--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আকৌ এবাৰ বলিছে সুখৰ বতাহ। উদ্যান খনত দক্ষিণ আফ্ৰিকাৰ পৰা অনা  গামিনী নামৰ  এজনী চিতাই  পাঁচটা পোৱালি জন্ম দিছে। পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে  এই ভাল খবৰটো ৰাজহুৱা কৰিছে। ফলত ভাৰতত জন্ম হোৱা চিতা পোৱালিৰ সংখ্যা১৩ টালৈ  লৈ বৃদ্ধি পাইছে । পোৱালিকে ধৰি ভাৰতত থকা মুঠ চিতাৰ সংখ্যা হৈছে ২৬ টা। 

বনমন্ত্ৰীগৰাকীয়ে কয় "মাইকী চিতাজনী  দক্ষিণ আফ্ৰিকাৰ চাৱালু কালাহাৰী ৰিজাৰ্ভৰ অনা হৈছিল।  সকলোকে অভিনন্দন, বিশেষকৈ বন বিষয়া, পশু চিকিৎসক আৰু ক্ষেত্ৰ কৰ্মচাৰীৰ দলক যিসকলে  চিতাৰ বাবে এক অনুকূল পৰিৱেশ নিশ্চিত কৰিছে। সকলোৰে প্ৰচেষ্টাত সফলতাৰে পোৱালি কেইটাৰ জন্ম হৈছে। '
 ইয়াৰ পূৰ্বে চলিত বছৰৰ ২০ জানুৱাৰীত নামিবিয়াৰ পৰা অনা চিতাই  তিনিটা পোৱালিৰ জন্ম দিছিল। কেইসপ্তাহমান আগতে  ৩ জানুৱাৰীত আশা নামৰ আন এটা নামিবিয়াৰ চিতায়ো  তিনিটা পোৱালি  জন্ম দিছিল। একেদৰে  শৌৰ্য নামৰ আন এটা প্ৰাপ্তবয়স্ক নামিবিয়াৰ পৰা অনা  চিতাৰ    কুনোত মৃত্যু হৈছিল। মন কৰিব লগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিতা ভাৰতৰ অৰণ্যলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছিল। 

সেই প্ৰকল্প অনুসৰি, ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা ভাৰতলৈ অনা হৈছিল। ২০২৩ চনৰ ১২  ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২  টা চিতা ভাৰতলৈ অনা হৈছিল। সেই চিতাবোৰক  মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হৈছে। কিন্তু যোৱা কেইমাহমানত, কুনোৰ পৰা এটাৰ পিছত এটা কৈ চিতাৰ মৃত্যুৰ খবৰ আহিছে। চিতাৰ ডিঙিত লগাই দিয়া  ৰেডিঅ' কলাৰক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়েও এই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত চিতাৰ মৃত্যুৰ বাবে ভৰ্ৎসনাৰ সন্মুখীন হ'ব লগা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু