক নজনা বা নিচিনা মানুহ কোন আছে বুলিলে হয়তো এজনো নোলাব৷ তেওঁৰ জনপ্ৰিয়তা শীৰ্ষত৷ চল্লু ভাইৰ আছে এখনি সুহৃদয়৷ অলপতে পুনৰ ট্ৰেণ্ডিং হোৱা প্ৰয়াত কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ এক সাক্ষাৎকাৰত ছলমান খানে তেওঁক কৰা এক সহায়ৰ বিষয়ে ব্যক্ত কৰে৷ তেওঁ সাক্ষাৎকাৰটোত কৈছিল যে কেনেকৈ ছুপাৰষ্টাৰ খানে এবাৰ তেওঁক কামৰ মন্দাৱস্থাৰ পৰা বাহিৰ কৰাত সহায় কৰিছিল৷ এই পুৰণি সাক্ষাৎকাৰটোত সৰোজে কৈছিল যে, তেওঁ কেনেকৈ কামৰ অভাৱত ঘূৰিছিল৷ তেতিয়া চলচ্চিত্ৰ উদ্যোগত কামৰ অভাৱৰ বাবে তেওঁৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে জলাঞ্জলি দিবলগীয়া হৈছিল। যাৰ ফলত দিশহাৰা হৈ কৰিঅ’গ্ৰাফাগৰাকীয়ে ছলমানৰ ঘৰৰ দুৱাৰদলিত থিয় হৈছিল৷ তেওঁক দেখি ছলমানে আথৌ-বিথৌকৈ বহিব দিছিল৷ বহু কথোপকথনৰ পাছত ছলমানে তেওঁ সুধিছিল আচলতে তেওঁ এতিয়া কি কৰি আছে? সৰোজে তেওঁক কৈছিল যে তেওঁৰ কোনো কাম নাই৷ তেওঁ যুৱ অভিনেত্ৰীসকলক ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিকাই আছে। সেইকথা শুনি ছলমানে তেওঁক হতাশ নহ’বলৈ আৱেদন কৰিছিল৷ লগতে তেওঁ আশ্বাস দিছিল যে, এতিয়াৰেপৰাই তেওঁ কামৰ অভাৱত ভুগিব নালাগে৷ উল্লখ্য যে, সৰোজ খানৰ ২০২০ চনৰ ৩ জুলাইত মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেওঁ৷ পৰৱৰ্তী তিনি দিনত তেওঁৰ অৱস্থা অধিক অৱনতি ঘটিছিল। অৱশেষত নিয়তিৰ আগত হাৰ মানি চিৰবিদায় মাগে কৰিঅ’গ্ৰাফাগৰাকীয়ে৷ তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে ‘এক দো তিন’ আৰু ‘ধক ধক কৰ্ণে লগা’ আৰু বহুতো। ইফালে, ছলমানক পৰৱৰ্তী ছবি ‘টাইগাৰ ৩’ মনীষা শৰ্মাক মুখ্য চৰিত্ৰত অভিনয় কৰাৰ উপৰি কেটৰিনা কাঈফ আৰু ইমৰান হাছমীক সহ-অভিনেতা হিচাপে দেখা যাব। ইয়াৰ উপৰি, তেওঁ পূজা হেগড়েৰ সৈতে ‘কভি ঈদ কভি দেৱালী’ আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে ‘কিক ২’ৰ শ্বুটিং শীঘ্ৰেই আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু