--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে দেশত প্ৰযোজ্য হ’ব পাৰে নাগৰিকত্ব সংশোধনী আইন বা কা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আজি নিশাই জাৰি হ’ব পাৰে কাৰ অধিসূচনা। সেইমৰ্মে অসমকে ধৰি সমগ্ৰ দেশতে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। 

 বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আজি সন্ধিয়াৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত দেশবাসীক উদ্দ্যেশি এক বিবৃতি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।  লোকসভা নিৰ্বাচন ২০২৪ ঘোষণাৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাই আছে।নাগৰিকত্ব সংশোধনী আইনে  হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ অ-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে, যিসকলে ৩১  ডিচেম্বৰ, ২০১৪-ৰ আগতে ভাৰতত বসতি স্থাপন কৰিছিল। 

 বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ডিচেম্বৰ মাহত নানান বাদ-প্ৰতিবাদৰ মাজেৰে সংসদত গৃহীত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিয়েও ইয়াত অনুমোদন লাভ কৰিছিল। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও কৈ আহিছে যে  কা শীঘ্ৰে  কাৰ্যকৰী কৰা হ’ব আৰু  লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন জাননী জাৰি কৰা হ'ব। 

(প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। পৰৱৰ্তী সময়ত আমি এই বিষয়ত হোৱা সকলো শেহতীয়া  খবৰ আপোনালোকক জনাই থাকিম। মাথো চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত) 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ