--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছলমান খান, বলীউডৰ ছুপাৰষ্টাৰ৷ বৰ্তমান সময়ত তেওঁক নজনা বা নিচিনা মানুহ কোন আছে বুলিলে হয়তো এজনো নোলাব৷ তেওঁৰ জনপ্ৰিয়তা শীৰ্ষত৷ চল্লু ভাইৰ আছে এখনি সুহৃদয়৷ অলপতে পুনৰ ট্ৰেণ্ডিং হোৱা প্ৰয়াত কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ এক সাক্ষাৎকাৰত ছলমান খানে তেওঁক কৰা এক সহায়ৰ বিষয়ে ব্যক্ত কৰে৷ তেওঁ সাক্ষাৎকাৰটোত কৈছিল যে কেনেকৈ ছুপাৰষ্টাৰ খানে এবাৰ তেওঁক কামৰ মন্দাৱস্থাৰ পৰা বাহিৰ কৰাত সহায় কৰিছিল৷ এই পুৰণি সাক্ষাৎকাৰটোত সৰোজে কৈছিল যে, তেওঁ কেনেকৈ কামৰ অভাৱত ঘূৰিছিল৷ তেতিয়া চলচ্চিত্ৰ উদ্যোগত কামৰ অভাৱৰ বাবে তেওঁৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে জলাঞ্জলি দিবলগীয়া হৈছিল। যাৰ ফলত দিশহাৰা হৈ কৰিঅ’গ্ৰাফাগৰাকীয়ে ছলমানৰ ঘৰৰ দুৱাৰদলিত থিয় হৈছিল৷ তেওঁক দেখি ছলমানে আথৌ-বিথৌকৈ বহিব দিছিল৷ বহু কথোপকথনৰ পাছত ছলমানে তেওঁ সুধিছিল আচলতে তেওঁ এতিয়া কি কৰি আছে? সৰোজে তেওঁক কৈছিল যে তেওঁৰ কোনো কাম নাই৷ তেওঁ যুৱ অভিনেত্ৰীসকলক ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিকাই আছে। সেইকথা শুনি ছলমানে তেওঁক হতাশ নহ’বলৈ আৱেদন কৰিছিল৷ লগতে তেওঁ আশ্বাস দিছিল যে, এতিয়াৰেপৰাই তেওঁ কামৰ অভাৱত ভুগিব নালাগে৷ উল্লখ্য যে, সৰোজ খানৰ ২০২০ চনৰ ৩ জুলাইত মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেওঁ৷ পৰৱৰ্তী তিনি দিনত তেওঁৰ অৱস্থা অধিক অৱনতি ঘটিছিল। অৱশেষত নিয়তিৰ আগত হাৰ মানি চিৰবিদায় মাগে কৰিঅ’গ্ৰাফাগৰাকীয়ে৷ তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে ‘এক দো তিন’ আৰু ‘ধক ধক কৰ্ণে লগা’ আৰু বহুতো। ইফালে, ছলমানক পৰৱৰ্তী ছবি ‘টাইগাৰ ৩’ মনীষা শৰ্মাক মুখ্য চৰিত্ৰত অভিনয় কৰাৰ উপৰি কেটৰিনা কাঈফ আৰু ইমৰান হাছমীক সহ-অভিনেতা হিচাপে দেখা যাব। ইয়াৰ উপৰি, তেওঁ পূজা হেগড়েৰ সৈতে ‘কভি ঈদ কভি দেৱালী’ আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে ‘কিক ২’ৰ শ্বুটিং শীঘ্ৰেই আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ