--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে দেশত প্ৰযোজ্য হ’ব পাৰে নাগৰিকত্ব সংশোধনী আইন বা কা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আজি নিশাই জাৰি হ’ব পাৰে কাৰ অধিসূচনা। সেইমৰ্মে অসমকে ধৰি সমগ্ৰ দেশতে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। 

 বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আজি সন্ধিয়াৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত দেশবাসীক উদ্দ্যেশি এক বিবৃতি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।  লোকসভা নিৰ্বাচন ২০২৪ ঘোষণাৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাই আছে।নাগৰিকত্ব সংশোধনী আইনে  হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ অ-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে, যিসকলে ৩১  ডিচেম্বৰ, ২০১৪-ৰ আগতে ভাৰতত বসতি স্থাপন কৰিছিল। 

 বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ডিচেম্বৰ মাহত নানান বাদ-প্ৰতিবাদৰ মাজেৰে সংসদত গৃহীত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিয়েও ইয়াত অনুমোদন লাভ কৰিছিল। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও কৈ আহিছে যে  কা শীঘ্ৰে  কাৰ্যকৰী কৰা হ’ব আৰু  লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন জাননী জাৰি কৰা হ'ব। 

(প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। পৰৱৰ্তী সময়ত আমি এই বিষয়ত হোৱা সকলো শেহতীয়া  খবৰ আপোনালোকক জনাই থাকিম। মাথো চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত) 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু