--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কেইদিনমান পূৰ্বে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল নুছৰত জাহানে। এতিয়া তেওঁৰ দ্বায়িত্বও বহুত। প্ৰতিমুহূৰ্ততে সন্তানক আগুৰি আছে মাতৃ নুছৰতে। বিশাল দ্বায়িত্বভাৰ বহন কৰা নুছৰতে ঢৌতে খৰটো মাৰি নিজ কৰ্মতো মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ ফেচবুকত অভিনেত্ৰীগৰাকীয়ে ফটোশ্বুটৰ ছবি প্ৰচাৰ কৰিছে। অভিনেত্ৰীগৰাকীৰ ফটোসমূহ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰাৰ সমান্তৰালকৈ পুনৰ চৰ্চালৈ আহিছে নুছৰত জাহান। প্ৰসূতিৰ ভাগৰৰ কোনো চিন নাই নুছৰতৰ মুখ-মণ্ডলত। ৰূপ-লাৱণ্যৰে ফুটি উঠিছে নুছৰত। টলিউড গ্ল্যাম গাৰ্ল নুছৰতক দেখা পোৱা গ’ল এক আকৰ্ষণীয় ভংগীত।

অভিনেত্ৰীগৰাকীৰ ছবিখনে দেশবাসীৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। একাংশই নুছৰতক পুনৰ সমালোচনাৰ দৰবাৰত থিয় কৰাইছে। কিছুমানে যদি নুছৰতৰ পোছাকক লৈ প্ৰশ্ন উত্থাপন কৰিছে, আন কিছুমানে শিশুটিিৰ পিতৃৰ নাম সুধি উপহাস কৰিছে। কিন্তু ডেমকেয়াৰ নুছৰত। ট্ৰ’লকেন্দ্ৰিক কথা-বাৰ্তাক কেৰেপ নকৰা অভিনেত্ৰীগৰাকীয়ে স্বচ্ছন্দে কৰি গৈছে নিজৰ কাম। উল্লেখ্য যে, ২৬ আগষ্টত মাদাৰ টেৰেছাৰ জন্মদিনৰ দিনাখনে এটা পুত্ৰসন্তান জন্ম দিছিল নুছৰত জাহানে। নৱজাতকটিৰ ওজন আছিল ২.৯ কিলোগ্ৰাম। নৱজাকতটিৰ পিতৃ কোন তাকে লৈ সমালোচনাৰ সন্মুখীন হৈছিল নুছৰত। নুছৰতৰ সমৰ্থনত মাত মাতিছিল বিশিষ্ট সাহিত্যিক তছলিমা নাছৰিনে। সেয়া অতীত হ’লেও সামাজিক মাধ্যমত অভিনেত্ৰী গৰাকীৰ প্ৰৱেশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে, এই বিতৰ্কক লৈ কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে অভিনেত্ৰীগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ