--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আকৌ এবাৰ বলিছে সুখৰ বতাহ। উদ্যান খনত দক্ষিণ আফ্ৰিকাৰ পৰা অনা  গামিনী নামৰ  এজনী চিতাই  পাঁচটা পোৱালি জন্ম দিছে। পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে  এই ভাল খবৰটো ৰাজহুৱা কৰিছে। ফলত ভাৰতত জন্ম হোৱা চিতা পোৱালিৰ সংখ্যা১৩ টালৈ  লৈ বৃদ্ধি পাইছে । পোৱালিকে ধৰি ভাৰতত থকা মুঠ চিতাৰ সংখ্যা হৈছে ২৬ টা। 

বনমন্ত্ৰীগৰাকীয়ে কয় "মাইকী চিতাজনী  দক্ষিণ আফ্ৰিকাৰ চাৱালু কালাহাৰী ৰিজাৰ্ভৰ অনা হৈছিল।  সকলোকে অভিনন্দন, বিশেষকৈ বন বিষয়া, পশু চিকিৎসক আৰু ক্ষেত্ৰ কৰ্মচাৰীৰ দলক যিসকলে  চিতাৰ বাবে এক অনুকূল পৰিৱেশ নিশ্চিত কৰিছে। সকলোৰে প্ৰচেষ্টাত সফলতাৰে পোৱালি কেইটাৰ জন্ম হৈছে। '
 ইয়াৰ পূৰ্বে চলিত বছৰৰ ২০ জানুৱাৰীত নামিবিয়াৰ পৰা অনা চিতাই  তিনিটা পোৱালিৰ জন্ম দিছিল। কেইসপ্তাহমান আগতে  ৩ জানুৱাৰীত আশা নামৰ আন এটা নামিবিয়াৰ চিতায়ো  তিনিটা পোৱালি  জন্ম দিছিল। একেদৰে  শৌৰ্য নামৰ আন এটা প্ৰাপ্তবয়স্ক নামিবিয়াৰ পৰা অনা  চিতাৰ    কুনোত মৃত্যু হৈছিল। মন কৰিব লগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিতা ভাৰতৰ অৰণ্যলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছিল। 

সেই প্ৰকল্প অনুসৰি, ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা ভাৰতলৈ অনা হৈছিল। ২০২৩ চনৰ ১২  ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২  টা চিতা ভাৰতলৈ অনা হৈছিল। সেই চিতাবোৰক  মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হৈছে। কিন্তু যোৱা কেইমাহমানত, কুনোৰ পৰা এটাৰ পিছত এটা কৈ চিতাৰ মৃত্যুৰ খবৰ আহিছে। চিতাৰ ডিঙিত লগাই দিয়া  ৰেডিঅ' কলাৰক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়েও এই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত চিতাৰ মৃত্যুৰ বাবে ভৰ্ৎসনাৰ সন্মুখীন হ'ব লগা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ